বীণ
বীণ এডাল তাঁৰত ৰেপি বজোৱা বাদ্য। ই তত বাদ্যৰ অন্তৰ্গত। তাঁৰৰ সলনি অসমীয়া বীণত মুগাৰ সূতাহে ব্যৱহাৰ কৰা হয়। সাধাৰণতে নাৰিকলৰ খোলা, মাটিৰ খোলা, আৰু কাঠ বা বাঁহৰ সৰু খোলাৰ মুখ ভাগ ভেকুলী বা গুঁইৰ ছালেৰে বন্ধ কৰি সেই খোলাৰ লগত প্ৰায় ডেৰ ফুটৰ এডাল কাঠ সংযোগ কৰা হয়।[1]
কাঠডালৰ বাকী মূৰটো খুলি আৰু বিন্ধা কৰি এটা শলা ৰখা হয়। খোলাটোৰ এমূৰে সূতা এডাল বান্ধি ছালখনৰ ওপৰেৰে নি শলাটোৰ লগত বন্ধা হয়। সূতাডাল মূগাৰ। প্ৰয়োজন অনুসৰি সূতাডাল টান বা ঢিলা কৰিবলৈ শলাডাল পকোৱা হয়। খোলাটোক ওপৰত সূতাডাল নিব লাগে। বোত বা বাঁহৰ ধনু সাজি ইয়াক ঘোঁৰা ফাণেৰে বান্ধি এডাল ৰেপণি তৈয়াৰ কৰা হয়। ৰেপণি ডালেৰে বীণখনৰ সূতাত ৰেপি সুৰ সঞ্চাৰ কৰি গীতৰ সৈতে বজাব পাৰি। বৈৰাগী জাতীয় লোকেহে সাধাৰণতে এই বাদ্য বজায়। অৱশ্যে কোনো কোনো অঞ্চলত বিহুৱা সকলেও বিহুত বীণ বজায়। অন্যহাতেদি গোৱালপাৰাৰ কুশান গান নামৰ অনুষ্ঠানতো ইয়াৰ ব্যৱহাৰ দেখা যায়। অৱশ্যে এই অঞ্চলত বীণাক বেণা বুলিহে জনা যায়।[1]