বাইথ’ পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
খ্ৰীং খ্ৰীং বাইথ’ পৰম্পৰা
দেশ অসম, ভাৰত

সোনোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা খ্ৰীং খ্ৰীং বাইথ’ অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পিছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি আগদিনা ৰ্অথাৎ দেওবাৰে অনুষ্ঠিত ‘দেও নমোৱা’ কাৰ্য্যসূচী আৰম্ভ কৰি চাৰিদিনীয়াকৈ পালন কৰা হয়। আধ্যাত্মিকতাভিত্তিক এই লোক-পৰম্পৰা সৃষ্টিতত্বৰ সৈতে সংগতিসম্পন্ন।

পৌৰাণিক আখ্যান[সম্পাদনা কৰক]

অন্যান্য কছাৰীসকলৰ লগতে সোনোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা ধৰ্মটোৰ নাম হৈছে ‘কিৰাত’ বা ‘কৈৰাত’। এই ধৰ্মমতৰ প্ৰধান উপাস্য দেৱতা 'কিৰাত' বা 'শিৱ' হোৱাৰ বাবেই ধৰ্মটোৰ নাম হয় ‘কিৰাত’ বা ‘কৈৰাত’। সোনোৱালসকলে বাইথ’পৰম্পৰাত পৰিৱেশিত তেওঁলোকৰ প্ৰাচীনতম স্তুতিগীত ‘হায়দাং গীত’ত ‘হা ইয়হ নমো নাৰায়ণ’....বুলি নাৰায়ণৰূপী ব্ৰহ্মাক প্ৰণাম জনাই সৃষ্টিতত্বৰ ৰহস্য ব্যাখ্যা কৰে। তেওঁলোকে বিশ্বাস কৰে যে পৰমাত্মাৰ আদি ৰূপ হ’ল ‘নাৰায়ণ’। এই নাৰায়ণক আৰোপ কৰা হৈছে শিৱত। কিৰাত দেৱতাক বড়ো ভাষাত ‘বাথান’ বা ‘বাথৌ’ বুলি কোৱা হয় আৰু তাৰেই অপভ্ৰংশ ৰূপত হয়তো সোনোৱালসকলে ইয়াক 'বাইথ'’ আৰু তাৰ উপাসনাক 'বাইথ’পৰম্পৰা বুলি অভিহিত কৰিছে। বাইথ’ পপৰম্পৰা সোনোৱালসকলৰ কেৱল আধ্যাত্মিক পৰম্পৰাই নহয়, আৱহমান কালৰে পৰা পালন কৰি অহা ই এটি কৃষিভিত্তিক লোক-উত্সৱ।

বিৱৰণ[সম্পাদনা কৰক]

Baitho than.jpg

এই উৎসৱ তিনিচুকীয়া জিলাৰ ডাঙৰিৰ বৰপথাৰ-নপথাৰ গাঁৱত অৱস্থিত তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাঙ্গণত প্ৰতি বছৰে মহা-সমাৰোহেৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্তিম দিনা শিৱ-লিঙ্গৰূপে প্ৰতিষ্ঠা কৰা জামু গছৰ খুঁটাৰ কাষত "হাইঠা শিমলু লেং ঠাই ঠাই, সকলো দেৱতাৰ একে ঠাই, জামুকৰ খুঁটাতে দিছং ঠাই" বুলি মন্ত্ৰোচ্চাৰণ কৰি মজিন্দাৰে বাইথ'ৰ মূল অনুষ্ঠান সামৰাৰ লগে লগে যৌৱনোন্মোত্ত উৎসাহীসকলে মজিন্দাৰৰ চোতালত ঢোল, তাল, পেঁপা, বাঁহী, গগণাৰ সমন্বয়ত স্বতঃস্ফূৰ্ত উলাহ-উচাহেৰে বিহু মাৰি পৰিৱেশ উত্তাল কৰি তোলে। তাৰপিছত একেখন চোতালতেই এক আধ্যাত্মিক পৰিৱশত কেতবোৰ বিধিসন্মত মুদ্ৰা আৰু অংগচালনাৰে সমূহীয়াভাৱে হুঁচৰি সম্পাদন কৰে । সম্প্ৰতি, অন্য সোনোৱাল প্ৰধান অঞ্চলত ইয়াক এদিনীয়াকৈ সমাপন কৰা দেখা যায় । অধ্যাত্ম্য দৰ্শনৰ দৃষ্টিৰে ইয়াৰ সম্পাদন বিধি নিৰীক্ষণ কৰিলে অনুমান কৰা যায় যে এই উৎসৱ মূলতঃ বাইথ' দ্বাৰা উদ্ভাৱিত তন্ত্ৰস্বভাৱসমৃদ্ধ আধ্যাত্মিক আচাৰ-আচৰণ। ইয়াত হাইদাং গীত আৰু হাইদাং নৃত্য পৰিৱেশনেৰে অৰ্চনা কৰাৰ লগতে বৰদৈচিলাক আমন্ত্ৰণ জনাই মাটিৰ উৰ্বৰতা কামনাৰে স্বতঃস্ফূৰ্ত উন্মাদনা, উল্লাস-আনন্দ আৰু উদ্যম বিহু নৃত্যৰে বহাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সমাপন কৰা হয়। এই উৎসৱত মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, প্ৰৱচন, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উৎসৱ । কেতবোৰ নিদিষ্ট মুদ্ৰাৰে সৃষ্টিতত্বৰ সাংগীতিক প্ৰকাশ আৰু লয়লাস ভংগীমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা এই হাইদাং গীত, হাইদাং নৃত্য আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ত ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয়, য’ত হুঁচৰি গোৱাৰ আগতে বৰদৈচিলাক দেৱীৰূপে সন্মান জনাই আমন্ত্ৰণ জনোৱা হয় । বিশ্বাস যে এই বিশেষ তান্ত্ৰিক পদ্ধতিৰ প্ৰভাৱত পুৰুষে প্ৰকৃতিৰূপত সক্ৰিয় হৈ বৰদৈচিলাৰূপে ধৰাৰ বুকুলৈ নামি আহে, ধৰণী উৰ্বৰা হয়, সৃষ্টিৰ বীজ অংকুৰিত হয়, বসুমতী সেউজ-সুন্দৰ হয়। উল্লেখনীয় যে ইয়াত নৃত্যৰত ময়ূৰ পক্ষীৰ নৃত্য-ভঙ্গীমাৰ সৈতে সামঞ্জস্য ৰাখি হাইদাং নৃত্য আৰু বিভিন্ন জীৱৰ স্বভাৱগত প্ৰৱণতা, সেইসমূহৰপৰা নিঃসৃত স্বৰধ্বনি আৰু মেঘৰ গাজনি-ঢেৰেকনিৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱেশন কৰা হয় বিহু, য’ত ঢোল, তাল, পেঁপা, বাঁহী, সুতুলি, গগনা, টকা ইত্যাদিৰ সমাহাৰ ঘটোৱা হৈছে আৰু সেইসমূহৰ ঐক্যতানৰ সু-সমন্বিত শব্দ তৰংগৰ দ্বাৰা প্ৰকৃতিক জগাই তোলাৰ পৰম্পৰা চলি আহিছে, যি অধ্যাত্মবিজ্ঞানৰ গভীৰ ৰহস্য আৰু তাত্পৰ্য্য বহন কৰাৰ লগতে কলা-সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে। সেয়ে, বাইথ’ পূজা আৰু ব’হাগ বিহুৰ সম্বন্ধ ওতঃপ্ৰোত।

