তিব্বত স্বায়ত্তশাসিত অঞ্চল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তিব্বত স্বায়ত্তশাসিত অঞ্চল (TAR), ছিজাং স্বায়ত্তশাসিত অঞ্চল, চুটিকৈ তিব্বত বা ছিজাং (চীনা ভাষাত:西藏; পিন্যিন লিপিত: Xīzàng; তিব্বতী ভাষাত: བོད་, ৱিলিত: Bod ) গণপ্ৰজাতন্ত্ৰী চীনৰ এক আঞ্চলিক পৰ্যায়ৰ স্বায়ত্তশাসিত অঞ্চল। এই অঞ্চলক আনুষ্ঠানিক ভাৱে ১৯৬৫ত প্রতিষ্ঠা কৰা হ'ল, গণপ্ৰজাতন্ত্ৰী চীনে চীন গণৰাজ্যৰ  পৰা লাভ কৰা তিব্বত অঞ্চল শাসনাঞ্চলৰ স্থানত, ১৯৫৯ৰ তিব্বতী আন্দোলনৰ পাছত কাছাগক বৰ্খাস্ত কৰাৰ প্ৰায় ৫ বছৰ পাছত আৰু ১৯৫১ চনত তিব্বতক গণপ্ৰজাত্নত্ৰী চীনত বৰ্ত্তী কৰোৱাৰ প্ৰায় ১৩ বছৰ পাছত।

চীনত তিব্বত এক স্বায়ত্তশাসিত অঞ্চল হিচাপে চিহ্নিত। এই অঞ্চলৰ সীমা ১৮ শতিকাত নিৰ্দ্ধাৰিত আৰু ই সাংস্কৃতিক আৰু জাতিগত তিব্বতৰ অৰ্ধাংশ সামৰে।[1] তিব্বত স্বায়ত্তশাসিত অঞ্চল চীনৰ চিঞ্চিয়াঙৰ পাছত দ্বিতীয় সৰ্ববৃহৎ অঞ্চল, যিয়ে ১২০০০০০ বৰ্গ কিলোমিটাৰ ভূমি সামৰে আৰু পৰ্বতীয় আৰু কঠোৰ পৰিবেশৰ অঞ্চল হোৱাৰ বাবে চীনাৰ আতাইতকৈ কম জন ঘনত্ব থকা প্ৰশাসনীয় ভাগ।

ইতিহাস[সম্পাদনা কৰক]

আধুনিক কালৰ পণ্ডিতসকলে বৰ্তমানেও এই কথাৰ ওপৰত তৰ্ক কৰে, যে চীনা মিং বংশই প্ৰকৃতাৰ্থত তিব্বতৰ ওপৰত সাৰ্বভৌম নিয়ন্ত্ৰণ ৰাখিছিলনে? অৰ্থাৎ, ১৩-১৪ শতিকাত মংগোলসকলে তিব্বত দখল কৰাৰ আৰু য়ুৱান প্ৰশাসনীয় শাসনৰ পাছত  চীনা মিং বংশ আৰু তিব্বতৰ সম্পৰ্ক কি আছিল (১৩৬৮-১৬৪৪)।[2][3][4]    যদিও ১৭২০ৰপৰা তিব্বত চিং বংশৰ দ্বাৰা ৰক্ষিত আছিল, ১৯১২ৰপৰা ১৯৫০লৈ বিশেষকৈ চিনহাই বিপ্লৱৰ বাবে আৰু চীনা চৰকাৰ জাপানীসকলৰ সৈতে যুদ্ধত ব্যস্ত থকাৰ বাবে তিব্বতীসকলে অলপ সকাহ পাইছিল। সাংস্কৃতিক আৰু জাতিগত তিব্বতৰ আন আন ভাগ, অৰ্থাৎ খাম আৰু আমড'ও ১৮ শতিকাৰ মাজ ভাগৰপৰা চীনা বংশগত শাসনৰ অধীন।[5] বৰ্তমানে এই অঞ্চলসমূহ চিংহাই, গানচু, চিচুৱান আৰু য়ুন্নান অঞ্চলৰ অন্তৰ্গত।

