সমললৈ যাওক

বাৰ্তা:অসমৰ লোকবাদ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাগাৰা, ডবা, খোলৰ বিষয়ে লিখিব পাৰিম......যদিহে আপুনি অসুবিধা পাইছে এই কামটো মই কৰিব পাৰিম। সদস্যঃ-নিতুল বৰা বাদ্য যন্ত্ৰ:গীত-নৃত্য-নাট-নাটকৰ সৈতে বাদ্য যন্ত্ৰৰ সম্পৰ্ক অতিকে গভীৰ।সেই কাৰণেই গীত-নৃত্য-নাট্য-নাট আদিৰ সৈতে বাদ্য সম্পৃক্ত হৈ থাকে।সেইকাৰণে কোৱা হয়-গীত-বাদ্য-অভিনয় ইটো সিটোৰ লগত সংস্পৰ্শীত।এইকাৰণেই ঢোল, তাল,বেণু,বংশী,চেৰজা আদি বাদ্য যন্ত্ৰক পাত্ৰৰ বহি:প্ৰাণ আখ্যা দিয়া হয়।ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে, গীত-নৃত্য-নাট্য প্ৰাণৱন্ত কৰি তুলিবৰ বাবে বাদ্যযন্ত্ৰ অপৰিহাৰ্য।

           সাংগীতিক দৃষ্টিভংগীৰ ফালৰপৰা বিনাদ্বিধাই ক'ব পাৰি যে,নৃত্য-নাট্যৰ সৈতে বাদ‍্যযন্ত্ৰৰ সম্পৰ্ক অতিকে গভীৰ।স্থূলভাৱে বাদ্য যন্ত্ৰৰ সূত্ৰ এনেদৰে দিব পাৰি:"সংগীতৰ প্ৰসংগত ধ্বনি সৃষ্টি কৰিবৰ বাবে ব্যৱহাৰ কৰা যিকোনো উপাদানকেই বাদ্য যন্ত্ৰ আখ্যা দিব পাৰি।দূৰ অতীতৰ সংগীত -শাস্ত্ৰত মানৱদেহক 'গাত্ৰবীণা'অৰ্থাৎ মানৱ দেহটোকেই 'বীণা'বাদ্য যন্ত্ৰ আখ্যা দিয়া হৈছে।
          পৰিৱেশ‍্যকলাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ সমূহকো লোক,জনজাতীয় আৰু মাৰ্গী বা শাস্ত্ৰীয় বা উচ্চাংগ এই তিনিটা ভাগত ভাগ কৰিব পাৰি।অন্য এক পদ্ধতিৰে বাদ‍্যযন্ত্ৰসমূহ তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি:

(ক)প্ৰজাতিগত শ্ৰেণীবিভাজন, যেনে:বৰোসকলৰ খ্ৰাম বা খাম(ঢোল)

(খ)অনুষংগগত শ্ৰেণীবিভাজন, বিহুৰ প্ৰসংগত বজোৱা ঢোল।

(গ)আঞ্চলিক শ্ৰেণীবিভাজন, যেনে:দৰঙৰ ঢেপা ঢোল।

(ঘ)প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজন, যেনে:ডগৰ কৰতাল।

(ঙ)তাত্ত্বিক শ্ৰেণীবিভাজন, যেনে:বংশী, মৃদঙগম,বীণা ইত্যাদি।

           ভৰতমুনিয়ে প্ৰকাৰ্যাত্মক দিশৰ প্ৰতি লক্ষ্য কৰি ভাৰতীয় বাদ‍্যযন্ত্ৰসমূহ চাৰিটা শ্ৰেণীত বিভক্ত কৰিছে।(ক) তত,(খ)আৱনদ্ধ,(গ)ঘন আৰু (ঙ)সুষিৰ। এই শ্ৰেণীবিভাজন পৃথিৱীৰ সৰ্ব-সাংস্কৃতিতেই  প্ৰযোজ্য।কোনো কোনো পণ্ডিতে আকৌ ভাৰতীয়  বাদ্যযন্ত্ৰসমূহ তিনিটা শ্ৰেণীত ভাগ কৰিছে:(ক)তত,(খ)বিতত আৰু  (গ) তত-বিতত।

(ক)তত বাদ্যযন্ত্ৰ:তন্ত্ৰ অৰ্থাৎ তাঁৰ প্ৰধান বাদ্যযন্ত্ৰৰ নাম তত বাদ্যযন্ত্ৰ।বীণ,বীণা,ৰবাব,চেৰেণ্ডা বা চাৰিণ্ডা,টোকাৰী, লাউটোকাৰী,একতাৰা,দোতোৰা

