কোচ ৰাজবংশী ভাষা
(ৰংপুৰী ভাষাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
কামতাপুৰী/ৰাজবংশী | |
---|---|
কোচ-ৰাজবংশী/কামতাপুৰী/গোৱালপাৰীয়া(ভাