ঢোলবিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ঢোলবিৰি

ঢোলবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে মতাবিৰি। আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক মতাবিৰি বোলা হৈছিল। আজিকালি ঢোলবিৰিসমূহত বাখৰ খটোৱাৰ উপৰি ক’লা-ৰঙা, সেউজীয়া ৰঙৰ মিনাও কৰা হয়। আজিকালি মহিলাসকলেও ঢোলবিৰি পিন্ধে।[1] উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুবিহু নাচোতেও নাচনীয়ে আৰু বিয়াত কইনাও ডিঙিত এইপদ অলংকাৰ পিন্ধে।

ঢোল বাদ্য[সম্পাদনা কৰক]

এটি ঢোলবিৰি

কাঠৰ ফোঁপোলা খোলাৰ দুয়ো মূৰে ছামৰাৰে আবৃত কৰি কাঠামৰ দুয়ো মূৰে এডাল সংযোগী ৰছীৰে ডিঙিত আঁৰি লৈ এখন হাতেৰে মাৰিৰে কোবাই আৰু ইখন হাতেৰে আঘাত কৰি বজোৱা বাদ্যকে ঢোল বোলে।[2]

অলংকাৰ তৈয়াৰ কৰা পদ্ধতি[সম্পাদনা কৰক]

অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এচিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে: হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই পদ্ধতিতে ঢোলৰ আকৃতিত ঢোলবিৰি প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. মঞ্জুলী ৰাহাঙ (১৫ মে', ২০১৭). "কেৰু, মণি, থুৰিয়াৰ কথাৰে". সাহিত্য ডট অৰ্গ. https://www.xahitya.org/2017/05/15/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%A3%E0%A6%BF-%E0%A6%A5%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%95%E0%A6%A5%E0%A6%BE%E0%A7%B0%E0%A7%87-%E0%A6%AE%E0%A6%9E/। আহৰণ কৰা হৈছে: ২ ফেব্ৰুৱাৰী, ২০২১. 
  2. প্ৰাণজ্যোতি নাথ (২০১৭). এনাজৰী. মুম্বাই অসম এছ'চিয়েচন. পৃষ্ঠা. ১৫-১৬. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]