বাঁহ-গোসাঁই উৎসৱ
বাঁহ-গোসাঁই উৎসৱ অসমৰ এটা জনজাতীয় জনগোষ্ঠী শৰণীয়া কছাৰী লোকসকলৰ এক কৃষিমূলক লোক-উৎসৱ।[1]
অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকলে এই উৎসৱ বাৰ্ষিকভাৱে অনুষ্ঠিত কৰি আহিছে।
বাঁহ-গোসাঁই উৎসৱ ব'হাগ মাহত আয়োজন কৰা হয়। শৰণীয়া কছাৰীসকলৰ জীৱনধাৰা কৃষিকৰ্ম আৰু লোকশিল্পকলাৰ সৈতে জড়িত। কছাৰীমূলীয় এই জনগোষ্ঠীটোৱে জনজাতীয় ধৰ্মীয় পৰম্পৰা এৰি প্ৰথমে বৈদিক বামুণীয়া পৰম্পৰা আৰু পোন্ধৰ-ষোল শতিকাত শংকৰী ধৰ্মীয় পৰম্পৰা গ্ৰহণ কৰি শৰণীয়া পৰিচিতি লাভ কৰাৰ পাছতো তেওঁলোকৰ লোকজীৱনৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা অব্যাহত থাকিল। মূলতঃ বড়ো, কোচ, ৰাভা, মদাহি আদি জনগোষ্ঠীৰ জীৱনধাৰাৰ সৈতে সম্পৰ্কিত শৰণীয়া কছাৰীসকলে যি সাংস্কৃতিক পৰম্পৰা পালন কৰে তাত কৃষি আৰু ঘৰুৱা শিল্পকৰ্মৰ সৈতে বাঁহে গুৰুত্ব লাভ কৰি আহিছে। সেয়ে শৰণীয়া কছাৰী বিহুৰ বিভিন্ন পৰম্পৰা আৰু পৰিবেশন পদ্ধতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ উপৰিও বাঁহক মুখ্যস্থান দি ধৰ্মীয় পৰম্পৰাভিত্তিক বাঁহ-গোসাঁই উৎসৱ পালন কৰি আহিছে।[2]
শৰণীয়া কছাৰীসকলে পালন কৰি অহা বাঁহ গোসাঁই উৎসৱক কৃষি ভিত্তিক লোক উৎসৱ বুলি কোৱা হয় যদিও ইয়াৰ মাজত ধৰ্মীয় দিশটোও প্ৰষ্ফুটিত হোৱা দেখা যায়। শৰণীয়া কছাৰীসকলে বাঁহক মহাদেৱ বা শিৱ জ্ঞান কৰে। তেওঁলোকে বাঁহ গোসাঁই পূজাক বুঢ়া ডাঙৰীয়াৰ পূজা বুলিও কয়। শৰণীয়া কছাৰীসকলৰ মাজত বিশ্বাস আছে যে বাঁহ গোসাঁই পূজাই সমাজৰ পৰা অসূয়া-অপ্ৰীতি, দুখ-যাতনা আদি কাঢ়ি নিব আৰু সমাজত শান্তি স্থাপন কৰিব। সেয়েহে সমাজৰ মংগল কামনা কৰিয়েই শৰণীয়া কছাৰীসকলে বাঁহ গোসাঁই পূজাৰ জৰিয়তে শস্যৰ বিস্তাৰ আৰু প্ৰজননৰ কামনা কৰে।
সময়
[সম্পাদনা কৰক]বাঁহ গোসাঁই উৎসৱ প্ৰধানত চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনাৰ পৰা বহাগ মাহৰ ৬ তাৰিখলৈ কৰা হয়। বাঁহ গোসাঁই পূজাৰ কাৰণে গাঁওত বা চুবুৰিত থকা গোসাঁইঘৰ নিৰ্বাচন কৰা হয়, যিটো গোসাঁই ঘৰৰ পৰা গাঁওখনৰ প্ৰায়বোৰ সামাজিক আৰু ধৰ্মীয় কাম-কাজ পৰিচালনা কৰা হয়। এই গোঁসাই ঘৰতে বাঁহ গোসাঁই বন্ধা হয় বা সজোৱা হয়। ইয়াৰ পৰাই বাঁহ গোসাঁই সৰি ফুৰাবলৈ নিয়া হয় আৰু ইয়াতেই বাঁহ গোসাঁই খহোৱা হয় বা সামৰণি উৎসৱ পতা হয়।[3]
