কোচ ৰাজবংশী
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||
|---|---|---|---|
| |||
| ভাষাসমূহ | |||
| ধৰ্ম | |||
| সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||
ৰাজবংশী (ইংৰাজী: Rajbongshi) হৈছে এক খিলঞ্জীয়া চীনা তিব্বতীয় জনগোষ্ঠী।[1] বৰ্তমান নেপালৰ কিছু অঞ্চল; ভাৰতৰ অসম, পশ্চিম বংগ, মেঘালয় ৰাজ্য; বিহাৰৰ কিষাণগঞ্জ, বাংলাদেশৰ ৰংপুৰ; আৰু ভূটানৰ কিছু নিৰ্দিষ্ট অঞ্চলত ৰাজবংশীৰ লোক আছে।[2]

যদিও "কোচ" আৰু "ৰাজবংশী" পদ দুটা বৰ্তমান এটা আনটোৰ সলনি ব্যৱহাৰ কৰা হয়, The Imperial Gazetteer of Indiaৰ মতে, "যদিও কোচসকলে নিজকে মুক্তমনে ৰাজবংশী বুলি কয়, প্ৰকৃততে দুয়োটা জনগোষ্ঠী সম্পূৰ্ণভাৱে দুটা ভিন্ন উৎসৰপৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয় (Bengal Census Report, 1901, part I, pp. 382-83 চাওক), কোচসকল মংগোলীয় উদ্ভৱ, আনহাতে ৰাজবংশীসকল দ্ৰাবিড় উদ্ভৱ জনজাতি যিয়ে সম্ভৱতঃ কোচ ৰজাসকল ক্ষমতালৈ অহাৰ আগৰেপৰাই ৰাজবংশী নাম পাইছিল। The Imperial Gazetteer of Indiaই ইয়াকো কৈছে যে: "কোচ জনজাতিসকল, বৰ্তমান দ্ৰাবিড়ৰ সৈতে সংমিশ্ৰিত হৈ গ’ল যদিও, পূৰ্বতে সম্পূৰ্ণ মংগোলীয় আছিল আৰু কছাৰী, টিপ্ৰা (ককবৰক), লালুং, চুতীয়া, আৰু গাৰোসকলৰ সৈতে ওচৰ সম্বন্ধথকা এটা ভাষা কৈছিল। ইয়াৰ উপৰি কোৱা হৈছে যে, "তলৰ জনগোষ্ঠীসমূহ সংখ্যাগত দিশত শক্তিশালী (১৯০১ৰ মতে) : কোচ (২০৯,০০০), ৰাজবংশী (১,২০০), কলিতা (২০৩,০০০), নদীয়াল (৮৪,০০০), যোগী (৭১,০০০), কেওঁট (৬৬,০০০), আহোম (১৫৩,০০০) আৰু চুতীয়া (৮৭,০০০)। "[3] যিকি নহওক, বৰ্তমান এই জনগোষ্ঠী দুটাক এটাৰপৰা আনটোক পৃথক কৰা অসম্ভৱপ্ৰায়। বৰ্তমান এই লোকসকল অসমৰ অধিকাংশ সমতলীয় জিলাত বহুলভাৱে বিয়পি পৰিছে। কামৰূপ আৰু গোৱালপাৰা জিলাত অধিক কোচ ৰাজবংশী লোক আছে। ২০১১ চনৰ লোকপিয়ল মতে অসমত মুঠ ৪,৬০,৮৬৬ জন কোচ ৰাজবংশী লোক আছে।[4]
সাধাৰণতে কোচ (ৰাজবংশী)সকল হৈছে এটা প্ৰধান জনজাতীয় বৈশিষ্ট্য প্ৰায় লুপ্তহোৱা গোট। গেইটৰ মতে (১৯০৫) “অসমত প্ৰকৃততে, কছাৰী, লালুং, মিকিৰ, আৰু অন্য জনজাতিৰপৰা হিন্দুলৈ পৰিৱৰ্তন হোৱা লোকসকল এই (কোচ শব্দটো) হিন্দু জাতিলৈ পৰিণত হৈছিল। এই পৰিৱৰ্তন কেতিয়া হৈছিল ক’ব পৰা নাযায়। সম্ভৱতঃ ১৫ শতাব্দীত, শ্ৰীমন্ত শংকৰদেৱৰ সময়তেই এই বৈষ্ণৱীকৰণ হৈছিল বুলি অনুমান কৰা হয়
বসতি
[সম্পাদনা কৰক]কোচৰাজবংশীসকল তেওঁলোকৰ পুৰণা সাম্ৰাজ্য, কমতাপুৰ, কোচৰাজবংশী সাম্ৰাজ্য, কামৰূপ সাম্ৰাজ্যৰ সমগ্ৰ অসম, বৰ্তমান পশ্চিম বংগৰ সমগ্ৰ অঞ্চল, নেপাল আৰু বাংলাদেশত বাস কৰে। তেওঁলোক অসমৰ সংখ্যাগৰিষ্ট আৰু উত্তৰ বেংগলত তুলনামূলকভাৱে অধিক জনসংখ্যাৰ জনগোষ্ঠী। কোচৰাজবংশীসকল প্ৰকৃতিৰ একেবাৰে নিবিড়ভাৱে বাস কৰে। কোচৰাজবংশী পুৰুষসকল হাবিলৈ দলপাতি চিকাৰ কৰিবলৈ যোৱাতো এটা পৰম্পৰা।
তেওঁলোকে হাবিৰপৰা "চিকাৰ" ধৰি আনে আৰু কলপাতত প্ৰতিটো পৰিয়ালৰ আৱশ্যক অনুসৰি ভাগ-বতৰা কৰে। এঘৰ পৰম্পৰাগত কোচলোকৰ বাৰীত কমপক্ষেও এজোপা আম গছ, এজোপা কঁঠাল গছ আৰু এখন সৰু পাচলিৰ বাগিছা আৰু মাছ পোহা এটা সৰু পুখুৰী থাকে।
ভাষা
[সম্পাদনা কৰক]কিছুলোকে কোচ ভাষা কয়, যিটো বড়োসকলৰ বড়ো ভাষাৰ ওচৰ সম্বন্ধীয় একপ্ৰকাৰৰ চীন-তিব্বতীয় ভাষা।
বেছিভাগে (ভাৰতৰ প্ৰায় পাঁচ নিযুত লোকে) কামতাপুৰী বা ৰাজবংশী ভাষা কয়, যিটো এটা ভাৰতীয় ভাষা। নেপালৰ ১,৩০,০০০তকৈ অধিক মানুহে ৰাজবংশী বা তাজপুৰী ভাষা কয়। বাংলাদেশৰ ৰংপুৰ জিলাৰ মানুহে ৰংপুৰী বা ৰাজবংশী কয়। কোচ ৰাজবংশী লোকসকল দ্বিভাষী হয়। নিজৰ ভাষাৰ উপৰি অঞ্চলভেদে অসমীয়া, বাংলা, নেপালী নাইবা ভোজপুৰী ভাষা কয়।
সংস্কৃতি
[সম্পাদনা কৰক]সাংস্কৃতিক দিশত কোচ ৰাজবংশীসকল যথেষ্ট চহকী। তেওঁলোকৰ মাজত পূজা-পাতলত নৃত্য আৰু গীতৰ প্ৰচলন আছে। শংকৰী সংস্কৃতিৰো প্ৰচলন আছে।
কোচ ৰাজবংশীসকলে জন্ম, মৃত্যু, বিয়াৰ নিজা আচাৰ-নীতি, মৰাৰ পাছত আত্মাৰ অস্তিত্বৰ বিশ্বাস, মৃতকৰ প্ৰতি শ্ৰদ্ধা, নানা ঐন্দ্ৰজালিক ক্ৰিয়া, তন্ত্ৰ-মন্ত্ৰাদি বিশ্বাস, প্ৰকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, টোটেমৰ প্ৰতি শ্ৰদ্ধা, জীৱ-জন্তুৰ পূজা, মানুহৰ ৰোগ-ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত-প্ৰেতৰদ্বাৰাই ঘটে বুলি বিশ্বাস কৰে। নানা ধৰণৰ বাধা-নিষেধ বা অনুশাসন, খোৱা, বেষমা বা বিষুৱা, পুষুণা, কাতিগজা, হোলি, চড়ক পূজা, গাজন, মনসা, বিষহৰি, শীতলা, মাসান, কালী আদি পূজাবোৰত অৰ্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামোল-পাণ, পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়। ধৰ্ম পালনৰ বেলিকা বৰ্ণ হিন্দূৰ দেৱ-দেৱীক পূজা-অৰ্চনা, ভক্তি শ্ৰদ্ধা কৰাৰ লগতে তেওঁলোকৰ নিজা বিধিৰে, বুঢ়া-বুঢ়ী, তিস্তাবুঢ়া, হুদুম পূজা, গ্ৰাম পূজা, ধামপূজা, মাশান, যখা, সোণাৰায়, কাতি, যায়টল আদি পূজা কৰে। ধৰ্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্ৰাপূজা, চড়ক পূজা, সত্য নাৰায়ণ, ত্ৰিনাথ পূজা আদি আছে।
কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ হ'ল: ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, বাণ গান, কুশান গান, দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুকখা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম, জাগ গান আদি।
কোচ-ৰাজবংশীসকলৰ খাদ্য হ'ল ছেকা, পেল্কা, ভেল্কা, সিদল, সুটকা, টোপলাভাত আদি।
কোচ-ৰাজবংশীসকলৰ সাজ-পোছাকৰ ভিতৰত মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু; গলৰ সূৰ্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি; নাকত নোলোক, ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি উল্লেখযোগ্য।
