দখনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বাগৰুম্বা নৃত্যৰত দখনা পৰিহিত বড়ো যুৱতী

দখনা (বড়ো: दख'ना; ইংৰাজী: Dokhona) বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ।[1] বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্‌ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক। আকৰ্ষণীয় ফুলৰ নক্সাবোৰ পাৰম্পৰিকভাৱে তাঁত শালত তোলা হয়, কেতিয়াও ছপা কৰা নহয়। দখনাৰ পাৰম্পৰিক ফুলৰ চানেকিক বড়ো ভাষাত এগোৰ বুলি কোৱা হয়।[2]

দখনা বিভিন্ন প্ৰকাৰৰ ৰঙৰ ব্যৱহাৰ কৰা হয় যদিও মুখ্যতঃ হালধীয়া বা কমলা হৈছে বড়ো মহিলাসকলে পিন্ধা দখনাৰ মুখ্য সংহতি। দখনা বিভিন্ন সূতাৰে তৈয়াৰ কৰা হয়। যেনে কপাহী দখনা, জুৰি পাটৰ দখনা, বিশুদ্ধ পাটৰ দখনা, টছৰ মুগাৰ দখনা, মুগাৰ দখনা, এড়ি দখনা, পদ্মিনী দখনা ইত্যাদি। মুগা আৰু পাট হৈছে অসমৰ আটাইতকৈ বিখ্যাত ৰেচম আৰু পাট আৰু মুগা দখনা মূলতঃ দ'ল, উৎসৱ, বিবাহ আৰু অন্যান্য অনুষ্ঠানত পিন্ধা হয়। আন প্ৰকাৰৰ বোৰ মহিলাসকলে তেওঁলোকৰ দৈনন্দিন জীৱনত আৰু নৈমিত্তিক দিনত পিন্ধে।

বৰ্ণনা[সম্পাদনা কৰক]

সাধাৰণতে দখনাৰ দৈৰ্ঘ্য ৩ মিটাৰ আৰু প্ৰস্থ ১.৫ মিটাৰ হয়। কেতিয়াবা ই শৰীৰৰ আকাৰৰ আৰু পিন্ধোতা আৰু শিপিনীৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে। দখনা কঁকালৰ ওপৰত এবাৰত মেৰোৱাকৈ গোটেই শৰীৰটো বুকুৰ পৰা ভৰিলৈ ঢাকিবলৈ পিন্ধা হয়। দখনাৰ বাবে এগোৰ বা ফুলৰ চানেকিৰ প্ৰকাৰ আৰু বিভিন্ন প্ৰকাৰৰ ৰঙৰ বুটা বচা হয়।

দখনাৰ প্ৰকাৰ[সম্পাদনা কৰক]

দখনা পৰিহিত বৈশাগু নৃত্যৰত বড়ো যুৱতী

দখনা মুখ্যতঃ দুই প্ৰকাৰৰ: উকা দখনা আৰু ফুলাম দখনা। সজ্জা আৰু ফুলৰ চানেকি অনুসৰি ইয়াক কিছুমান উপ প্ৰকাৰত বিভক্ত কৰিব পাৰি। সেইবোৰ হৈছে:

চানেকি অবিহনে (মাথা দখনা বা বিডন)[সম্পাদনা কৰক]

  • উকা (চানেকি অবিহনে কেৱল শাৰী)
  • সাধাৰণ সীমা ৰেখাৰ সৈতে চানেকি (পৰি লনাই)

চানেকিৰে সৈতে (এগোৰ গ্‌ৱা নাং)[সম্পাদনা কৰক]

  • সম্পূৰ্ণ ফুলাম (মৱদৱম গংছে এগোৰ)
  • কেৱল সীমান্তত ফুলাম কৰা হৈছে (জিং জিং আওলো এগোৰ লানাই)
  • শৰীৰৰ লগতে সীমান্তত সামান্য ডিজাইন কৰা হৈছে (গেজৱাৰোবউ ইচ এগোৰ এৰ্ডেনাই)

বড়ো বিবাহ আৰু দখনা[সম্পাদনা কৰক]

মাথা দখনা (বিডন) প্ৰকৃততে সাধাৰণ, কোনো এগোৰ বা ফুলৰ চানেকি অবিহনে তৈয়াৰ কৰা দখনা। ঈশ্বৰৰ উপাসনা কৰোঁতে ইয়াক পিন্ধা হয়। ই বিভিন্ন ৰঙৰ সৈতে উপলব্ধ কিন্তু হালধীয়া ৰঙৰ মাথা দখনাক পৰম্পৰাগত কইনাৰ পোছাক হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক দখনা থাওচি বা বিশুদ্ধ দখনা বুলি কোৱা হয়। হিঞ্জাও গ্‌ৱাদান বা কইনা সৈতে বিৰথী বা বড়ো বিবাহত কইনা আৰু কইনাৰ কাষত থকা মহিলায়ে মাথা দখনা পিন্ধে। দখনাত ব্যৱহাৰ কৰা প্ৰিয় ৰংবোৰ সাধাৰণতে গ্‌ৱামৱাট (হালধীয়া), গ্‌ৱাথং (সেউজীয়া), আৰু বাথ'গাং (ভাটৌৰঙী)। বৰ্তমান বড়ো মহিলাসকলে তেওঁৰ ওপৰৰ অংশ ঢাকিবলৈ দখনাৰ সৈতে বিভিন্ন ৰঙৰ ব্লাউজ পিন্ধে।[3]

সাংস্কৃতিক মহত্ত্ব[সম্পাদনা কৰক]

দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক। বড়ো সকলৰ যিকোনো উৎসৱ পাৰ্ৱণত দখনা পিন্ধা হয়। বাগৰুম্বা, বৈশাগু নৃত্য, খেৰাই নৃত্যত মহিলা সকলে দখনা পৰিধান কৰে।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "দখনা". xobdo.org. http://xobdo.org/dic/দখনা। আহৰণ কৰা হৈছে: ১ ফেব্ৰুৱাৰী ২০২১. 
  2. (Kachary 2017:251)Bodo farmer practices mainly wet cultivation methods using implements like wooden nangwl-jongal (plough) with the help of bullock and some times buffalo to plough the land. Again they also practice of ravi crops like jute, mustard seed, lentil, pulse, ashu paddy etc.
  3. sachin (2015-06-08). "D'source Design Gallery on Motifs on Silks of Assam". D'Source. http://www.dsource.in/gallery/motifs-silks-assam। আহৰণ কৰা হৈছে: 2020-11-30. 
  4. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১৪৭ (১)