বিধি
[সম্পাদনা কৰক]আন আন জনগোষ্ঠীৰ ধৰ্মীয় কাৰ্যবোৰ যেনেদৰে এগৰাকী ধৰ্মীয় যাজক বা ব্ৰাহ্মণে সম্পাদনা কৰে ঠিক তেনেদৰে শৰণীয়া কছাৰী সমাজতো বাঁহ গোসাঁই পূজা সম্পাদন কৰিবলৈ এগৰাকী দেউৰী নিয়োগ কৰা হয়। দেউৰীক সহায় কৰি দিবলৈ দুজন লোক নিয়োগ কৰা হয়। এই লোক দুজনক অকল বাঁহ গোসাঁই পূজাৰ বাবেই নিয়োগ কৰা হয়।
বাঁহ গোসাঁই পূজাৰ বাবে পূৰঠ আৰু পোন জাতিৰ বাঁহৰ ৯ হাত ৫ আঙুলি দীঘল এটি বাঁহৰ টুকুৰা কাটি ল’ব লাগে। এই জোখ দেউৰীয়ে নিজ হাতেৰে লয়। বাঁহৰ উপৰি এখন শৰাই, মুকচা, বগা কাঠাণ্ডা ফুল, ৰঙা জবা ফুল, অপৰাজিতা ফুল, বেলপাত, তুলসী আদি অপৰিহাৰ্য। এই বিলাকৰ উপৰিও বাঁহ, গোসাঁই সজোৱাৰ বাবে কাপোৰৰ জামা (চোলা), চঙাৰ (চোৱাৰ), পিতলৰ মুকুট, ৰঙ-বিৰঙৰ ফুলাম মুকচা, গামোচা, ৰুমাল, ফুলৰ মালা আদি লাগে। সেইদৰে চাকি, মাহ-প্ৰসাদ, কল, কুঁহিয়াৰ, ফুল-জল, ধুপ-ধুনা আদিও বাঁহ গোসাঁই পূজাৰ বাবে প্ৰয়োজন।
বাঁহ গোসাঁই পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ একগোট কৰাৰ পিছত বাঁহ গোসাঁই পূজাৰ পৰ্ব আৰম্ভ কৰা হয়। বাঁহ গোসাঁই পূজাৰ সমগ্ৰ কাৰ্যক্ৰমণিকাক শৰণীয়া কছাৰী সমাজৰ অন্যতম বিদগ্ধ ব্যক্তি তথা সাহিত্যক সোনবৰ বৰুৱাদেৱে ৩টা পৰ্যায়ত ভাগ কৰিছে। পৰ্যায়কেইটা হ’ল–
- বাঁহ গোসাঁই বান্ধা বা সজোৱা
- বাঁহ গোসাঁই সৰি ফুৰোৱা বা পৰিভ্ৰমণ কৰোৱা
- বাঁহ গোসাঁই খহোৱা বা সামৰণি মাৰা
উক্ত তিনিওটা পৰ্যায়ৰ মাজেৰেই বাঁহ গোসাঁই পূজা আগবাঢ়ে আৰু সামৰণি পৰে।
বাঁহ গোসাঁই পূজাৰ প্ৰথম পৰ্যায়টো হৈছে বাঁহ গোসাঁই বান্ধা বা সজোৱা পৰ্ব। বাঁহ গোসাঁইক সজোৱাৰ আগমুহূৰ্তত বাঁহ গোসাঁই আনিবৰ বাবে দেউৰী সহ ভক্তপ্ৰাণ ৰাইজে শংখ বজাই, চাপৰি মাৰি বাঁহ কাটিব যায়। উল্লেখযোগ্য যে যি ডাল বাঁহক গোসাঁই হিচাবে অনা হ’ব সেই বাঁহডাল জাতিবাঁহ এচোপৰ পুৰঠ বাঁহ হ’ব লাগিব। নিৰ্বাচিত বাঁহডালৰ গুৰিত দেউৰীয়ে তামোল পানেৰে নৈবদ্য আগবঢ়াই তেওঁলোকৰ উপাস্য দেৱতা বুঢ়া ডাঙৰীয়া বা শিৱৰ পৰা অনুমতি বিচাৰি। স্মৰ্তব্য যে যি গৰাকী দেউৰী আৰু তেওঁৰ সহযোগী দুজনে বাঁহ কাটিব তেওঁলোকে বাঁহ কাটিব যোৱাৰ আগদিনা অধিবাস খাটিব লাগে। