সমললৈ যাওক

অসম চাহ উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম চাহ উৎসৱ
তাৰিখ নৱেম্বৰৰপৰা জানুৱাৰী
অন্তৰ বাৰ্ষিক
ঠাই অসম

অসম চাহ উৎসৱ বা চাহ উৎসৱ (ইংৰাজী: Assam Tea Festival) হৈছে অসমৰ বিভিন্ন ঠাইত বছৰি আয়োজন কৰা এক অনুষ্ঠান। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত প্ৰতি বছৰে এই উৎসৱৰ আয়োজন কৰা হয়। যোৰহাটত সৰ্বাধিক আড়ম্বৰপূৰ্ণভাৱে চাহ উৎসৱ অনুষ্ঠিত কৰা হয়। সেয়ে ইয়াক যোৰহাট চাহ মহোৎসৱ হিচাপেও জনা যায়।[1][2] গুৱাহাটীত এই উৎসৱৰ স্থান হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ[3]

অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰাজ্যখনত চাহৰ তাৎপৰ্যক উদযাপন কৰাৰ লগতে অসমলৈ অধিকসংখ্যক পৰ্যটকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চাহ উৎসৱৰ আৰম্ভণি কৰে।[1]

আনুষ্ঠানিকতা

[সম্পাদনা কৰক]

চাহ উৎসৱ উপলক্ষে পৰ্যটকসকলৰ বাবে চাহৰ ঐতিহ্যবাহী ঠাইসমূহ ভ্ৰমণৰ আয়োজন কৰা হয়। পৰম্পৰাগত খাদ্য আৰু সামগ্ৰীৰ মেলা উপভোগ কৰাৰ লগতে সৰ্বসাধাৰণে জিমখানা ক্লাবত আয়োজিত গ'ল্ফ খেলাতো ভাগ ল'ব পাৰে।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "Assam Tea Festival". indiatours.com. https://www.india-tours.com/fairs-and-festivals/assam-tea-festival.html আহৰণ কৰা হৈছে: December 6, 2020.
  2. "Assam Tea Festival". Assaminfo.com. http://www.assaminfo.com/festivals/42/assam-tea-festival.htm আহৰণ কৰা হৈছে: December 6, 2020.
  3. "Tea Festival Assam". Incrediblenortheastindia.com. http://www.incredible-northeastindia.com/assam/tea-festival.html আহৰণ কৰা হৈছে: December 6, 2020.