কেৰু
কেৰু হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। কেৰু অতীততে চুতীয়া আৰু আহোম ৰাজ্যত প্ৰচলিত আছিল। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু,জাংফাই কেৰু, লং কেৰু ইত্যাদি।[1] কেৰু কাণফুলি বড়ো মহিলা সকলৰ মাজতো প্ৰচলিত। বড়ো ভাষাত কেৰু কাণফুলিক ফুল-কৰি কোৱা হয়।[2] কিছু লোকে কেৰু শব্দৰ উৎপত্তি আহোম ভাষাৰ কেঞ-ৰুৰ (টাই-আহোম: 𑜀𑜢𑜐𑜫 𑜍𑜥) পৰা হোৱা বুলি ক'ব খোজে।[3]

ইতিহাস
[সম্পাদনা কৰক]চুতীয়া যুগ
[সম্পাদনা কৰক]বুৰঞ্জীত কেৰু কাণফুলিৰ প্ৰথম উল্লেখ চুতীয়া ৰাজ্যৰ ক্ষেত্ৰত পোৱা যায়। সাতসৰী বুৰঞ্জীৰ অনুসৰি নীতিপাল ৰজাই আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ আন বস্তুৰ লগতে সোণৰ কেৰু উপহাৰ কৰিছিল[4]। একেই কথাৰ উল্লেখ আহোম বুৰঞ্জী (GC Barua) গ্ৰন্থ খনৰ পৰা অসমীয়া লৈ অনুবাদ কৰা দেওধাই বুৰঞ্জী[5] আৰু পুৰণি অসম বুৰঞ্জী[6] গ্ৰন্থ কেইখনতো উল্লেখ কৰা হৈছে। টাই ভাষাৰ আহোম বুৰঞ্জী(GC Barua) গ্ৰন্থ খনত চুতীয়া ৰজাই দিয়া সোণৰ কেৰুৰ বাবে টং-ৰু-খাম(অৰ্থ ধাতু-কাণ-সোণ) শব্দ ব্যৱহাৰ কৰা হৈছে। থাই ভাষাত কাণফুলিক একে ধৰণে টং-হু (ต่างหู) কোৱা হয়। যিহেতু কেৰু কাণফুলি বড়ো সকলৰ মাজতো প্ৰচলিত, গতিকে ধৰিব পাৰি যে এই অলংকাৰ বিধৰ বিকাশ প্ৰাচীন কালতে হৈছিল।

আহোম যুগ
[সম্পাদনা কৰক]ইয়াৰ পাছৰ পৰ্যায়ত আহোম ৰজা সকলৰ বিষয়ে থকা বুৰঞ্জী সমূহৰ বহুতো খণ্ডত কেৰুৰ উল্লেখ পোৱা যায় (যদিও আহোম ভাষাৰ বুৰঞ্জীত কে-ৰু বা কেঞ-ৰু শব্দ প্ৰয়োগ কৰা দেখা নাযায়)। বুৰঞ্জীসমূহত আহোম ছাওফা সকলে বিভিন্ন সময়ত সোণৰ কেৰু দান কৰা উল্লেখ আছে। ছাওফা চুহিত্পংফাই লাকনি ৰুং-চাও (১৭৮৪ সাধাৰণ যুগত) ফুৰালুং ধৰ্মৰ পণ্ডিতসকলক সোণৰ কেৰু দান কৰিছিল।[7] চাওফা চুচেংফাই লাকনি কামাও (১৮০৪ সাধাৰণ যুগত) নিজ পুত্ৰ চাৰিং ৰজাৰ মৃত্যু পাছত ফুৰালুং ধৰ্মীয় দেওধাই পণ্ডিত সকলক সোণ, মাটি সম্পত্তি আৰু কেৰু দান কৰিছিল।[8]
আকৃতি আৰু গঠন
[সম্পাদনা কৰক]
কেৰু দেখিবলৈ অৰ্ধ চন্দ্ৰ আকৃতিৰ। ইয়াৰ তলৰ ফালে সৰু বেল-বুটামজাতীয় অলংকাৰ থাকে যিয়ে কাণত পিন্ধাৰ সময়ত সৌন্দৰ্য্য বৃদ্ধিৰ উপৰিও এটা মৃদু ধ্বনি উৎপন্ন কৰে। কেৰু সাধাৰণতে খাটি সোণৰে তৈয়াৰ কৰা হয় যদিও কিছু অঞ্চলত ৰূপ বা মিশ্ৰ ধাতু ব্যৱহাৰ কৰিও কেইবিধ কেৰু বানোৱা দেখা যায়। [10]
অঞ্চল অনুসৰি প্ৰচলন
[সম্পাদনা কৰক]কেৰুৰ প্ৰচলন মূলত উজনি অসম আৰু নামনিৰ বৰপেটা, নলবাৰী, কামৰূপ, আৰু গোৱালপাৰা আদি অঞ্চলত ব্ৰত, বিয়াৰ অনুষ্ঠান, বিহু আদি উৎসৱ উপলক্ষে পৰিধান কৰা দেখা যায়। কেইবাজনো পৰম্পৰাগত মণিহাৰী শিল্পীৰ মতে, কেৰু এটা যুগৰ পৰা যুগলৈ পৰিয়ালৰ সদস্যৰ মাজত হস্তান্তৰিত হৈ আহিছে।[11]