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত কৰা বাঁহ গোসাঁই উৎসৱৰ প্ৰথম দিনা দেউৰীয়ে সকলোৰে মংগল কামনা কৰি গোসাঁই ঘৰৰ মণিকুটত ৩ গছি বন্তি আৰু বাটচৰাৰ ভেটিত এগচি বন্তি জ্বলাই। পূজা অৰ্চনা শেষ হোৱাৰ পিছত দেউৰী আৰু দুজন সংগী সহিতে তথা ভক্তপ্ৰাণ ৰাইজৰ লগত বাঁহ কাটিবলৈ যায়। লগত লৈ যায় দা, সহস্ৰবাতিৰ থাল, শংখ। ভক্তপ্ৰাণ ৰাইজে ঢোল-তাল, শংখ-ঘণ্টা, বৰকাহ, ঢোল-ডগৰ বজাই পিছে পিছে যায়। লগতে হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে গোটেই অঞ্চলজুৰি। যেন সেয়া আন এক দ্বিতীয় বৃন্দাবনহে। বাঁহ কাটিবলৈ ধৰাৰ আগ মুহূৰ্তত দেউৰীয়ে মন্ত্ৰ-বাক্য মাতে। মন্ত্ৰ-বাক্যৰ অন্তত দেউৰীৰ নিৰ্দেশ মৰ্মে লগত অহা সংগী দুজনে বাঁহ কাটে। বাঁহডাল মাটিত নপৰাকৈ দুয়োজন সংগীয়ে কান্ধত লৈ আহে গোসাঁই ঘৰলৈ। গোসাঁই ঘৰত দেউৰীয়ে আকৌ বাঁহডালক শান্তিজল চটিয়াই শুদ্ধিকৰণ কৰে। শুদ্ধিকৰণৰ পিছত দেউৰীয়ে নিজহাতেৰে ৯ হাত ৫ আঙুলি জোখত সংগী দুজনক টুকুৰা কৰিবলৈ কয়। টুকুৰা কৰাৰ পিছত পুণৰাই শান্তিজল চটিয়াই মিঠাতেল সানি গোসাঁই ঘৰত প্ৰৱেশ কৰায়। গোসাঁই ঘৰত বাঁহ গোসাঁইক প্ৰৱেশ কৰোৱাৰ পিছতে দেউৰী আৰু সংগী দুজনে বগা জামা পিন্ধায়। দেউৰী আৰু সংগী দুজনে জামা আৰু চঙাৰ পিন্ধোৱাৰ পিছতে ভক্তপ্ৰাণ ৰাইজে ৰঙীণ গোমোচা, মোকচা, ৰুমাল আদি বাঁহডালত গাঠি মাৰি দিয়ে। তাৰ পিছত দেউৰীয়ে নিজে বাঁহ গোসাঁইৰ শিৰত পিতলৰ মুকুট পিন্ধাই তেল-সেন্দুৰ সানি দিয়ে, ফুলৰ মালা পিন্ধায় দিয়ে। এনেদৰে বাঁহৰ গোসাঁইক সুন্দৰ আৰু চকুত লগাকৈ সজায় পৰাই তোলা হয়।
বাঁহ গোসাঁই উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হৈছ বাঁহ গোসাঁই ফুৰোৱা বা পৰিভ্ৰমণ কৰোৱা উৎসৱ। বহাগ মাহৰ পহিলা তাৰিখে ভক্তপ্ৰাণ ৰাইজে বাঁহ গোসাঁইক পূজা অৰ্চনা কৰি গাঁও ফুৰাবলৈ নিয়ে। গাঁও ফুৰাবলৈ নিয়াৰ আগমুহূৰ্তত বাঁহ গোসাঁইক গোঁসাই ঘৰটোৰ চাৰিওফালে দক্ষিণৰ পৰা আৰম্ভ কৰি সাতপাক ঘুৰায়। সাতপাক ঘুৰা শেষ হোৱাৰ পিছত বাঁহ গোসাঁইক সৰি ফুৰাবলৈ লৈ যায়। সৰি ফুৰাওতে দেউৰী বা গাঁওখনৰ মুখিয়াল ব্যক্তিয়ে প্ৰথমতে তেওঁলোকৰ ঘৰলৈ আদৰণি জনোৱা দেখা যায়। তাৰ পিছতহে গাওঁখনৰ অইন ব্যক্তিসকলে তেওঁলোকৰ নিজা ঘৰলৈ বাঁহ গোসাঁইক আদৰণি জনোৱা দেখা যায়। প্ৰতিঘৰ গৃহস্থই বাঁহ গোসাঁইক আদৰণি জনাবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। ছোৱালী বা মহিলা সকলে হাত হাতত ধূপ-ধুনা, শলা-বন্তি, তামোল-পাণ লৈ আদৰিবলৈ ৰৈ থাকে। বাঁহ গোসাঁই পদুলি মুখত উপস্থিত হোৱাৰ পিছতেই গৃহস্থই গোসাঁইৰ চৰণ ধুৱায় এখিলা পানেৰে নিজৰ চোতাললৈ বৰি নিয়ে। গৃহস্থই বাঁহ গোসাঁই আদৰি নিয়া ঠাইৰ পৰা চোতাললৈ চেলেং চাদৰ পাৰি দিয়ে। সেই চেলেং চাদৰৰ ওপৰেদি ভক্তপ্ৰাণ ৰাইজে বাঁহ গোসাঁই গৃহস্থৰ চোতাললৈ নিয়ে। চোতালত সজাই ৰখা নৈবদ্যৰ ওচৰত আগলতি কলপাত এখনত বটাসহ বাঁহ গোসাঁই উপৱেশন কৰায়। গৃহস্থই সাধ্যানুসাৰে মাননি দি নতজানু হৈ পূজা অৰ্চনা কৰি আশীৰ্বাদ লয়। সেই সময়খিনিত ভক্তপ্ৰাণ ৰাইজে ইষ্টদেৱতা বুঢ়া ডাঙৰীয়া বা শিৱক স্মৰণ কৰি, আধ্যাত্মিক নাম গায়।
গৃহস্থই নতজানু হৈ আশীৰ্বাদ লৈ থকা সময়তে ভক্তপ্ৰাণ ৰাইজৰ কোনোবা এজনে পদুলিত পাৰি দিয়া চেলেংচাদৰ গৃহস্থৰ মূৰৰ ওপৰেদি তিনিবাৰ চোঁচৰাই নি আশীৰ্বাদ দিয়ে। তাৰ পাছত পূজা অৰ্চনা শেষ হয়। গৃহস্থই নিৰ্মালী লয়। বাঁহ গোসাঁইক মুকচা, গামোচা, ফুলৰ মালা আদি পিন্ধাই দিয়ে। এনেদৰে সৰি ফুৰোৱা বা পৰিভ্ৰমণৰ অন্তত সন্ধিয়াৰ আগে আগে বাঁহ গোসাঁইক ঘৰলৈ আনি যথাস্থানত উপৱেশন কৰায়। ইয়াৰ লগে লগে বাঁহ গোসাঁই উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে।
উল্লেখযোগ্য যে ১ বহাগৰ পৰা ৬ বহাগলৈ বাঁহ গোসাঁই সৰি ফুৰোৱা হয়। ২ বহাগৰ পৰা ৬ বহাগলৈ গোসাঁই ঘৰৰ চাৰিওফালে বাঁহ গোসাঁইক নুঘুৰায়। ৭ বহাগৰ দিনাহে গোসাঁই ঘৰৰ চাৰিওফালে বাঁহ গোসাঁইক ঘুৰায়।
বাঁহ গোসাঁই উৎসৱৰ তৃতীয় পৰ্যায়টো হ’ল বাঁহ গোসাঁই খহোৱা বা সামৰণি উৎসৱ। ৭ বহাগৰ দিনা বাঁহ গোসাঁই খহোৱা উৎসৱ পালন কৰা হয়। সেইদিনা ৰাতিপুৱাৰে পৰাই গোসাঁই ঘৰ প্ৰাংগনত ভক্তপ্ৰাণ ৰাইজে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। ভক্তপ্ৰাণ ৰাইজে মনত লৈ থোৱা মানসবোৰৰ লগত মাহ প্ৰসাদ দিয়ে। কোনোবা গোসাঁইলৈ হাঁহ, পাৰ, ছাগলী আদি নিবেদন কৰে। ভক্তপ্ৰাণ ৰাইজে মনোবাঞ্চা পূৰণ কৰিবলৈ ভগৱানৰ ওচৰত আগবঢ়াই দিয়া জীৱবোৰ বলি দিয়া নহয়। ভগৱানৰ নামত আগবঢ়াই দিয়া জীৱবোৰ এৰি দিয়া হয়। এইদৰে ভক্তপ্ৰাণ ৰাইজে শিৰ নত কৰি বাঁহ গোসাঁইক শেষ শ্ৰদ্ধা নিবেদন জনাই নিৰ্মালী লয়। তাৰ পাছত দুগৰাকী ব্যক্তিয়ে (আগধন আৰু গোৰধৰাই) বাঁহ গোসাঁই কান্ধত তুলি লৈ দক্ষিণ দিশৰ পৰা আৰম্ভ কৰি গোসাঁই ঘৰৰ চাৰিওফালে ৭ পাক ঘুৰায়।
আয়তীসকলে নাম গায়–
“গোসাঁই সাত পাক ঘুৰে
পাউৰা বুলনে বুলে।
