জোৰোণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


জোৰোণ হৈছে বিয়াৰ এদিন বা দুদিনৰ আগতে দৰাঘৰৰ মানুহে কইনা ঘৰলৈ গৈ কইনাক সেন্দূৰ, আ-অলঙ্কাৰ, কাপোৰ-কানি আদি প্ৰদান আৰু পৰিধান কৰোৱাৰ মাংগলিক অনুষ্ঠান। নামনি অসমত জোৰোণক 'তেল ভাৰ' দিয়া বুলিও কোৱা হয়। জোৰোণৰ সম্ভাৰত কাপোৰ-কানিৰ উপৰি আইনা, ফণী, তামোল-পাণ, দুটা মাটিৰ ঘট (ঘটৰ ভিতৰত আৰৈ চাউল, তামোল-পাণ আদি থাকে। ঘটৰ মুখত থাকে আমডালি আৰু বাহিৰত থাকে এঁৱা সূতাৰ মেৰণ আৰু সেন্দুৰৰ মেৰণ আৰু সেন্দুৰৰ ফোঁট), পাটী এটা, মাহ-হালধী, গাঁঠীয়নৰ টোপোলা, দুশৰাই তামোল(নামনিত এটা তামোলৰ থোক), এটা মাছ,দুযোৰ তামোল-কটাৰী আদি থাকে।

দৰাঘৰে জোৰোন দিবলৈ আহি কইনা ঘৰৰ পদূলি মুখ পোৱাৰ লগে লগে কইনাৰ মাকৰ সৈতে কইনা ঘৰৰ আয়তীসকলে উৰুলি-জোকাৰেৰে দৰাঘৰক আদৰিবলৈ ওলাই আহে। পদূলিমুখৰ কলতলত দৰাৰ মাক (মাকৰ আৱৰ্তমানত দৰাৰ কোনো নিকটাত্মীয় মহিলাই জোৰোণ দিবলৈ যায়) আৰু কইনাৰ মাক, দুই-বিয়নীয়ে, তামোল-পাণৰ শৰাই তিনিবাৰকৈ সলনা-সলনি কৰে। কইনাৰ মাকে দৰাৰ মাকক তিনিবাৰ বিচনীৰে বিচি সাৱতী ধৰি ৰভাতলীলৈ লৈ যায়। ৰভাতলীৰ মৰলৰ (বিয়াৰ ঘট স্থাপান কৰিবলৈ পিঠাগুৰি আদিৰে মাটীত অঁকা চক্ৰাকাৰ নক্সা) সোঁফালে দৰাঘৰীয়াৰ বাবে আছুতীয়াকৈ থোৱা দলিচাত আটায়ে বহে। দৰাঘৰে অনা ঘট দুটাত মৰলত থয় আৰু ঘটৰ ভিতৰৰ চাউল উলিয়াই পাটীৰ ওপৰত ছটীয়াই দিয়ে। ইয়াৰ পাছত কইনাঘৰৰ আয়তীসকলে ওৰণি-বাৰণি দি কইনাক ৰভাতললৈ উলিয়াই আনে। দৰাঘৰে আনা পাটীত বহুৱাই লৈ দৰাৰ মাকে কইনাক কাপোৰ-কানি, অলংকাৰ আদি উলিয়াই দিয়ে। এইখিনিতে আয়তীসকলে প্ৰসঙ্গ বিয়ানাম, জোৰানাম আদি গাই ৰং-ৰহইচ কৰে। দৰাৰ মাকে কইনাৰ মূৰত আঙঠি (সাধাৰণতে সোণৰ) এটা ধৰি গোন্ধ তেল বাকে আৰু ফণি এখন পাতি তিনিবাৰকৈ কইনাৰ শিৰত তলৰ পৰা ওপৰলৈ সেন্দূৰ দিয়ে। তাৰ পাছত আ-অলংকাৰ আদি পিন্ধায়। জোৰোণ পিন্ধোৱাৰ অন্তত কইনাই দৰাঘৰৰ বয়োজেষ্ঠসকলৰ আগত আঁঠু লৈ সেৱা কৰি মান ধৰে। দৰাপক্ষই লৈ যোৱা মা-হালধি, গাঁঠিয়নৰ টোপোলা, ধৰম ঘট আৰু দৈৰ সৰু ঘট এটা কইনাক চোৱাই দৰাঘৰলৈ ঘূৰাই অনাৰ নিয়ম। কইনাঘৰে দৰাৰ বাবে জোৰোণৰ দিনাই কাপোৰ এসাঁজ দিয়াৰ পৰম্পৰা আছে। সাধাৰণতে জোৰোণ আগবেলাই যোৱাৰ নিয়ম যদিও আজিকালি ঠাইবিশেষে জোৰোণ পাছবেলাও যায়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-৯৯ (১)