অসমৰ লোকবাদ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ আছে নানা-বৰণীয়া লোক সংস্কৃতিৰ সম্ভাৰ৷অসমৰ শিল্পীয়ে বজোৱা বাদ্যসমূহে এই সম্ভাৰ সমৃদ্ধ কৰাত প্ৰচুৰ অৰিহণা যোগাইছে৷অসমৰ সম্পদ হিচাপে চিহ্ণিত সাঁচিপতীয়া পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে৷পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ আছে৷শংখ,মৃদংগ,পাখোজাজ,দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে৷মহাপুৰুষ মাধৱদেৱৰ বৰগীতত বাদ্যযন্ত্ৰৰ বিষয়ে পোৱা যায়৷এই বাদ্যযন্ত্ৰবোৰ পোন প্ৰথম কোনে,কেতিয়া আৱিষ্কাৰ কৰিছিল তাৰ উল্লেখ নাই যদিও এইটো ঠিক যে বাদ্যযন্ত্ৰবোৰ চহাসকলৰ সৃষ্টি৷[1]

ঢোল[সম্পাদনা কৰক]

ঢোলৰ সৈতে ঢুলীয়া

ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসবত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে । ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল । অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিছায়ক বুলিও ভবা হয়। অসমীয়া সমাজত বৰঢোল,পাতি ঢোল, ঢেপাঢোল আদি কেইবাপ্ৰকাৰৰো ঢোলৰ প্ৰচলন আছে।[2]

পেঁপা[সম্পাদনা কৰক]

পেঁপাৰ সৈতে বিহুৱা

অসমীয়া লোক সংস্কৃতিৰ পৰিচায়ক স্বৰূপ ‘বিহু’ৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল ম’হৰ শিঙৰ পেঁপা । প্ৰাচীন সংগীত বিষয়ক গ্ৰন্থত শিঙাৰ বিষয়ে উল্লেখ আছে। আহোম স্বৰ্গদেউ সকলৰ শাসনকালত ৰাজ্যৰ শুভমুহূৰ্তত ‘ৰংশিঙা’ আৰু অশুভ সময়ত ‘খং শিঙা’ বজাই প্ৰজাক জাননী দিয়াৰ কথা জনা যায়। মহৰ শিঙৰ পৰা তৈয়াৰী অসমৰ এই পেঁপাটোৰ নামতো মুলতে চীন- তিব্বতীয় শব্দ । তিব্বতত ব্যৱহাৰ হোৱা পেঁপা জাতীয় বাদ্যতো অসমৰ পেঁপাতকৈ দীঘল আৰু পিতলেৰে তৈয়াৰী।

বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নেযায়। জন-বিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত মহৰ শিং এটা মলয়া বতাহত আপোনা আপুনি বাজি উঠাত,ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্ম প্ৰকাশ কৰে। পৰম্পৰাগত ভাবে মহ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পুৰ্ণাংগ লোকবাদ্যত পৰিণত হয়।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত, মিচিং সকলে ইয়াক ‘পেম্পা’ , ডিমাছা সকলে ‘সুৰি’ ,ৰাভাসকলে আৰু ‘ছিংগ্ৰা’ আৰু চাহ-জনজাতিসকলে ‘পেঁপাটি’ বুলি কয়। [3]

টকা[সম্পাদনা কৰক]

টকা বজাই থকা এজন বিহুৱা

অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা।এই বাদ্যৰ ব্যৱহাৰো অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে অসমৰ চহা জীৱনত এই বাদ্যটি অতি সুলভ ।বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাতচাপৰিৰ চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ। [4]

গগনা[সম্পাদনা কৰক]

গগনা বজাই থকা দুজনী বিহু নাচনী।

গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্প জাতীয় বাদ্যযন্ত্ৰ । এই হাৰ্পজাতীয় বাদ্য বিলাক অতি প্ৰাচীন বুলি জনা যায়, আৰু পৃথিবীৰ প্ৰায়বোৰ সভ্যতাতে এনে বাদ্যৰ প্ৰচলন দেখা পোৱা যায় । মুখত লৈ বজোৱাৰ বাবে ইয়াক একধৰণৰ Jaw Harp বোলাহে বেছি সমিচীন হব। গগনা অসমৰ মংগোলীয় জনগোষ্ঠী বিলাকৰ অবদান । অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায়। গগনাৰ আকাৰ লৈ ইয়াক , ৰামধন গগনা, লিহিৰি গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায়, আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়। যিহেতু গগনা এবিধ এক-সুৰব্দ্ধ বাদ্য (Fix Tuned), ইয়াৰ মাতো স্থিৰ স্বৰমানৰ (Constant Pitch)। গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য । ওজা ঢুলীয়াৰ ঢোলৰ মালিতাত গগনাৰ উৎপত্তিৰ কাহিনী বৰ্ণন কৰাৰ লগতে, সৰস্বতী দেবীয়ে গগনা বাদন কৰে বুলি গোৱা হয়। [5]

