বিয়া নাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত[1], দৰা আদৰোতে, হোমৰ গুৰিত বহোঁতে বিধে বিধে এই গীতবোৰ গোৱা হয়।

প্ৰকাৰ আৰু বিশেষত্ব[সম্পাদনা কৰক]

বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথম বিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰ সমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰ ভাবে পৰিস্ফুত হোৱা দেখা যায়। এইবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰা ঘৰীয়াই কইনা ঘৰীয়াক আৰু কইনা ঘৰীয়াই দৰা ঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনী অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামচাৰে গোৱা হয়। যেনে-
ৰভাৰ খুটা সেলেকা
ৰভাৰ খুটা সেলেকা
কইনাঘৰৰ ছোৱালীবোৰৰ
নাক কেইটা চেপেতা
দৰাঘৰীয়াই কইনাঘৰীয়া বা কইনাঘৰীয়াই দৰাঘৰীয়াক মৰা এই চকা বাণৰ উপৰিও পৰিবেশটো বেছি উপভোগ্য হৈ উঠে যেতিয়া এই শৰ গৈ পুৰোহিত বাপুৰ গাতো পৰেগৈ। এই গীতবোৰ অসমীয়া চহা জীৱনৰ অমল স্বাক্ষৰ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]