ইবাঁকু বিচু

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইবাঁকু বিচু
ইবাঁকু বিচু
দেউৰী বিহু নৃত্য শিল্পী
সম্পূৰ্ণ নাম ইবাঁকু বিচু
পালন কৰে অসমদেউৰী সম্প্ৰদায়
প্ৰকাৰ বসন্ত উৎসৱ
কৃষিভিত্তিক উৎসৱ
ভাৰতীয় উৎসৱ
তাৰিখ ব’হাগ মাহৰ প্ৰথম বুধবাৰ পৰা সাতদিন ধৰি উদযাপন কৰা হয়

ইবাঁকু বিচু অসমদেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ। ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়।

কাৰ্য্যক্ৰম[সম্পাদনা কৰক]

দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসব পালন কৰে। তেওঁলোকে পালন কৰা এই উৎসৱটোক 'ইবাঁকু বিচু' (ব’হাগ বিহুৰ সমতুল্য) নামেৰে জনা যায়। সাতদিন ধৰি এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ ব’হাগৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। তেওঁলোকৰ পূজা-অৰ্চনা কৰাৰস্থল দেওঘৰত সেইদিনা বিশেষ পূজা কৰা হয়। সেই দিনটোক বিচুৰ (বিহুৰ) উৰুকা হিচাবে পালন কৰা হয়। দেওঘৰত সেই দিনা তেওঁলোকৰ উপাস্য দেৱতা কুন্দিমামা, পিচাদেমা, পিচাচি দেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ-দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাবে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা-গাভৰু (দেউৰী ভাষাত মিৰা-মিৰাচি) সকলে নৃত্য-গীত কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহমালহৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক বিচু উৰুৱাবা (দেউৰী ভাষা) বোলে। সেইদিনা দেওঘৰত বিচু (দেউৰী ভাষা) মৰাৰ পিচত বৰদেউৰীয়ে যেতিয়া নিদেৰ্শ দিব তেতিয়া বিচুত অংশ গ্ৰহণ কৰা সকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ বৰদেউৰীৰ ঘৰত, গাঁৱৰ মুখিয়াল সকলৰ ঘৰত অলপ অলপ সময়ৰ বাবে বিচু মাৰি গাঁৱৰ পূৱৰ পৰা পশ্চিমলৈ বিচু মাৰি যাত্ৰা কৰে। আৰু শেষত এক মুকলি পথাৰত বিচুক অহা বছৰ পুনৰ লগ পোৱাৰ আশাৰে এক শেষ নাচ নাচি বিদায় জনায়।

তাৎপৰ্য্য[সম্পাদনা কৰক]

দেউৰী সমাজ আৰু জনজীৱনৰ এই উৎসৱৰ ওতপ্ৰোত সম্পৰ্ক আছে। অসমৰ অন্যান্য কৃষিভিত্তিক জনগোষ্ঠীৰ দৰেই ইয়াক বিহু হিচাপে পালন আৰু সন্মান কৰা হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]