বহুৱা নৃত্য
বহুৱা নৃত্য | |
---|---|
![]() বহুৱা নাচ | |
শৈলী | লোকনৃত্য |
“বহুৱা নাচ” অসমৰ সোনোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোনোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোনোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে। প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নাচৰ আয়োজন কৰে। এই নাচৰ আৰম্ভণি কেতিয়া হৈছিল সেই কথা তেওঁলোকে ক'ব নোৱাৰে কিন্তু তেওঁলোকৰ আজোককাকৰ দিনৰ পৰাই প্ৰচলিত আছিল বুলি বিশ্বাস কৰে।
জড়িত পৌৰাণিক আখ্যান[সম্পাদনা কৰক]
পৌৰাণিক উপাখ্যান মতে দক্ষ মহাৰাজৰ পুত্ৰী সতীয়ে দেউতাকৰ আদেশ অমান্য কৰি ভগৱান সদাশিৱক বিবাহ কৰাৰ বাবে দক্ষৰাজ খঙত অগ্নিশৰ্মা হৈ পৰে। ইয়াৰ পোতক তুলিবৰ বাবে দক্ষ মহাৰাজে এক মহাযজ্ঞৰ আয়োজন কৰে যত তেওঁ সদাশিৱ আৰু জীয়েক সতীৰ বাহিৰে জগতৰ সকলো অসুৰ, দেৱতাক নিমন্ত্ৰণ জনায়। কিন্তু দেউতাকে ভুলতে তেওঁলোকক যজ্ঞলৈ নিমন্ত্ৰণ জনাবলৈ পাহৰিলে বুলি ভাবি সতীয়ে সেই যজ্ঞলৈ যায়। যজ্ঞত সতীক দেখা পাই দক্ষ মহাৰাজে খঙত অগ্নিশৰ্মা হৈ তেওঁক সকলোৰে আগত ককৰ্থনা কৰে। দেউতাকৰ কৰ্কথনা শুনি সতী লাজে অপমানে ভাগি পৰে আৰু জুইত জাপ দি নিজৰ প্ৰাণ বিসৰ্জন দিয়ে। এই কথা শুনি ভগৱান সদাশিৱ অগ্নিশৰ্মা হৈ পৰে আৰু নিজৰ জঁটাৰ চুলি ছিঙি বীৰভদ্ৰ আৰু ৰুদ্ৰকালি নামৰ দুই অসুৰৰ সৃষ্টি কৰি দক্ষক বধ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ কথামতে বীৰভদ্ৰই যজ্ঞস্থলীলৈ গৈ ৰজা দক্ষৰ শিৰশ্ছেদ কৰে আৰু দক্ষৰ শিৰটো যজ্ঞৰ অগ্নিকুণ্ডত নিক্ষেপ কৰে। আনহাতে যজ্ঞ আধৰুৱা হৈ ৰোৱাত তাত উপস্থিত থকা দেৱতা সকল চিন্তিত হৈ পৰে আৰু দক্ষক পুনৰ জীৱন্ত কৰি যজ্ঞ সম্পূৰ্ণ কৰিবৰ বাবে উপায় বিচাৰি ব্ৰহ্মাৰ কাষ চাপে। ব্ৰহ্মাই তেওঁলোকৰ কথা শুনি সদাশিৱক যক্ষক পুনৰ জীৱনদান দিবৰ বাবে অনুৰোধ কৰে। ব্ৰহ্মাৰ অনুৰোধত সদাশিৱই দক্ষক পুনৰ জীৱনদান দিয়ে যদিও তেখেতৰ দেহত মানৱ শিৰৰ সলনি এটা ছাগলীৰ শিৰ উপস্থাপন কৰি দিয়ে আৰু এই কাহিনীটোকেই বহুৱা নৃত্যত প্ৰদৰ্শন কৰা হয়।
প্ৰধানকৈ উপাস্য দেৱতা শিৱক সন্তুষ্ট কৰিবৰ কাৰণেই সোণোৱাল কছাৰীসকলে এই নাচ পৰিৱেশন কৰে। তেওঁলোকৰ বিশ্বাসমতে প্ৰভু সন্তুষ্ট হ’লেই সমাজৰপৰা অপায়-অমংগল দূৰ হ’ব, বেমাৰ-আজাৰ আঁতৰিব আৰু সমাজত শান্তি স্থাপিত হ’ব।
বেশ-ভূষা আৰু প্ৰদৰ্শন ৰীতি[সম্পাদনা কৰক]
এই নাচ প্ৰদৰ্শন কৰোঁতে শিল্পীসকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয়। এই নাচৰ প্ৰস্তুতিপৰ্বত শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন হাবিত। তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে। বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয়। একোজন বহুৱাক সাজ-সজ্জাৰে তৈয়াৰ কৰিবলৈ প্ৰায় ৩-৪ ঘণ্টা সময় লাগে। হাবিৰপৰা ওলোৱা বহুৱাই মঞ্চত প্ৰৱেশ কৰাৰ আগতে এখন ৰঙা কাপোৰ আঁৰি দিয়া হয়। এই ৰঙা কাপোৰখনক সোনোৱাল কছাৰীসকলে ধ্বংস আৰু সৃষ্টিৰ ঐশ্বৰিক লীলাৰ প্ৰতীক বুলি জ্ঞান কৰে।
বহুৱা নৃত্যত বাদ্যযন্ত্ৰ হিচাপে মৃদংগ আৰু তাল ব্যৱহাৰ কৰা হয়। মৃদংগৰ তালে তালে গায়ন-বায়ন, বহুৱা, ভূত-প্ৰেত সকলোৱে একেলগে নাচে। বহুৱা দলৰ পিছতে এটা বিহুৱা দলেও মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰে। এই নাচ শেষ হোৱাৰ পিছত সকলো ভাৱৰীয়াই গা-পা ধুই গাঁৱৰ এঘৰত একেলগে ভোজ-ভাত খায়। [1]
লগতে চাওক[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত সোণোৱাল কছাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ লোক-বৈভৱ, আকাশবাণী গুৱাহাটী।
|