,গোপীযন্ত্ৰ,খমক আদিয়েই তত বাদ্যযন্ত্ৰ।

(খ)আৱনদ্ধ বাদ্যযন্ত্ৰ:কোনো মাটিৰ বাচন, কাঠৰ ফোপোলা অংশ এটাত চামৰা চিলাই এনে বাদ্য যন্ত্ৰ নিৰ্মাণ কৰা হয়।এইবিধ বাদ্যক বহুতো লোক-সংস্কৃতিবিদে আদিম বাদ্য বুলি ক'ব খোজে।বেদত ইয়াক 'ভৌম দুনদুভি' বা 'ভাণ্ডা'নামেৰে উল্লেখ আছে।যেনে:বৰঢোল,ঢেপাঢোল,ৰাজাঢোল,,জয়ঢোল,দাহিঢোল,মাদল,খাম,খ্ৰাম,ছেং,দুমদুম ইত্যাদি।

(গ)ঘনবাদ‍্য:ঘনবাদ‍্যযন্ত্ৰ বজোৱা সহজ।হাত চাপৰিয়েও ঘনবাদ‍্যৰ কাম কৰে।নানা ধৰণৰ তাল,ঘণ্টা, ভাণ্ডবাদ‍্য,টকা, গগনা,নেপূৰ,কাঁহ, বৰকাঁহ আদিয়েই ঘনবাদ‍্য।

(ঘ)সুষিৰ বাদ্যযন্ত্ৰ:বায়ুপ্ৰধান বাদ‍্যযন্ত্ৰসমূহৰ নাম সুষিৰ বাদ্যযন্ত্ৰ।সুষিৰ বা শুষিৰ পদৰ অৰ্থ বিন্ধা বা ফুটা বিশিষ্ট।ফুটাৰে মুখৰ বায়ু ভৰাই কৰা সাংগীতিক ধ্বনি উৎপাদক বাদ্যযন্ত্ৰৰ নাম সুষিৰ বাদ্যযন্ত্ৰ।ম'হৰ শিং,মানুহ আৰু জন্তুৰ হাড় আদিৰ পৰা দূৰ অতীতত সুষিৰ বাদ্যযন্ত্ৰ নিৰ্মিত হৈছিল।বাঁহী,বংশী, কালি, পেঁপা, সুতুলি, মুৰুলী আদি ও সুষিৰ বাদ্য।


প্ৰসংগ পুথি:অসমৰ লোক-সংস্কৃতিৰ ৰূপৰেখা

শ্ৰী উমেশ চেতীয়া

অসমৰ লোকবাদ্য

[সম্পাদনা কৰক]

অসমত সংগীত বিদ্যাৰ চৰ্চা দীৰ্ঘদিনীয়া। শাস্ত্ৰীয় আৰু লোক সংগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰক ভাৰতীয় সংগীত শাস্ত্ৰৰ ভেঁটিত অনৱদ্ধ বা লয়যন্ত্ৰ, তত বা তাঁৰৰ যন্ত্ৰ, সুষিৰ বা বতাহেৰে সুৰৰ সৃষ্টি কৰা যন্ত্ৰ আৰু ঘন বা দুটা বস্তু সংঘাত কৰি বজোৱা যন্ত্ৰ এই চাৰিটা ভাগত ভগোৱা হৈছে। নাট্যশাস্ত্ৰত এই চাৰি বাদ্যৰ কথা উল্লেখ কৰি কৈছে -"ততং চৈবাৱনদ্ধং চ/ ঘনং সুষিৰমেব চ চতুৰ্বিধংতু বিজ্ঞেয় মাতোদং লক্ষণান্বিতম।"

তলত চাৰি বাদ্যৰ বৰ্ণনা আগবঢ়োৱা হ'ল -

ক ) আনদ্ধ বাদ্যযন্ত্ৰ

পৰিচয়- মাটি, কাঠ,বাঁহ অথবা খোলা সাজি চামৰাৰে এমুখ বা দুমুখ বন্ধ কৰি বজোৱা বাদ্যযন্ত্ৰসমূহৰ নাম অৱনদ্ধ বা আনদ্ধ বাদ্য। আনদ্ধ বাদ্যৰ বহুল প্ৰয়োগ অসমত দেখা যায়। উদাহৰণস্বৰূপে - কহালি বা কাহাল, কুৰকুৰি,খুমুচি, খোল, গোমুখ, জয়ঢোল, ডংকা, ডবা, ডম্বৰু, ডিণ্ডিম, ঢাক, ঢোল ( ওজাৰ ঢোল,কৰকা ঢোল, জয় ঢোল, ঢেপা ঢোল, পাতি ঢোল আদি ), ঢোলক, ঢোলকী, তবলা, দগৰ, দামা বা দামামা, দুন্দুভি, নাগৰা ( বৰ নাগৰা, সৰু নাগৰা), পটহ, পাখোৱাজ, মাদল, মৃদংগ আদি।  

