অনাকটা কাপোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অনাকটা কাপোৰ কোনো অস্ত্ৰ-শস্ত্ৰৰে নকটাকৈ তাঁতশালৰপৰা উলিয়াই অনা কাপোৰেই অনাকটা (কা, আনাকাটা) কাপোৰ। এই কাপোৰ তাঁতশালত এবাৰত মাত্ৰ এখনেই বোৱাটো নিয়ম। সাধাৰণতে কাতি, পুহ আৰু চ'ত মাহত মঙ্গল, শনি আৰু ৰবিবাৰে অমাৱস্যা তিথিত এই কাপোৰৰ বাটি নাকাঢ়ে, কাপোৰো নবয়। উকা আৰু ফুলাম উভয়বিধ কাপোৰৰে প্ৰচলন আছে যদিও ফুলাম অনাকটাৰ প্ৰয়োগ প্ৰচুৰ বোৱা হোৱাৰ পিছত চাৰি বাটি (জাকি) ব’ সূতা নকটাকৈ শালৰ ওপৰতে উঘা অথবা চেৰেকীত লৈ কাপোৰখন উলিয়াই আনি দফালৰ ওলমি থকা ‘দহি’ বোৰ চালে চকুৰোৱাকৈ জালৰ দৰে গুঠি পেলায়। অসমীয়া সংস্কৃতিত অনাকটা কাপোৰৰ স্থান বিশিষ্ট। বিয়াৰ দিনা দৰা-কইনাই অনাকটা ‘তেল পাতনি’বস্ত্ৰ পৰিধান কৰাটো এটা সাধাৰণ দস্তুৰ। কইনাৰ চাদৰ অথবা শাৰী আৰু দৰাৰ ধুতিৰ লগতে চেলেং-চাদৰ সদায় অনাকটা হোৱা বাঞ্ছনীয়। দাই কলৰ গুৰিত গা ধুই অনাকটা কাপোৰেৰে গা মোচে। ঘটত মেৰিয়াই থোৱা সৰু কাপোৰখনো অনাকটা। নান্দীমুখ শ্ৰাদ্ধৰ কালত চাৰিটা কলপুলি পুতি তাত এখনি অনাকটা ফুলাম চাদৰ মেৰিয়াই দিয়াটো নিয়ম। দৰা বৰণ আৰু লগুণ গাঁঠি বন্ধা কামতো অনাকটা গামোচা ব্যৱহাৰ হয়। বিয়াৰ পিছদিনা কইনাই দৰাঘৰ গছকিবলৈ যাওঁতে কলৰ গুৰিৰপৰা দৰাঘৰলৈ যোৱা পথ ছোৱাত এখনি অনাকটা কাপোৰ পাৰি দিয়া বিধেয়।[1]

প্ৰথম সন্তান সম্ভৱা বিবাহিতা স্ত্ৰীক অনাকটা বস্ত্ৰ নিদিলেই নহয়। উত্তৰ কামৰূপত এই অনাকটা কাপোৰখিনিক কোৱা হয় আকল। এই আকলখনি কোনো কোনো অঞ্চলত উকাকৈ আৰু আন কোনো অঞ্চলত ৰঙীন পাৰি দি ফুলামকৈ বোৱা দেখা যায়। নৱজাতকৰ গাত দিয়া প্ৰথমখন বিহুৱান সৰ্বদা অনাকটা হোৱা বাঞ্ছনীয়। শিশুৰ অন্ন প্ৰসন্ন, কাণ বিন্ধোৱা প্ৰভৃতি অনুষ্ঠানতো এইবিধ কাপোৰ আগবঢ়ায়। মৃতকৰ শ্ৰাদ্ধকালত শ্ৰাদ্ধকতাই অনাকটা ধুতি-গামোচা আৰু চেলেং পৰিধান কৰে। গীতা-ভাগৱত প্ৰভৃতি পাঠৰ কালত গুৰিবন্ধা চটাই বা ঢাৰিত অনাকটা কাপোৰ পাৰি দি তাতে পাঠকক বহিবলৈ দিয়াতো নিয়ম।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 অসমৰ সংস্কৃতি কোষ, সম্পাদক-ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, পৃষ্ঠা-৪, দ্বিতীয় প্ৰকাশ