টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ[1]। অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য৷ আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুঁইৰ ছালেৰে ছোৱাই এই বাদ্য তৈয়াৰ কৰা হয়৷[2] নামনি অসমত প্ৰচলিত আন এক এনেধৰণৰ লোকবাদ্য দোতাৰাৰ সৈতে ইয়াৰ বহুখিনি মিল দেখা পোৱা যায়[3]। টোকাৰীৰ আকাৰ দোতোৰাতকৈ কিছু ডাঙৰ আৰু বহল হয়। চীনৰ এক বাদ্যযন্ত্ৰ ৰুৱান (ইংৰাজী: Ruan)ৰ সৈতেও ইয়াৰ বহুখিনি সাদৃশ্য আছে[3]। অনুমান কৰা হয় যে টোকাৰী নামৰ উত্পত্তি "টোকৰ" শব্দৰ পৰা হৈছে, অৰ্থাত্ টোকৰ দিয়াৰ ফলত শব্দ সৃষ্টি হোৱা বাবেই এই বাদ্যৰ নাম টোকাৰী ৰখা হয়[3]।
টোকাৰীৰ সৈতে ইয়াৰ বহুখিনি সাদৃশ্য থকা এটা দোতোৰা চিত্ৰত দেখা গৈছে।
এই বাদ্যটি আম, চাম বা তেনে জাতীয় কাঠৰ ৬০ ছে:মি:ৰ পৰা ৯০ ছে:মি: মান দীঘল টুকুৰা এটাৰ এপিনে খোলনি দি আৰু আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমানয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়[1]। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুঁইৰ ছলেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়। সৌন্ধৈৰ্য্য বৃদ্ধিৰ কাৰণে খোলটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত পক্ষী আদিৰ সাঁচ কাটি দিয়া হয়। সাধাৰণতে আয়তাকৃতিৰ খোলটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্থা থকা। ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ খোলাটোৰ শেষ অংশৰ মাজ ভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুণাজৰী খোলাটোৰ চাউনি আৰু কাঠডোখৰৰ ওপৰেৰে নি খোলটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়। আজিকালি মুগা সূতাৰ উপৰি আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা,চিত্ৰা আৰু সুষুম্না নামেৰে জনা যায়[4][3]। টোকাৰীৰ ছাউনিখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰকেইডালক এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়। শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যকমতে টোকাৰীৰ সুৰ বন্ধা হয়। পহু, ছাগলী আদি জন্তুৰ শিং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰকেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলিৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়[1]।