১৯৫০ত চীনৰ গণ মুক্তি সেনাই তিব্বতী সেনাক চামড'ৰ ওচৰৰ এখন যুদ্ধত পৰাস্ত কৰিলে। ১৯৫১ত তিব্বতৰ প্ৰতিনিধিসকলে চীনা কেন্দ্ৰীয় গণ চৰকাৰৰ সৈতে এক ১৭ চৰ্তযুক্ত চুক্তি স্বাক্ষৰ কৰিলে, যাৰ ফলস্বৰূপে তিব্বতত চীনে সাৰ্বভৌম দখল লাভ কৰাৰ লগতে তিব্বত চীনৰ অংগ হ'ল। চুক্তিখন কেইমাহমানৰ পাছত ল্হাছাত ৰেটিফাই কৰা হ'ল।[6][7] যদিও ১৭ চৰ্ত্তযুক্ত এই চুক্তিখনে দালাই লামাক স্বায়ত্তশাসনৰ ভাৰ প্ৰদান কৰিছিল, ১৯৫৫ত সাম্যবাদী কায়দাৰ নামত "তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ প্ৰস্তুতি সমিতি" গঠন কৰা হ'ল এক সম পৰ্যায়ৰ শাসন চলাবলৈ। ১৯৫৯ত দালাই লামা ভাৰতলৈ পলাই আহিল আৰু ১৭ চৰ্ত্তযুক্ত চুক্তিখনৰ কথা দোহাৰিলে। ১৯৬৫ত সেয়ে তিব্বত স্বায়ত্তশাসিত অঞ্চল গঠিত হ'ল, যাৰ মৰ্যাদা আন চীনা অঞ্চলৰ সৈতে সমান।

চহৰ আৰু গাওঁ[সম্পাদনা কৰক]

"আৰামদায়ক গৃহ ব্যৱস্থা"[সম্পাদনা কৰক]

২০০৬ৰ পৰা পৰম্পৰাগত ভাৱে অঘৰী পশু পালনকাৰী ২৮০০০০ তিব্বতীক বল প্ৰয়োগ কৰি গাওঁ আৰু চহৰত ৰখা হৈছে। সেই অঞ্চলসমূহত নতুন নতুন গৃহ নিৰ্মাণৰ লগতে পূৰ্বৰে পৰা উপস্থিত গৃহসমূহক পুনৰ নিৰ্মাণ কৰি মুঠ ২ নিযুত লোকে বাস কৰিব পৰা কৰা হ'ল। কম মানৰ ঘৰত থকা লোকসকলে চৰকাৰী মানৰ সৈতে খাপ খাবলৈ নিজ গৃহ পুনৰ্নিৰ্মাণ কৰিবলগীয়া হ'ল। প্ৰায় খৰচ বাসিন্দাসকলেই বেংকৰ ধাৰ আদিৰ মাধ্যমেৰে বহন কৰিবলগীয়া হৈছিল। প্ৰথম চিংহাইত আৰম্ভ হোৱা জনসংখ্যা স্থানান্তৰ কাৰ্যসূচীক "আৰামদায়ক গৃহ ব্যৱস্থা" বোলা হৈছে আৰু ই "নৱ সমাজবাদী গাওঁ নিৰ্মাণ" কাৰ্যসূচীৰ অন্তৰ্গত। ইয়াৰ তিব্বতী সংস্কৃতিৰ ওপৰত পৰা প্ৰভাৱক দেশত্যাগী আৰু মানৱাধিকাৰ গোটসমূহ উভয়ে সমালোচনা কৰিছে।[8] কেৱল কৃষি জড়িত কৰ্মৰ অৰ্হতা থকা প্ৰায়সংখ্যক স্থানান্তৰিত লোকেই সংস্থাপনৰ অসুবিধা ভুগিছে। আয়ৰ অভাৱক চৰকাৰী সমৰ্থন কাৰ্যক্ৰমে সকাহ দিছে।[9] ২০১১ চনত ঘোষণা কৰা হ'ল যে ২০০০০ কমিউনিষ্ট পাৰ্টি কেডাৰক নতুন চহৰত স্থান দিয়া হ'ব।[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "What is Tibet?
  2. Wylie (2003), 470.
  3. Wang & Nyima (1997), 1–40.
  4. Laird (2006), 106–7.
  5. Grunfeld, A. Tom, The Making of Modern Tibet, M.E. Sharpe, p245.
  6. Gyatso, Tenzin, Dalai Lama XIV, interview, 25 July 1981.
  7. Goldstein, Melvyn C., A History of Modern Tibet, 1913–1951, University of California Press, 1989, p. 812-813.
  8. 8.0 8.1 ""They Say We Should Be Grateful": Mass Rehousing and Relocation Programs in Tibetan Areas of China". Human Rights Watch. June 2013. http://www.hrw.org/sites/default/files/reports/tibet0613_brochure_web.pdf। আহৰণ কৰা হৈছে: 28 June 2013. 
  9. Jacobs, Andrew (27 June 2013). "Rights Report Faults Mass Relocation of Tibetans". The New York Times. http://www.nytimes.com/2013/06/28/world/asia/rights-report-faults-mass-relocation-of-tibetans.html। আহৰণ কৰা হৈছে: 28 June 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]