উৎসৱ
[সম্পাদনা কৰক]বিষুৱা
[সম্পাদনা কৰক]বিষুৱা হৈছে কোচ ৰাজবংশীৰ জাতীয় উৎসৱ। চ’ত মাহৰ সংক্ৰান্তিৰপৰা এই উৎসৱ আৰম্ভ হয় আৰু ছয় ব’হাগলৈ চলে। সম্পূৰ্ণ সাতদিন ধৰি চলা বাবেই ইয়াৰ আন এটা নাম হ’ল সাত বিষুৱা।
হুদুম দেওৰ পূজা
[সম্পাদনা কৰক]হুদুম দেওৰ পূজা বা হুদুম পূজা কোচ ৰাজবংশী সমাজৰ আন এক লোককৃষ্টি। যেতিয়া খৰাং হয় পথাৰে চিৰাল ফাট দিয়ে তেতিয়া বৰষুণ কামনা কৰি মহিলাসকলে সেই পূজাৰ আয়োজন কৰে। হুদুম পূজা মহিলাসকলৰ, পুৰুষসকলৰ অংশগ্ৰহণ নিষেধ।
বাঁশ পূজা
[সম্পাদনা কৰক]বাঁশ পূজা হ’ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ মদন চতুদৰ্শী তিথিৰদিনা পতা হয়। বাঁশ পূজাত মদন আৰু গোপালৰ প্ৰতীকৰূপে তিনিডাল বাঁহ চাফ-চিকুণ কৰি প্ৰথমডালত বগা কাপোৰ আৰু দ্বিতীয় ডালত ৰঙা কাপোৰ মেৰিয়াই, বাঁহ দুডালৰ আগলিত দুটা চোঁৱাৰ বান্ধি ওচৰা-উচৰিকৈ পোতা হয়।
কাৰ্তিকা পূজা
[সম্পাদনা কৰক]কাৰ্তিকা পূজা বা কাতিকা পূজা কোচ ৰাজবংশীসকলৰ অন্যতম লোক উৎসৱ। এই উৎসৱ কাতি মাহত অনুষ্ঠিত হয়। কাৰ্তিকা পূজাও মহিলাসকলৰ পূজা আৰু পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ।
আগ আনা
[সম্পাদনা কৰক]আগ আনা কোচ ৰাজবংশী সমাজৰ কৃষিৰ লগত জড়িত থকা উৎসৱ। এই আগ আনাৰপৰাই পথাৰৰ সোণগুটি ঘৰলৈ অনাৰ পৰ্ব আৰম্ভ হয়। এই উৎসৱ আঘোণ মাহৰ ভাল দিন-বাৰ এটা চাই পতা হয়।
লাখোল ঠাকুৰ পূজা
[সম্পাদনা কৰক]লাখোল ঠাকুৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক উল্লেখনীয়া লোক কৃষ্টি। লাখোল ঠাকুৰ হ’ল গৰখীয়াসকলৰ ৰজা।
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]- অম্বিকাচৰণ চৌধুৰী
- উপেন্দ্ৰনাথ বৰ্মন
- পঞ্চানন বৰ্মা
- পাৰ্বতী বৰুৱা
- প্ৰতিমা বৰুৱা পাণ্ডে
- প্ৰমথেশ চন্দ্ৰ বৰুৱা
- শৰৎ চন্দ্ৰ সিংহ
- স্বপ্না বৰ্মন
আৰু চাওক
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Roy, Hirokjeet (2014), "Politics of Janajatikaran: Koch Rajbanshis of Assam", Economic and Political Weekly, 49
- ↑ Piya Chatterjee. A Time for Tea: Women, Labor, and Post/Colonial Politics on an Indian Plantation. পৃষ্ঠা. 58. https://books.google.com.au/books?id=Ldw2lX7u-HsC&pg=PA58&lpg=PA58&dq=Koche+people+Bhutan&source=bl&ots=8oE1F_mXI6&sig=6JwPo-F_TewPtysjN5FdvDIAClQ&hl=en&sa=X&ved=0ahUKEwjEpeeulOLKAhVEjZQKHWbeDxwQ6AEIKzAD#v=onepage&q&f=false.
- ↑ 1901 census
- ↑ "Koch-Rajbongshi Leaders Meet PM Modi, Reiterate Demand For ST Status, Separate State". ২০ জুলাই ২০২২. https://www.etvbharat.com/english/state/assam/koch-rajbongshi-community-of-assam-reiterate-demand-for-st-status-and-separate-state/na20220720183837881881804.