লখিমী বিবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

লখিমী বিবাহ সাধাৰণতে উজনি অসমৰ গাঁও বিশেষতে সীমাবদ্ধ। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত লখিমী সবাহৰ সৈতে জড়িত বিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ। মানুহৰ প্ৰতি সন্তুষ্ট হ’লে তেওঁ বাৰিষা বৰষুণৰ ৰূপত পুনৰ পথাৰলৈ নামি আহে। লখিমী সবাহৰ মাধ্যমেৰে দেৱী লখিমীক আদৰণি জনোৱা হয়। লখিমী সবাহ সাধাৰণতে গাঁৱৰ নামঘৰত ৰাইজসহ শোভাযাত্ৰা কৰি এজনী এঁৱা ছোৱালী বা এগৰাকী আয়তীয়ে কলৰ থুৰি, আমপাত আদি ভৰোৱা নতুন মাটিৰ টেকেলি লৈ নদীত পানী তুলিবলৈ যায়। আন দুগৰাকী তিৰোতাই ক্ৰমে এখন জাকৈ, এটা চাউল ভৰ্তি দুণৰি নিয়াৰ লগতে এজন কিশোৰে কলপটুৱাৰ দোলা এখন কঢ়িয়াই লৈ যায়। নদীত পানী তুলি টেকেলিত ভৰাই অনা হয়। আন এগৰাকী মহিলাই নদীত তিনিবাৰ জাকৈৰে চবিয়ায় আৰু চবিয়াওঁতে পোৱা বন-বোকা দোলাখনত থয়। জাকৈৰে চবিয়াওঁতে মাছ উঠি অহাটো শুভ লক্ষণ বুলি ভৱা হয়। পানী তুলি আহি ৰাইজে তিনিবাৰ নামঘৰ প্ৰদক্ষিণ কৰি পানীখিনি মণিকূটৰ ওচৰত থয়। নাম-প্ৰসংগ আদি কৰাৰ উপস্থিত লোকসকলৰ গাত সেই পানী ছটিয়াই দিয়াৰ লগতে জাকৈত তুলি অনা জাবৰ-জোঁথৰখিনি আৰু দুণৰিত থকা চাউলখিনি সকলোৰে মাজত বিতৰণ কৰি দিয়া হয়। গাঁওবাসীয়ে সেই দ্ৰব্যখিনি সভক্তিৰে ভঁৰালত থৈ দিয়ে। এনে কৰিলে গৃহলৈ লখিমীৰ আগমন ঘটে বুলি বিশ্বাস আছে।[1]

তাই আহোমসকলে কিছু পৃথক ধৰণে লখিমী সবাহৰ আয়োজন কৰে। তেওঁলোকে ব্যক্তিগতভাৱে হ’লেও ভঁৰালৰ সন্মুখত আৰু ৰাজহুৱাকৈ আয়োজন কৰিলে মুকলি ঠাইত এই অনুষ্ঠান পাতে। এই উৎসৱত তেওঁলোকে ‘লাওখাইমী’ (লখিমী) দেৱীৰ লগতে তেওঁৰ পিতৃ হুচুংখোড়াকো পূজা কৰে। এই অনুষ্ঠানত এবিধ নৈবেদ্য আগবঢ়োৱা হয়। নাৰীসকলে দোলা, দুণৰি বা দোণ, আঁহত বা বৰগছৰ পাত ভৰোৱা টেকেলি আদি লৈ পানী তুলি বলৈ যায় আৰু পানী তোলোঁতে উঠি অহা বস্তুবিলাক সকলোৱে ভাগ-বিতৰণ কৰি ঘৰলৈ লৈ যায় আৰু ভক্তি ভাবেৰে সংৰক্ষণ কৰি থয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 ড০ ৰাজশ্ৰী হাজৰিকা (৭ আগষ্ট ২০১১). "অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৭ পৃষ্ঠা.