কুশান গান
![]() | এই প্ৰবন্ধ বা অনুচ্ছেদ কুশান নৃত্য নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
কুশান গান অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত এবিধ লোকনাট্যানুষ্ঠান। এই কুশান গান বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ। কুশান গানৰ উৎপত্তি সম্পৰ্কত ভিন্ন জনে ভিন্ন মত পোষণ কৰিছে। কোচ সকলে গোৱা গীত-মাতৰ পৰাই কুশান গানৰ উদ্ভৱ হৈছে বুলি কোনো কোনোৱে কয়। কোনো কোনোৱে আকৌ সীতাৰ পুত্ৰ কুশৰ দ্বাৰা প্ৰচাৰিত গীতৰ পৰাই এই কুশান গানৰ উৎপত্তি হৈছে বুলি ক'ব খোজে। কোনো কোনোৰ মতে কোচ ৰাজত্বৰ আগৰে পৰাই কুশান গান সমূহ প্ৰচলিত আছিল।
বিষয়বস্তু[সম্পাদনা কৰক]
কুশান গানৰ বিষয়বস্তু মূলতঃ ৰামায়ণ কেন্দ্ৰিক। কিন্তু স্থান বিশেষে বহু কুশান গানৰ দলে মহাভাৰত আৰু অন্যান্য পুৰাণৰ কাহিনী সমূহকো উপস্থাপন তথা পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়।
পৰিৱেশন শৈলী[সম্পাদনা কৰক]
কুশান গান এবিধ দলীয় অনুষ্ঠান। এটা কুশান গানৰ দলত প্ৰায় একুৰিৰো অধিক শিল্পী থাকে। কুশান গানৰ দলৰ মূল গায়ক জনক গীদাল বোলা হয়। গীদাল গৰাকীয়ে সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে। গীদাল গৰাকীয়ে লগাই দিয়া পদবোৰ পাইল বা পালিয়ে সুৰ ধৰি গায়। কুশান গানত ব্যৱহৃত বাদ্যযন্ত্ৰ বজোৱা জনক বাদক বাইন বুলি কোৱা হয়। কুশান গানত গীতৰ তালে তালে চুকুৰী সকলে নাচে। গীদাল আৰু তেওঁৰ সংগী সকলে অৰ্থব্যঞ্জক মুদ্ৰাৰ উপস্থাপনৰ জৰিয়তে গীত-পদ পৰিৱেশন কৰে। মাজে মাজে বিসংগতিপূৰ্ণ হাস্যৰসাত্মক কাহিনী পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়ে। তেতিয়াই চুকুৰী সকলে নাচে। পূৰ্বতে পুৰুষ সকলেই নাৰীৰ সাজ-পোছাক পৰিধান কৰি চুকুৰী হৈছিল যদিও বৰ্তমান নাৰী সকলেই এই কাৰ্য সম্পাদন কৰা দেখিবলৈ পোৱা যায়। কুশান গানত বেণাৰ ব্যৱহাৰ অপৰিহাৰ্য।
ব্যৱহৃত বাদ্যযন্ত্ৰ[সম্পাদনা কৰক]
কুশান গান পৰিৱেশন কৰোঁতে খোল, তাল, পেঁপা, বাঁহী, দোতাৰা আদি বাদ্যযন্ত্ৰ বজোৱা হয়।
প্ৰসংগ পুথি[সম্পাদনা কৰক]
- ৰাজবংশী, পৰমানন্দ; দাস, নাৰায়ণ (সম্পা:), অসমীয়া সংস্কৃতি কণিকা, তৃতীয় প্ৰকাশ (২০০৬) চন্দ্ৰ প্ৰকাশ পৃষ্ঠা নং:-৮৪