অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ ধাতুৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে[1]। বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়[1]। ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল[1]।
বৈষ্ণৱৰ নাম-কীৰ্তন, ওজাপালি, থিয় নাম, পাল নাম, চেওঁ চাপৰি নাম প্ৰভৃতি পৰিৱেশনত ভোৰ তাল আৱশ্যকীয় অংগ। থিয় অথবা পাল নামত একোজনা বাদকে কেইবাজোৰো ভোৰ তাল একেলগে বজায়[2]।