সাংস্কৃতিক গুৰুত্ব
[সম্পাদনা কৰক]কেৰু কেৱল অলংকাৰ নহয়, ই অসমীয়া পৰম্পৰা আৰু মহিলা সৌন্দৰ্য্যৰ এক অপৰিহাৰ্য অংশ। কেৰুৰ নান্দনিকতা আৰু ঐতিহাসিক প্ৰসঙ্গই ইয়াক অসমীয়া সমাজত এক সাংস্কৃতিক প্ৰতীক হিচাপে পৰিগণিত কৰে। বহুত পৰিয়ালত ই ঠাকুৰমাৰ পৰা নাতিনীৰলৈ উপহাৰ হিচাপে দিয়া হয়, যি পৰম্পৰা ধাৰণাৰ এক অংশ হিচাপে বিবেচিত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 'অসমৰ সংস্কৃতি কোষ: ড° নাৰায়ন দাস, ড° পৰমানন্দ ৰাজবংশী'
- ↑ [https://www.arfjournals.com/image/catalog/Journals%20Papers/IJAR/No%202%20%282022%29-special%20issue/3_Sanghamitra.pdf Chaudhary, Sanghamitra, "Understanding the Bodos through Tangible Heritage",p.31
- ↑ "Tai Ahom Dictionary". https://ahomweb.in/display_word.php?eaa_id=123। আহৰণ কৰা হৈছে: 29 May 2025.
- ↑ Satsari Buranji, p. 58
- ↑ Deodhai Buranji,"ৰজাদেৱলৈ সন্দেশ দি আহিছিল: সোণৰ কেৰু ১ যোৰ, সোনোৱালী কাপোৰ ১ জোৰ, নৰা কাপোৰ এখান।"
- ↑ Purani Assam Buranji, p.40
- ↑ "...goldear-rings (Kerus), bangles, Kunbin and Kunkhā to the Deodhai, Mohan, and Bailung Pandits...."Barua, Golap Chandra (1930). Ahom-buranji (with Parallel English Translation) from the Earliest Time to the End of Ahom Rule. Printed at the Baptist mission Press. পৃষ্ঠা. 340. https://books.google.co.in/books/about/Ahom_buranji_with_Parallel_English_Trans.html?id=TewrkC1yCD0C। আহৰণ কৰা হৈছে: 9 Apr 2026.
- ↑ "...The Ahom Pandits (Deodhai Pandits) were given ear-rings, lands, and gold...."Barua, Golap Chandra (1930). Ahom-buranji (with Parallel English Translation) from the Earliest Time to the End of Ahom Rule. Printed at the Baptist mission Press. https://books.google.co.in/books/about/Ahom_buranji_with_Parallel_English_Trans.html?id=TewrkC1yCD0C। আহৰণ কৰা হৈছে: 9 Apr 2026.
- ↑ Women of Bodo tribe
- ↑ দেৱব্ৰত শৰ্মা. অসমীয়া জাতি আৰু সংস্কৃতি, গৌৰব প্ৰকাশন, ২০১১
- ↑ Assam State Portal. Culture of Assam. Govt. of Assam. [1]
উৎস প্ৰসংগ
[সম্পাদনা কৰক]- Agnihotri, Shailendra Kumar (1994). Phakials & Other Minor Thai Communities of Assam. S. Kumar and Associates. ISBN 978-81-900376-3-1. https://books.google.co.in/books?id=QhJuAAAAMAAJ। আহৰণ কৰা হৈছে: 9 Apr 2026.