গোসাঁইৰ আগতে চঙাৰে বৰিছে
আগে হালি জালি কৰে।”
গোসাঁই ঘৰৰ চাৰিওফালে ঘুৰোতে গোসাঁইঘৰৰ দুৱাৰমুখ পোৱাৰ লগে লগে প্ৰতিবাৰতেই বাঁহ গোসাঁইৰ মুকুটটো গোসাঁইঘৰৰ পিনে হেলনীয়াকৈ দোৱাই সেৱা কৰে। সাতপাক ঘুৰা শেষ হোৱাৰ পাছত বাঁহ গোসাঁই গোসাঁই ঘৰত সোমায়। গোসাঁই ঘৰৰ ভিতৰত আগধৰা আৰু পাছধৰাই কান্ধত লৈ থকা অৱস্থাতে বাঁহ গোসাঁইৰ চাঙৰ, মুকুটা, গামোচা, ৰুমাল আদি সোলোকাই দেউৰীৰ নিৰ্দেশ মতে এক নিৰ্দিষ্ট স্থানত সযত্নে ৰখা হয়। তাৰ পাছত সেই বাঁহডাল গোসাঁই ঘৰৰ আটালত তুলি নাইবা গোসাঁই ঘৰৰ খুটাত সংলগ্ন কৰি থোৱা হয়। ঠাই বিশেষে বাঁহ গোসাঁইক পানীত উটুৱাই দিয়া হয়। বিসৰ্জনৰ অন্তত ভক্তপ্ৰাণ ৰাইজে মাহ-প্ৰসাদ গ্ৰহণ কৰে। এনেদৰে বাঁহ গোসাঁই উৎসৱৰ সামৰণি পৰে।[3]
উদ্দেশ্য
[সম্পাদনা কৰক]বাঁহ গোসাঁই উৎসৱ শৰণীয়া কছাৰী সমাজৰ কাৰণে জাতীয় উৎসৱ সদৃশ। শৰণীয়া কছাৰী সমাজৰ ডেকা-বুঢ়া, ল’ৰা-ছোৱালী, আবল বৃদ্ধ বনিতা সকলোৱে বাঁহ গোসাঁই উৎসৱত দেহ মন উজাৰি যোগদান কৰে। শুদ্ধ চিত্তে, শুদ্ধ মনে একান্তভাবেৰে কেৱল বুঢ়া ডাঙৰীয়া মহাদেৱ শিৱক স্তুতি কৰে। বাঁহ গোসাঁই উৎসৱৰ লগত নামনি অসমত প্ৰচলিত ভথেলী উৎসৱৰ সামঞ্জস্য থকা দেখা যায়।
বাঁহ গোসাঁই উৎসৱৰ উদ্দেশ্যে যিদৰে সমাজৰ পৰা অসূয়া-অপ্ৰীতি, অশান্তি আদি আঁতৰ কৰি সমাজত শান্তি স্থাপন কৰা সেইদৰে বাঁহ গোসাঁইৰ উৎসৱৰ আন এটি উদ্দেশ্য হ’ল মিলনৰ তীৰ্থভূমি। সকলো জাতি-জনগোষ্ঠীয়ে যেন বাঁহ গোসাঁইৰ তলত এক হোৱাৰ পণ কৰে। বাঁহ গোসাঁই উৎসৱে শৰণীয়া কছাৰীসকলৰ সাংস্কৃতিক ঐতিহ্য তথা লোক জীৱনকো চহকী কৰি তুলিছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "বাক্সাৰ গোৰেশ্বৰত বাঁহ গোসাঁই উৎসৱ উদযাপন". ETV Bharat Assamese. ১৭ এপ্ৰিল ২০২২. https://www.etvbharat.com/assamese/assam/state/baksha/bah-gosai-festival-celebration-at-goreswar/assam20220417122749254254827। আহৰণ কৰা হৈছে: ১৬ মে' ২০১৫.
- ↑ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰঙালী বিহুৰ পৰম্পৰা আৰু বাঁহ-গোসাঁই উৎসৱ, ইছমাইল হোছেইন, (প্ৰান্তিক-৩২শ বছৰ ১০ম সংখ্যা ১৬-৩০ এপ্ৰিল/২০১৩)
- ↑ 3.0 3.1 3.2 দাস, শিখা. "অসমৰ জনজাতি আৰু ভাষাগত বৈচিত্ৰ্য". ঐতিহ্য বাৰ্তা. https://oitihyabarta.com/ritiniti_details/4। আহৰণ কৰা হৈছে: ১৬ মে' ২০২৫.
|