মূলা গাভৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মূলাগাভৰুৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
মূলা গাভৰু

মূলা গাভৰু এগৰাকী আহোম যুগৰ সাহসী নাৰীৰ ভিতৰত এগৰাগী অন্যতম নাৰী। মূলা গাভৰুৱে মুছলমান সেনাৰ বিৰুদ্ধে যুঁজ দি সাহসৰ পৰিচয় দিছিল। ১৫২৮ ৰ পৰা ১৫৩২ খ্ৰীষ্টাব্দলৈ চাৰি বছৰ মুছলমান সেনাই দুবাৰকৈ অসম দেশ আক্ৰমণ কৰিছিল। ১৫২৭ চনত স্বামীৰ মৃত্যুৰ পাছত ৫ বছৰ মূলা গাভৰুৱে যুদ্ধৰ প্ৰাৰম্ভিক কৌশল আয়ত্ব কৰিছিল। ১৫৩২ চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰোতে মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল। আহোম নাৰী যুঁজ দিবলৈ যোৱা দেখি সকলো আহোম সৈন্য দুগুণে উত্‍সাহিত হৈ জয় আহোমৰ জয় ধ্বনিৰে শত্ৰু সৈন্যৰ ওপৰত জপিয়াই পৰিছিল। মূলা গাভৰুৰ যুদ্ধৰ সতীৰ্থ হৈছিল মুহিলা, জয়ন্তী, পমিলা, ললিতা আদি গাভৰু সকল।

অহোম ৰাজ্য ৰক্ষা[সম্পাদনা কৰক]

মুছলমান সকলে আহোম ৰাজ্য আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চুহুংমুং বা স্বৰ্গনাৰায়ণ। তেতিয়ালৈ মুছলমানে পঞ্চমবাৰ আহোম ৰাজ্য আক্ৰমন কৰিছিল। ফ্ৰাচেনমুং বৰগোহাঁয়ে শুনিলে যে আহোমৰ ৰাজমন্ত্ৰী খুনলুঙ্গ বৰগোহাঁই আদিকে ধৰি বহু আহোম বীৰে মুছলমানৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱাইছে। এই কথা বৰগোহাঁয়ে আহি মূলা গাভৰুক কোৱাত, মূলাই কৈছিল--কি কাজ প্ৰাণত নালাগে? যি প্ৰাণ দেশৰ কামত দেশৰ দুৰ্দিনত? অসমৰ আকাশ ঘোৰ মেঘাচ্ছন্ন । যোৱা স্বামী যুঁজ দিয়া আৰু শত্ৰু সৈন্যক খেদি অসমৰ স্বাধীনতা অক্ষয় ৰাখা। মূলাৰ কথাত স্বামী বৰগোহাঁয়ে য়ুঁজ দিয়াৰ সাহস পাই পত্নীক উদ্দেশ্যি ---তোমাৰ দৰে শক্তিৰূপা মূৰ্ত্তিমতী যাৰ পত্নী, তেওঁৰ জীৱনত কোনো ধৰণৰ ভয় নাই , চিন্তা নাই পৰাজয়ৰ। তুমি আজি মোক যি সাহস দিছে তাৰ ফলত তোমাৰ নাম যুগ-যুগান্তৰলৈ থাকিব। মৃত্যু আৰু জীৱনতকৈ বহু ডাঙৰ স্বাধীনতা অথবা দেশপ্ৰেম। স্বামীৰ লগত মূলাও যুদ্ধক্ষেত্ৰলৈ যাবলৈ খেদ ধৰাত স্বামীয়ে তেওঁক কৈছিল --যে য়ুদ্ধক্ষেত্ৰ নাৰীৰ বাবে নহয়, তুমি মোৰ অদ্ধাৰ্ঙ্গিনী, কিন্তু যুদ্ধৰ কথা বেলেগ। তাৰ পাছত মূলা স্বামীৰ যাত্ৰাপথত থিয় হৈ বাধাও দিব নোৱাৰে। বৈ থোৱা কাপোৰ পেৰাত নাই, বৈ দিবও নোৱাৰে, গা- বিধুতি। আজানিত আশঙ্কাত মূলা গাভৰুৰ হৃদয় কঁপনি উঠিছিল।

