সমললৈ যাওক

চুহুন্মুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চুহুংমুংৰ পৰা পুনঃনিৰ্দেশিত)
চুহুংমুং
দিহিঙীয়া ৰজা
চাওফা

ৰাজত্ব ১৪৯৩-১৪৯৭
সম্পূৰ্ণ নাম
চাওফা চ্যু-হুন-মুং
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

চুহুংমুং বা চাওফা চ্যু-হুন-মুং আহোম ৰাজ্যৰ চতুৰ্দশ স্বৰ্গদেউ। চুপিম্‌ফা (১৪৯৩-১৪৯৭ খ্ৰীঃ)ৰ মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুধৰ্মৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেও উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ বকতাত ৰাজধানী পাতিছিল। [1][2][3][4]

শাসনকাল

[সম্পাদনা কৰক]
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

স্বৰ্গদেৱ চুহুন্মুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যাদাৰে বৰপাত্ৰগোহাঁ‌ই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে শদিয়া, হাবুং, দিহিং আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই, ভটিয়লীয়া গোহাঁই, দিহিঙীয়া গোহাঁই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।[4][2]

এওঁৰ দিনতে কছাৰী ৰাজ্যৰ দেৰগাঁও, মৰঙ্গী (বৰ্তমানৰ যোৰহাট আৰু গোলাঘাট) অংশ, বাৰ-ভূঞাৰ ৰাওটা-তেমনী (দৰং-নগাঁও)‌ আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।[2] ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী মূলাগাভৰুও ৰণত পৰে। পিছত সেই ঠাইতে কনচেং বৰপাত্ৰগোঁহাইৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই কৰতোৱা নদী দুই ৰাজ্যৰ সীমা হয়।

চুহুন্মুঙৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোৱা দ'ল, কৰতোৱা পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।[2][3]

১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰে।[4]

এইজনা স্বৰ্গদেৱৰ দিনৰ পৰাই অসমত শকাব্দ বা 'শঁকাদিত্যৰ শঁক'ৰ প্ৰচলন হয়।[5]

১৪৯৭ খ্ৰীঃত বৰকোঁৱৰ চুক্লেণমুঙৰ ষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্ৰাণ হেৰুৱায়।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্ৰবন্ধ পেৰাগ্ৰাফ ২; ৭০, ৭১ প্ৰ: পে: ৬) - ড॰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগৰদ্বাৰা প্ৰকাশিত)
  2. 1 2 3 4 5 অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্ৰ:পে: ১; ১৯৮, ২০৪, ২০৫ প্ৰ:পে: ৩) - ড॰ লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্ৰকাশিত। পঞ্চম প্ৰকাশ ১৯৮৭)
  3. 1 2 টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্ৰ:পে: ৪) - ড॰ লীলা গগৈ (১৯৮৫ চনত ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত। চতুৰ্থ সংস্কৰণ ১৯৯৪)
  4. 1 2 3 ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্ৰ:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আৰ্য বিদ্যাপীঠ কলেজ), হৰি প্ৰসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্ৰকাশিত, মে' ১৯৮৬)
  5. বৰবৰুৱা, হিতেশ্বৰ (১৯৮১) আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, ২য় প্ৰকাশ-১৯৯৭, পৃষ্ঠা- ৪৬