আঙঠি পিন্ধোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আঙঠি পিন্ধোৱা অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সতে জড়িত এক মাংগলিক কাৰ্য। বিবাহৰ বাবে উপযুক্ত ল'ৰালৈ উপযুক্ত কন্যা এগৰাকী ঠিক কৰাৰ পিছত দৰা বা ল'ৰাপক্ষৰ মানুহ কন্যাঘৰলৈ গৈ আঙঠি পিন্ধোৱা পৰ্বটো সমাপন কৰাৰ নিয়ম। অসমৰ সকলো ঠাইতেই এই পৰম্পৰা আছে যদিও ঠাইভেদে নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। কিছু কিছু অঞ্চলত আঙঠি পিন্ধাবলৈ ল'ৰা বা দৰাৰ লগত তেওঁৰ বন্ধু-বান্ধৱ, তেওঁতকৈ সৰুসকলহে যাব পাৰে বুলি কয়। জ্যেষ্ঠৰ ভিতৰত কেৱল নবৌয়েকহে যাব পাৰে। কিছুমান অঞ্চলত এই বাধ্য বাধকতা নাই।

আঙঠি পিন্ধাবলৈ যোৱাসকল কন্যাৰ ঘৰলৈ আগবেলাতে যোৱাৰ নিয়ম। এনেদৰে যাওঁতে লগত পাটী এটা, শৰাই, আঙঠিৰ উপৰি কন্যাৰ বাবে এযোৰ বা দুযোৰ ভাল কাপোৰ, সুগন্ধি তেল, সেন্দূৰ, আইনা, ফণী আদি লৈ যাব লাগে। তামোল-পাণ নহ'লে নহয়েই। ঠাইভেদে তামোল থোক হিচাপে আৰু পাণ গুছি হিচাপে নিয়াৰ নিয়ম আছে।

অসমীয়া বিবাহ পৰম্পৰাত আঙঠি পিন্ধোৱাৰ এক মুহূৰ্ত।
অসমীয়া বিবাহ পৰম্পৰাত আঙঠি পিন্ধোৱাৰ এক মুহূৰ্ত।

কন্যাৰ ঘৰ গৈ পোৱাৰ লগে লগে দৰাঘৰীয়া সকলোকে পদূলিৰ পৰা আথে বেথে আগবঢ়াই নিয়ে। যথাস্থানত বহিবলৈ দিয়ে। খা-খবৰ বিনিময় হোৱাৰ পিছত দৰা পক্ষই লগত লৈ যোৱা পাটী পাৰি কইনাক বহিবলৈ দিয়ে। কইনা বহাৰ পিছত তেওঁৰ বাবে লৈ যোৱা সুগন্ধি তেল, আইনা, ফণী, কাপোৰ আদি প্ৰদান কৰে। ইয়াৰ পিছত দৰাই লগত লৈ যোৱা আঙঠিৰে সেন্দূৰৰ টেমাৰ পৰা সেন্দূৰ লৈ কইনাৰ শিৰত তলৰপৰা ওপৰলৈ তিনিবাৰ সেন্দূৰ দিয়ে। সেন্দূৰ দিয়াৰ পিছত আঙঠিটো কইনাৰ সোঁহাতৰ অনামিকা আঙুলিত পিন্ধাই দিয়ে। কইনায়ো দৰাক আঙঠি পিন্ধাই আৰু ভৰি চুই সেৱা লয়। কইনাই দৰাঘৰৰ মানুহক মান ধৰে আৰু দৰাঘৰীয়াসকলক বিভিন্ন খাদ্যৰে আপ্যায়ন কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • 'অসমৰ সংস্কৃতি কোষ' — ড॰ নাৰায়ণ দাস (মুখ্য সম্পাদক), ড॰ পৰমানন্দ ৰাজবংশী (সম্পাদক), প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন, পাবজাৰ, গুৱাহাটী-১, প্ৰথম প্ৰকাশ : মাৰ্চ, ২০০৯, পৃষ্ঠা, ৮০, ৮১