বাথৌ পূজা
বাথৌ পূজা | |
---|---|
![]() | |
ঠাই | অসম, ভাৰত |
অংশগ্ৰহণকাৰী | বড়ো আৰু কছাৰী |
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী[1] জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান[2]। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা[3]। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়।
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Assam General Knowledge - Google Books". Books.google.co.in. http://books.google.co.in/books?id=reuQbFK9Rz4C&pg=PA96&lpg=PA96&dq=Bathow+Puja&source=bl&ots=4vffTvLqHJ&sig=jXdrbd6KM-yhITiKTO7yTwHG8t8&hl=en&sa=X&ei=69w9UdvgIMLtrQerpYDAAg&ved=0CGoQ6AEwCQ#v=onepage&q=Bathow%20Puja&f=false। আহৰণ কৰা হৈছে: 2013-03-11.
- ↑ "Bathow Festival of Assam - Assam State". Assamspider.com. 2011-08-26. http://www.assamspider.com/resources/3920-Bathow-Festival-Assam.aspx। আহৰণ কৰা হৈছে: 2013-03-11.
- ↑ "Tribes_of_assam - Assam Online Portal". Online.assam.gov.in. http://online.assam.gov.in/tribes_of_assam। আহৰণ কৰা হৈছে: 2013-03-11.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Bathow Festival of Bodo Tribes for Good Health, Peace and Progress in India, demotix.com. access date: March 11, 2013.
- Bathow Puja, colors.hostoi.com, access date: March 11, 2013.
|