জোনবিল মেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোনবিল মেলা
জোনবিল মেলাৰ প্ৰধান প্ৰৱেশদ্বাৰ

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা[1]মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল৷ এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা৷ মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়৷[2]

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে৷ ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে৷ সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা৷[2][3]

ইতিহাস[সম্পাদনা কৰক]

জোনবিল মেলাত এনেদৰেই বিভিন্ন বস্তুৰ বিনিময় কৰে

জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে৷ সেই হিচাপে গোভাৰজা হৈছে ইয়াৰ জন্মদাতা৷[2]

জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ'লে কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়৷ গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল৷ বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল৷ তাকে দেখি ৰজা-ৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল 'হেবে ছনাই পিল হঙদ' অৰ্থাৎ এইখন জোনটোৰ দৰে বিল৷ তিৱা ভাষাত 'ছনাই' মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশহৈ ছনাই পিল>জনাই পিল>জোনবিল হোৱা বুলি কোৱাৰ থল আছে৷ ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেই বাবেও হয়টো ইয়াৰ নাম জোনবিল হ'ব পাৰে৷[2]

মেলাৰ আৰম্ভণি[সম্পাদনা কৰক]

জোনবিল মেলাৰ আৰম্ভণিত মাছ মৰাৰ দৃশ্য

জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়৷ সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়৷ মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয়৷ সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়৷ ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে৷[2]

মেলাৰ মূল বিষয়[সম্পাদনা কৰক]

মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা৷ বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়৷ পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে৷ এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে৷ সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে৷ বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়৷ আনহাতে গোটেই মেলাখন পৰিচালনা কৰিবৰ বাবে একোখন পৰিচালনা সমিতি থাকে৷ এই উদ্‌যাপন সমিতিয়ে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়ে৷[2][3]

সাহিত্য[সম্পাদনা কৰক]

জোনবিলাৰ মেলাৰ বিষয়ে ৰীতা চৌধুৰীসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ "দেও লাংখুই"ত সুন্দৰ বৰ্ণনা দেখিবলৈ পোৱা যায়৷[4]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Assam General Knowledge. Bright Publications. পৃষ্ঠা. 97–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA96। আহৰণ কৰা হৈছে: 21 November 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 [1] "মৰিগাঁও জিলাৰ তিৱাসকলৰ জোনবিল মেলা", ধীৰাজ পাটৰ; গণ অধিকাৰ, ১৮ জানুৱাৰী ২০১২; আহৰণ: ১৮ জানুৱাৰী ২০১২
  3. 3.0 3.1 [2] Jonbeel Mela, Vedanti.com, 2 Feb 2011; আহৰণ: ১৮ জানুৱাৰী ২০১২
  4. [3] "Between the lines", Samiran Saikia; The Assam Tribune online,13 March 2009; আহৰণ: ১৮ জানুৱাৰী ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]