ভুঁই-ৰোৱা উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ধান খেতিক কেন্দ্ৰ কৰি কামৰূপ জিলাত ভালেমান উৎসৱ তথা লোকাচাৰৰ প্ৰভাৱ দেখা যায়। তাৰ ভিতৰত ভুঁই ৰোৱা উৎসৱ বিশেষভাৱে উল্লেখযোগ্য। ভূঁইৰোৱা উৎসৱ সাধাৰণতে জেঠ বা আহাৰ মাহত পালন কৰা হয়। ইয়াক ভূঁইত ‘গজ’ দিয়া উৎসৱ বুলিও কোৱা হয়। এই উৎসৱ পালন কৰিবলৈ সাধাৰণতে ভাল দিন-বাৰ চাই লোৱা হয়। তাৰ পিছত ভাল ৰাশিৰ লোক এজনৰ হতুৱাই পথাৰত প্ৰথমে কঠিয়া ৰোপণ কৰে। ইয়াক গছ দিয়া বুলি কোৱা হয়।

গছ দিয়াৰ আগতে কেইটামান নিয়ম পালন কৰা হয়। প্ৰথমতে লোকজনে গা-মূৰ ধুই শুদ্ধ মনে এই কাৰ্য সমাপণ কৰিবলৈ আগবাঢ়ে। তাৰপিছত তেওঁ আই লখিমীলৈ বুলি চাকি-বন্তি জ্বলাই সেৱা জনায়। নিজ হাতেৰে কঠিয়ালতীৰপৰা তিনিমুঠি কঠিয়া তোলে। এই নিয়ম বজালী অঞ্চলত আইতাসকলৰ মাজত আজিও প্ৰচলিত। তোলা কঠিয়াখিন এটা দোণত ভৰাই লয় আৰু দোণটো মূৰত তুলি ভূঁইতলীলৈ নিয়ে। ভূঁইতলীত পুনৰ এবাৰ সেৱা জনোৱা হয়। পিছত সোঁহাতেৰে কঠিয়াখিনি তুলি বাওঁহাতেৰে এটা ত্ৰিভূজ আকৃতিৰে তিনিমুঠি কঠিয়া ৰুব লাগে। সাধাৰণতে পূব মূৱাকৈ আৰু একে উশাহতে এই কাৰ্য সমাধা কৰিব লাগে। আৰু এনেদৰে তিনিমুঠি একে উশাহতে ৰুৱাকে গছ দিয়া বুলি কোৱা হয়। কথিত আছে যে এনেদৰে গছ দিয়াৰ আগতে পথাৰত কঠিয়া ৰুব নাপায়। তাকে কৰিলে আই লখিমী অসন্তুষ্ট হ’ব বুলি জনমানসত বিশ্বাস আছে। ভূঁইত গছ দিয়াৰ পিছত লোকজনে ঘৰলৈ আহি তুলসী তলত চাকি-বন্তি জ্বলাই শৰাই আগবঢ়ায়, ভঁৰাল আদিতো চাকি জ্বলায়। দুপৰীয়া দুধ কচু আৰু গঞ্ছনা ব্যঞ্জনেৰে আহাৰ গ্ৰহণ কৰাটো নিয়ম। এনেদৰে আহাৰ গ্ৰহণ কৰিলে কঠিয়াবোৰ দুধকচুৰ দৰে শকত আৰু গঞ্ছনাৰ দৰে টান হয় বুলি বিশ্বাস কৰে। কাৰণ গঞ্ছনাৰ দৰে টান হ’লে প্ৰাকৃতিক দুৰ্যোগ আহিলেও ধানৰ গছে এই দুৰ্যোগৰপৰা পৰিত্ৰাণ পাব। আনাহাতে গছ দিয়া লোকজন গছ দি শুব নাপায়। কাৰণ এনে কৰিলে গছবোৰ বাগৰি পৰিব বুলিও বিশ্বাস কৰে। এনেদৰে নিয়ম নীতিৰে কামৰূপত গছ দিয়া বা ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়।