সোনোৱালসকলৰ হুঁচৰি[সম্পাদনা কৰক]

সোণোৱাল কছাৰী হুঁচৰি

সোনোৱালসকলৰ হুঁচৰিত বাঁহেৰে তৈয়াৰী একোডাল টকা সহ স্বকীয় নিয়মবদ্ধ প্ৰথাৰে নিৰ্দিষ্ট মুদ্ৰাশৈলী আৰু অংগচালনেৰে উল্লসিত স্বৰে ঘৰে ঘৰে গীত পৰিৱেশন কৰি, মন-শৰীৰ-আত্মাৰ একত্ৰীকৰণৰ জৰিয়তে গৃহস্থৰ মঙ্গলাৰ্থে আশীৰ্বাদ বৰিষণ কৰা হয় আৰু হুঁচৰি গোৱা অন্ত পৰিলে ৰোগ-ব্যাধি, অপায়-অমংগল বিসৰ্জন দিয়া বুলি গণ্য কৰি টকাডাল গাঁৱৰ বাহিৰলৈ নি বিসৰ্জন দিয়া হয় । ইয়াৰ সপক্ষত আমি এই কথা ক’ব পাৰো যে হুঁচৰিত অংশগ্ৰহণকাৰীসকলে ধাৰণ কৰা শুদ্ধ ধাৰণা, পৱিত্ৰ ভাৱ, শুভ-কামনাই সৃষ্টিতত্ত্বৰ ভূমাবিৱৰ্তন প্ৰক্ৰিয়াৰ সঞ্চৰ-প্ৰতিসঞ্চৰ পথত সংঘটিত হোৱা প্ৰাণ-শক্তিৰ সঞ্চৰণত নিঃসৰণ ঘটা ৰোগ-ব্যাধি, অপায়-অমংগলৰ কাৰক ঋণাত্মক জীৱত শক্তিৰ বিনাশ ঘটায় আৰু তাৰ ঠাইত ধনাত্মক জীৱত্ শক্তিৰ প্ৰৱহন ঘটাই পৰিয়াল একোটাত অনুকূল বাতাবৰণ সৃষ্টি কৰে । অন্যহাতে, এই কথা সকলোৰে জ্ঞাত যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে ইয়াৰ গতিশীল পৰ্য্যায়ত ঋতুৰ পৰিৱৰ্তন ঘটে আৰু এই ঋতুপৰিৱৰ্তনৰ প্ৰভাৱে মানুহৰ মনতো ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, যি ক্ৰিয়া-প্ৰতিক্ৰিয়াই বসন্ত ঋতুত জীৱৰ মাজত যৌৱনোচিত ভাৱোন্মাদনা জগাই তুলি এক প্ৰাকৃতিক মহোৎসৱৰ বাতাবৰণ গঢ় লৈ উঠে । এনে প্ৰাকৃতিক মহোৎসৱৰ স'তে সামঞ্জস্য ৰাখিয়েই কেতবোৰ বিধিৱদ্ধ প্ৰথাৰে সোনোৱালসকলে দূৰ অতীতৰ পৰা বাইথ'ৰ আধ‍্যাত্মিকতাৰে বিহু শুভাৰম্ভ কৰি হুঁচৰি সমন্বিতে বিহু উৎসৱ পালন কৰি আহিছে ।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]