কবচ কাপোৰ আহোম সৈন্যৰ আত্মৰক্ষাৰ কৱচ। বিয়াৰ চকলং কৰোতে কইনাই দৰাৰ হাতত হেংদাং তুলি দি কয়- এই অস্ত্ৰেৰে নিজৰ দেশ, নিজৰ পুত্ৰ-ভাৰ্যা, ঐশ্বৰ্য আৰু আত্মৰক্ষা কৰিবলৈ সমৰ্থ হওক। দৰাই এশএগছি জ্বলন্ত চাকিক সাক্ষী কৰি দেশ-জাতি-পুত্ৰ ভাৰ্যা আৰু আত্মৰক্ষা কৰিবলৈ হাতত হেংদাং লৈ সঙ্কল্প গ্ৰহন কৰে। একে ৰাতিৰ ভিতৰতে কপাহ নেওথি, পাঁজি-বাটি, সূতা কাটি , তাঁত লগাই, বৈ উলিয়াব লাগে কৱচ কাপোৰ। এই আনাকটা কাপোৰখন লেংডন দেৱতা আৰু উপৰি পুৰুষক সুঁৱৰি লব লাগে। এই কাপোৰ খন টঙালি স্বৰূপে ব্যৱহাৰ কৰে, কৱচ কাপোৰ গাত থাকিলে আহোম সৈন্যই নিজকে অজেয় বুলি ভাবে। এই গভীৰ বিশ্বাস আৰু দৃঢ়তাৰেই খনে খনে ৰণত বিজয়ী হৈ আহোম সৈন্যই ৰাজ্যৰ সমৃদ্ধি বৃদ্ধি কৰিছিল।

মূলা গাভৰুৱে বঙহৰদেওক লগত কৱচ দি পঠিয়াব নোৱাৰিলে। ফ্ৰাচেংমুং যুদ্ধলৈ যোৱাৰ সাত দিনৰ পাছত মূলাই খৱৰ পালে তেওঁৰ স্বামী আৰু ইহজগতত নাই। শোকত ভাগি পৰিছিল, কিন্তু প্ৰতিজ্ঞাবদ্ধ হ'ল যে যি সকলে তেওঁৰ স্বামীক হত্যা কৰিছে, যিসকলে আহোমৰ স্বাধীনতা হস্তগত কৰিবলৈ উঠি পৰি লাগিছে, সেই শত্ৰু সেনাৰ বিৰুদ্ধে তেওঁ যুঁজ দিবলৈ যাব। সেয়া আছিল মুছলমান সকলে পঞ্চম বাৰ আহোম ৰাজ্য আক্ৰমণ। সেই যুদ্ধত মূলা গাভৰুৰ স্বামী চাও ফ্ৰাচেংমুঙৰ মৃত্যু হৈছিল। তাৰ পাছত যুদ্ধ ক্ষেত্ৰলৈ গল মূলা, লগত সতীৰ্থ আছিল মুহিলা, জয়ন্তী, পমিলা, আৰু ললিতা। চাৰিদিন একেৰাহে যুদ্ধ কৰি মূলাই হাতত হেংদাং লৈ বহু শত্ৰু সৈন্যক হত্যা কৰিলে। চতুৰ্থ দিনা মূলাৰ দেখা হল মুছলমান সেনাপতি তুৰ্বকৰ সৈতে। স্বামী হত্যাকাৰী তুৰ্বকক দেখি গৰজী উঠিল। দুয়োৰে মাজত হেংদাঙেৰে তয়াময়া ৰণ লাগিল। সেইসময়তে তুৰ্বকৰ এক পাঠান যুদ্ধাই অলক্ষিতে আহি মূলাৰ বুকুৰ মাজেৰে শেল মাৰিলে। মূলা ঢলি পৰিল, যুদ্ধক্ষেত্ৰ তেজেৰে তুমুৰলি হল।

মূলাৰ মৃত্যুৰ পাছত নতুন শক্তিৰে জাগি উঠিছিল আহোম সৈন্য। কনচেং বৰপাত্ৰগোঁহাইৰ নেতৃত্বত আহোম সৈন্যই দিকৰাই মুখৰ ৰণত মুছলমানক পৰাস্ত কৰে আৰু তুৰ্বকক হত্যা কৰে। মূলা গাভৰুৰ পতি প্ৰেম, দেশপ্ৰেম নাৰী সমাজৰ উদাহৰণ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]