অসমৰ  জনগোষ্ঠী জীৱনত ব্যবহৃত  আনদ্ধ বাদ্য -

জনজাতি                            আনদ্ধ বাদ্য

১) কাৰ্বি                চেং(ঢোল) আৰু চেংবুৰূপ               

                                  (কঁকালত বান্ধি বজোৱা     

                                      ঢোলাকৃতিৰ বাদ্য)

২)কুকি                        খুবং( ঢোল)

৩)ডিমাছা                        খ্ৰাম (ঢোল)

৪)তিৱা                      খ্ৰাম(ঢোল) খ্ৰামবাৰ

                                 ( খ্ৰামতকৈ চুটি মোৰ)

৫)দেউৰী                     ঢোল টং দুৰুম (ঢোল), শাল

                                     মৰা ( ঢোল জাতীয়)

৬)বড়ো                         কাম (ঢোল)

৭)মৰাণ                        ধুতং

৮) মিচিং                দেস্তক আৰু দোম দোম ( ঢোল )

৯)ৰাভা                   হেম বা খাম ( ঢোল)

১০)হাজং                 ঢোল আৰু ঢোলকি ( ঢোল )

সামৰণি - পৰ্বত ভৈয়ামত প্ৰচলিত উপৰ্যুক্ত আনদ্ধ বাদ্যযন্ত্ৰসমূহৰ প্ৰাচুৰ্যই অসম দেশৰ নৃত্য গীতৰ প্ৰাচুৰ্য সূচায়।

খ )  ঘনবাদ্য

পৰিচয় - ঘনবাদ্যসমূহ সাধাৰণতে ধাতু,বাঁহ বা কাঠেৰে তৈয়াৰী। ঘনবাদ্যসমূহৰ গঠন এনেধৰণৰ যে তাৰপৰা কোনো নিৰ্ধাৰিত স্বৰ প্ৰকাশ বা সুৰ সৃষ্টি কৰিব পৰা নাযায়। উচ্চাংগ শাস্ত্ৰীয় সংগীতত এনে ধৰণৰ বাদ্য অতি কম দেখা যায়। কেৱল তাল ৰাখিবৰ বাবে এনে ধৰণৰ বাদ্য উপযোগী বুলি গণ্য কৰা হয়।

উদাহৰণস্বৰূপে - কৰতাল, কাঁহ(বৰকাঁহ, সৰুকাঁহ),কিংকিণী, খঞ্জৰিকা, খুটিতাল, খেৰেঙা তাল, ঘণ্টা, জুনুকা, ঝঞ্জিৰ, টকা, তাল, টিলিঙা, নেপূৰ,মন্দিৰা প্ৰভৃতি উল্লেখযোগ্য।

‌জনজাতীয় লোকসকলে ব্যৱহৃত ঘনবাদ্য

১) কাৰ্বি     চেংচ(কাঁহৰ খুটিতাল )

২)কুকি       দাহ্পি, দাহ্ বু, দাহ্পাবু ( বৰকাঁহ,

                     মাজুকাঁহ, সৰুকাঁহ )

৩)তিৱা        টকা, তাল, চৰাই লৌহ

৪) দেউৰী     টকা, তাৰ

৫) বড়ো         থৰ্ কা, জথা (খুটিতাল সদৃশ)

৬)মৰাণ          টকা, তাল

৭) মিচিং          কক্ তেৰ টকা, দেও, মাৰবং(কাঁহ)

৮)ৰাভা            মাঞ্চালেংকা ইত্যাদি।

সামৰণি - ঘনবাদ্যসমূহৰ ব্যৱহাৰে অসমৰ পৰ্বত ভৈয়ামৰ উন্নত সংগীত চৰ্চাৰ ধাৰা এটিত পোহৰ পেলাই।