সুতুলি[সম্পাদনা কৰক]

সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পখীৰ মাতৰ অনুকৰণত বাঁহিৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল- আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়- যাক চীনা ভাষাত – সুন ( xun) বুলি কোৱা হৈছিল।

সুতুলিৰ সৃষ্টি প্ৰাকঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে , বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায় । সুতুলিৰ আকাৰ আৰু সুৰলৈ চাই , চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্ঙান কৰা হৈছিল বুলি ভাবিব পাৰি। সুতুলীৰ মাতত বৰষূণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে। [6]

বাঁহী[সম্পাদনা কৰক]

বাঁহীক সম্পূৰ্ণভাবে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি আভিহিত কৰিব নোৱাৰিলেও, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ , বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ । বৈষ্ণব সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। বাঁহীক অসমত মুৰুলী , বংশী, বেণু , বাঁশী, আদি বহু নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে । অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য । বাঁহীৰ উৎপত্তি চীন দেশত বুলি থাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন । [7]

বীণ[সম্পাদনা কৰক]

অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য বীণ। বিহুত ব্যৱহাৰ হোৱা ৮ বিধ মুল বাদ্যৰ ভিতৰত বীনো এবিধ। বিহুৰ উপৰিও বৈৰাগী সকলে এই বাদ্য বজাই বিভিন্ন বিৰাগ ৰসৰ গীত গোৱা দেখা যায়। মাথো এডাল তাঁৰৰ বীণ, ভায়োলিনৰ দৰে ৰেপি ৰেপি বজোৱা এবিধ বাদ্যযন্ত্ৰ। নামৰ মিল থাকিলেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বীণ বা বীণা সমুহৰ লগত এই অসমীয়া বীণ একেবাৰে পৃথক।[8]

ভোৰতাল[সম্পাদনা কৰক]

ভোৰতাল

অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ ধাতুৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম৷ এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে৷ ভোৰতালৰ ওজন সাধাৰনতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে[9]৷ বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়৷ এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়[9]ভূট তাল ভোৰতালৰ আন এক নাম৷ ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল[9]

খ্ৰাম[সম্পাদনা কৰক]

খ্ৰাম তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচাসকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম'হৰ ছালেৰে তৈয়াৰী।ইয়াক এমুৰে হাতেৰে চপৰিয়াই আৰু আনমূৰে এডাল মাৰিৰে কোবাই বজোৱা হয়।[10]

মাদল[সম্পাদনা কৰক]

মূৰজ বা মৰ্দল নামেৰেও পৰিচিত আৰু প্ৰধানত: কাঠেৰে নিৰ্মিত ৫০ চেণ্টমিটাৰৰ পৰা ৭০ চেণ্টিমিটাৰমান দীঘল মাদলৰ দুয়োটা মূৰৰ ব্যাস সমান নহয়;সোঁফালৰ মূৰটোৰ ব্যাস ৩০ চেণ্টিমিটাৰৰ পৰা ৪০ চেন্টিমিটাৰ আৰু বাওঁফালৰ মূৰটোৰ ব্যাস ২০ চেণ্টিমিটাৰৰ পৰা ৩০চেণ্টিমিটাৰমান হ'ব।দুয়োফালৰ মূখ দুখনত ছামৰাৰ তালি বা ছাউনি দি বৰটিৰ সহায়ত টানকৈ বন্ধা হয়।মাদল সাধাৰণতে বান্দৰৰ ছালেৰে চোওৱা হয় বুলি উল্লেখ পোৱা যায়।এসময়ত পোৰা মাটিৰে তৈয়াৰী মাদলৰো প্ৰচলন আছিল যদিও বৰ্তমান বিভিন্ন কাৰণৰ নিমিত্তে কাঠেৰে নিৰ্মিত মাদলৰ ব্যৱহাৰেই অধিক হোৱা দেখা যায়।মাদলৰ দুই মূখৰ ছানৰা দুখনত খোল, মৃদংগ আৰু আউনীআটী সত্ৰত প্ৰচলিত ঢোলকৰ নিচিনাকৈ চিঞাহী বা ঘুণ বা ঘুৰ্ণৰ(লোৰ গুড়িৰ সৈতে চিৰা বা ভাতৰ আঠাৰ মিশ্ৰণ) এক বৃত্তাকাৰ লেপন দিয়া হয়।মাদলতো কাটনি ছাল, মাজৰ তালি, মলুৱা আদি থাকে।খোলত ৰূপহী থকাৰ দৰে মাদলৰ খোলটোতো বৰটি মেৰিয়াই থোৱা থাকে।অৱশ্যে, মাদলত দিয়া ঘুণৰ ব্যাস খোল, মৃদংগ আদিৰ ঘুণৰ ব্যাসতকৈ ডাঙৰ[10]

