ভেকুলী বিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম মূলতঃ কৃষি প্ৰধান দেশ। কৃষিৰ বাবে পানীৰ প্ৰয়োজন। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে। সাধাৰণতে জেঠ-আহাৰ মাহত পালন কৰা এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা আছে।[1] অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কি বৰষুণ কামনা কৰে। ভেকুলী বিয়া প্ৰধানতঃ ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। প্ৰধানকৈ লোক অভিজ্ঞতাৰ আধাৰত প্ৰতিষ্ঠিত এই লোকাচাৰৰ সৈতে সাদৃশ্যধৰ্মী যাদুও সংযুক্ত হৈ আছে। ভেকুলী বিয়াৰ ফলত ভেকুলীৰ বংশ বৃদ্ধি হ’ব আৰু এনেদৰে বৃদ্ধি পোৱা ভেকুলীবিলাক থাকিবৰ বাবে প্ৰয়োজন হোৱা অধিক পানীৰ অভাৱ পূৰাবলৈ নিশ্চিতভাৱে বৰষুণ হ’ব – এয়া লোক-সমাজৰ দৃঢ় বিশ্বাস। লোক অভিজ্ঞতা আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়া লোকাচাৰে লোক সমাজত নিৰ্মল আনন্দৰ জোৱাৰ তোলে। ভেকুলী বিয়াত নাৰীসকলে পৰিৱেশন কৰা বিয়ানামসমূহ সাধাৰণতে ধেমেলীয়া ধৰণৰ হয়।[1]

নীতি নিয়ম[সম্পাদনা কৰক]

ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত হয়, জ্যোতিষীৰ দ্বাৰা বিয়াৰ বাবে নিদিৰ্ষ্ট দিন ধাৰ্য্য কৰা দেখা যায়। বিয়ালৈ ২/৩ দিন থাকোতেই দুটা খহুৱা ভেকুলী ধৰি এজনী কন্যা আৰু এটাক দৰা পাতি দুঘৰ মানুহত থয়। মানুহৰ বিয়াৰ দৰে বিবাহ মণ্ডপ প্ৰস্তুত কৰে। তাৰ পাছত নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল, তাল আদি বজাই গাঁও ফুৰায়। শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে।

লোকবিশ্বাস[সম্পাদনা কৰক]

ভেকুলী বিয়া লোকাচাৰ জনসমাজৰ সাধাৰণ ধাৰণা আৰু সহজ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিয়ে – এয়া কৃষিজীৱী লোকৰ সাধাৰণ অভিজ্ঞতা। বিয়া পতাৰ আনন্দত ভেকুলীয়ে টোৰটোৰালে খৰাং বতৰতো বৰষুণ হয় বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে। ভেকুলীবিয়াৰ সৈতে জড়িত হৈ থকা বিশ্বাস অনুসৰি ভেকুলী ইন্দ্ৰ দেৱতাৰ পৰম বন্ধু। ভেকুলী বিয়া পাতিলে ভেকুলীয়ে আনন্দত টোৰটোৰাই ইন্দ্ৰক জাননী দিয়ে, ইন্দ্ৰ ভেকুলীৰ বিয়ালৈ আহে আৰু আনন্দতে একেৰাহে সাদিন ধৰি বৰষুণ দিয়ে। ভেকুলী বিয়াৰ গীতত থকা বৰ্ণনা অনুসৰি ভেকুলীৰ বিয়ালৈ চন্দ্ৰ, সূৰ্য আদি দেৱতাসকলো আহে। ভেকুলী বিয়া উপভোগ কৰি দেৱতাবৃন্দ আনকি মহাদেৱেও পৰম আনন্দ লাভ কৰে।[1] ড. লীলা গগৈদেৱৰ মতে, ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে সেইবাবে আদিম মনৰ মানুহে ভেকুলী আৰু ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক বিচাৰি পাইছিল। বৰষুণ কামনা কৰি জনোৱা প্ৰাৰ্থনা অথৰ্ব বেদতো পোৱা যায়। [2][3]

ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-

ভেকুলীৰ বিয়ালৈ
আহে ইন্দ্ৰদেৱে
বতাহ বৰষুণত তিতি
স্বৰ্গৰ অপেচৰী
নামি আহিছে
ভেকুলীৰ বিয়া
শুনি।

আৰু

ভেক ভেক ভেকুলীৰ বিয়া হে
মেঘ দেউতা বৰষুণ দিয়া হে
পথাৰৰ কঠিয়া পথাৰৰ ধান
ভেক ভেক ভেকুলীৰ বিয়া হে

--(এই পদফাঁকি পশ্চিম কাৰ্বি আংলং ৰ তৰাডুবি অঞ্চলত প্ৰচলিত)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ড০ ৰাজশ্ৰী হাজৰিকা (৭ আগষ্ট ২০১১). "অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৬,৭ পৃষ্ঠা. 
  2. এনাজৰী ডট কম
  3. Times of India

বাহ্যিক সংযোগ[সম্পাদনা কৰক]