গ ) তত বাদ্য

পৰিচয় - তন্ত্ৰীযুক্ত বা তাঁৰৰ দ্বাৰা সুৰ সঞ্চাৰ কৰা বাদ্যযন্ত্ৰসমূহেই ততবাদ্য। এইবিধ যন্ত্ৰক তিনিটা শাখাত ভগাব পাৰি -ক) স্বৰগুঞ্জন আৰু ছন্দৰক্ষাৰ বাবে ব্যৱহৃত তন্তীযন্ত্ৰ

খ ) বহুতাঁৰ তন্ত্ৰীযন্ত্ৰ - ইয়াত একোটা স্বৰৰ বাবে এডালকৈ সুকীয়া তাঁৰ থাকে

গ )একতাঁৰ তন্ত্ৰীযন্ত্ৰ - ইয়াত এডাল তাঁৰেৰে বহু স্বৰ তুলিব পাৰি।

উদাহৰণস্বৰূপে - একতাৰা বা লাউটোকাৰী, খমক, গোপীযন্ৰ, চাৰিণ্ডা, টোকাৰী, দোতাৰা, বিপিঞ্চি, বীণা, বেণা, ৰবাব ইত্যাদি।

           জনজাতীয় লোকসকলে ব্যৱহৃত  ততবাদ্য -

১) কাৰ্বি       মুৰিতপং

২)কুকি         চেলেংদাহ

৩)ডিমাচা       খ্ৰামডুবুং(ডুবুং অৰ্থাৎ কঁহুৱাবনৰ

                       ঠাৰিৰে তৈয়াৰী)

৪)তিৱা            বেণু

৫) দেউৰী         টোকাৰী বীণ

৬) বড়ো           চেৰ্জা

৭) মিচিং           কেকুং(বীণ), টোকাৰী আৰু দেন্দুন

৮)ৰাভা              চেৰ্ জা ইত্যাদি।

ততবাদ্য সম্ভাৰেৰে অসমীয়া  বাদ্য সম্ভাৰ চহকী।

ঘ ) সুষিৰ বাদ্য

পৰিচয় - মুখেদি ফুঁ দি বজোৱা বাদ্যযন্ত্ৰবোৰ সুষিৰ বাদ্যযন্ত্ৰ। পুৰণি কালৰেপৰা অসমৰ পৰ্বত ভৈয়ামত লৌকিক আৰু শাস্ত্ৰসন্মত বহুসংখ্যক সুষিৰ বাদ্যৰ ব্যৱহাৰ দেখা যায়।

উদাহৰণস্বৰূপে - কালি,গগনা, পেঁপা, বাঁহী, বেণু, ভেৰী, মহৰি, শিঙা,শানাই, সুতুলি ইত্যাদি।

জনজাতীয় লোকসকলে ব্যৱহৃত সুষিৰ বাদ্যযন্ত্ৰ -

১) কাৰ্বি    পালেং আৰু মুৰিতপং (চেহনাইৰ

                                 আকৃতিৰ)

২)কুকি        গচেম, ফেইফিট, শিল্ কি

৩)তিৱা          চোৰাং(বাঁহী), আৰু পাংচি (বাঁহী)

৪) মিচিং         এজুক তাপুং(তিতা লাউৰ খোলাত

                     সজা পেঁপা),গুংগাং(গগনা),      [1]                               তু-লু(বাঁহী বিশেষ)

৫) দেউৰী           গগনা,  পেঁপা, শিঙা

৬)বড়ো                 গংগনা আৰু চিফুং ইত্যাদি।

পৰ্বত ভৈয়ামত ব্যৱহাৰ হোৱা উপৰ্যুক্ত সুষিৰ বাদ্য সমূহে বৰ অসমৰ নৃত্য-গীতৰ প্ৰাচুৰ্যত এচেৰেঙা পোহৰ পেলায়। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত আনদ্ধ, ঘন,তত, সুষিৰ বাদ্যযন্ত্ৰৰ বহুল ব্যৱহাৰ দৃশ্যমান।

B.a 6th semester Assamese major project

[সম্পাদনা কৰক]

অসমৰ লোকবাদ্য 2409:408A:8E8F:28DC:0:0:38CA:CF14 13:28, 13 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  1. ">ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (জুলাই,২০১৪). [978 - 93-81485-73-6 "অসমৰ সংস্কৃতি কোষ"]. দ্বিতীয় প্ৰকাশ. জ্যোতি প্ৰকাশন. পৃষ্ঠাসমূহ: ২৩,২৪,২৫. 978 - 93-81485-73-6। আহৰণ কৰা হৈছে: 13 মে' 2021.