বিহুতাল[সম্পাদনা কৰক]

বিহুতাল পাতিতালতকৈ কিছু সৰু কাৰণেই ইয়াক সৰু পাতিতাল বুলিও কোৱা হয়।এই তালৰ বাতি বা বেটু চেপেটা ধৰণৰ পাতিতালৰ বাটিতকৈ অলপ ডাঙৰ, পিচে পাতৰ অংশটি পাতিতালৰ পাততকৈ ঠেক।এইবিধ তাল বিহুগীত, বিহুনাচ, বিহুঢোল আদি পৰিৱেশন কৰোতে সংগত কৰা হয়।তদুপৰি, ঢুলীয়া ওজাই ঢোল বাওঁতেও তালীয়াজনে বিহুতালকে বজায়।মূলত: বিহুগীত বা নাচ আৰু ওজাৰ সৈতে বিশেষভাবে ব্যৱহৃত হোৱাৰ কাৰণেই এই প্ৰকাৰৰ তালক বিহুতাল বা ওজাতাল বুলি কোৱা হয়[10]

টোকাৰী[সম্পাদনা কৰক]

অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমুহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়।এই বাদ্যটি আম, চাম বা তেনে জাতীয় কাঠৰ ৬০ চে:মি:ৰ পৰা ৯০ চে:মি: মান দীঘল টুকুৰা এটাৰ এপিনে খোলনি দি আৰু আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমানয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুঁইৰ ছলেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়।সৌন্ধৰ্য্য বৃদ্ধিৰ কাৰণে খোলটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত পক্ষী আদিৰ সাঁচ কাটি দিয়া হয়।সাধাৰণতে আয়তাকৃতিৰ খোলটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্থা থকা।ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ খোলাটোৰ শেষ অংশৰ মাজ ভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুণাজৰী খোলাটোৰ চাউনি আৰু কাঠডোখৰৰ ওপৰেৰে নি খোলটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়।আজিকালি মুগা সূতাৰ উপৰি আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়।সি যি কি নহওক, এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা,চিত্ৰা আৰু সুষুম্না নামেৰে জনা যায়।টোকাৰীৰ ছাউনিখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰকেইডালক এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়।শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যকমতে টোকাৰীৰ সুৰ বন্ধা হয়।পহু, ছাগলী আদি জন্তুৰ শিং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰকেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলিৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়[10]

শিঙা[সম্পাদনা কৰক]

অসমৰ সুষিৰ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত শিঙাৰ ব্যৱহাৰ প্ৰাচীন বুলি ক'ব পাৰি।১৪০০ শতাব্দীত ৰচিত অপ্ৰমাদী কবি মাধব কন্দলিৰ 'ৰামায়ণ' আৰু আন আন প্ৰাচীন পদপুথিত শিঙা বাদ্যৰ উল্লেখ থকা কথাটোৱেই বাদ্যটিৰ প্ৰাচীনত্বৰ বিষয়ে ইংগিত প্ৰদান কৰে।শিঙা ব্যৱহাৰৰ ক্ষেত্ৰখনৰ পৰিধি বহল আৰু উদ্দেশ্যও বিভিন্ন আৰু সেই হিচাপেই ইয়াৰ নামাকৰণতো ভিন্নতা থকা দেখা যায়।সাধাৰণতে শিঙাক ৰাম শিঙা, ৰণ শিঙা, খংশিঙা আদি ভাগত বিভক্ত কৰা হয়[10]

খোল[সম্পাদনা কৰক]

খোল বাদ্যযন্ত্ৰক মৃদঙ্গৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ অসম, বঙ্গ, মণিপুৰ (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু উৰিষ্যাত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে সন্মান কৰি ইয়াক শ্ৰীখোল বোলে।

অসমত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমত নিজে খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল,বোল আদি ৰচনা কৰি প্ৰচলন কৰে । বৰগীত আৰু সত্ৰীয়া নৃত্যৰ বাবে খোল হৈছে এক অপৰিহাৰ্য্য তাল বাদ্য । অসমৰ খোল বাদন বিশ্বত চিনাকি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ কৰোঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীৰসেশ্বৰ শইকীয়া বায়নৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ডবা[সম্পাদনা কৰক]

ডবা অসমৰ লোকবাদ্য সমূহৰ ভিতৰত অন্যতম এবিধ লোকবাদ্য।সাধাৰণতে অসমীয়া জনজীৱনৰ লগত পৰিচিত "নামঘৰ"ত সাধাৰণতে ডবাৰ ব্যৱহাৰ কৰা হ'য়। ডবাৰ এটা খোলা থাকে।সেই খোলাটো আগৰ দিনত বৃহৎ আকাৰৰ গছৰ পৰা নিৰ্মান কৰা হৈছিল যদিও আজিকালি পিতল বা তেনেজাতীয় ধাতুৰ পৰাও তৈয়াৰ কৰা হয়।খোলাটোৰ এটা মুৰ খোলাকৈ ৰখা হ'য়।সেই অংশত গৰু ছাল লগাই টান ৰছীৰে বান্ধি বজাবৰ বাৱে উপযুক্ত কৰি তোলা হয়।অসমীয়া জনসমাজত পুৱা-গধুলি নামঘৰত চাকি জ্বলাওতে নামঘৰীয়াই ডবা বজোৱাৰ লগতে নামঘৰত বিশেষ আলোচনা,মেল-মিটিঙ থাকিলে ৰাইজক জাননী দিবলৈ ডবাৰ ব্যৱহাৰ কৰে।

মৃদঙ্গৰ উৎপত্তি আৰু ক্ৰমবিকাশ[সম্পাদনা কৰক]

মৃদঙ্গ সত্ৰীয়া নৃত্যত ব্যৱহাৰ হয়৷মৃদঙ্গক দুভাগ কৰি দুগি আৰু দাইনা কৰা হৈছে৷[11]

দোতোৰা[সম্পাদনা কৰক]


দগৰ[সম্পাদনা কৰক]


নাগাৰা[সম্পাদনা কৰক]

নাগাৰা
নাগাৰা

নাগাৰা এবিধ বাদ্য। নাম-প্ৰসঙ্গ, থিয় নাম, দিহানাম আদি নাম গাৱলৈ নামৰ চেঁৱে চেঁৱে এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। একেলগে দুটা নেগেৰা বা তাতোধিক নেগেৰা বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিয়েই নেগেৰা বজাবলৈ ব্যৱহাৰ কৰা হয়।



নাগাৰাৰ ডাঙৰতোৰ নাম- নাগাৰা আৰু সৰুতোৰ নাম কুলকুলি।ডাঙৰ নাগাৰাটোৰ বজোৱা অংশটোক কোবা বা কোবনি বুলি কোৱা হয় আৰু সৰু নাগাৰাটোৰ বজোৱা অংশটোক তালি বুলি কোৱা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সম্ভাৰ,অসমীয়া প্ৰতিদিন,২৭ ছেপ্টেম্বৰ,২০১৫,লেখক-কৃষ্ণ ডেকা
  2. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/dhol_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  3. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/pepa_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  4. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/toka_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  5. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/gogona_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  6. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/xutuli_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  7. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/bahi_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  8. "Home". Anvesha.co.in. http://www.anvesha.co.in/assamese/bin_as.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  9. 9.0 9.1 9.2 "Taal". Anvesha.co.in. http://www.anvesha.co.in/taal_en.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  10. 10.0 10.1 10.2 10.3 10.4 লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯
  11. সম্ভাৰ,অসমীয়া প্ৰতিদিন,২৭ ছেপ্টেম্বৰ,২০১৫,লেখক-কৃষ্ণ ডেকা

বাহ্যিক সংযোগ[সম্পাদনা কৰক]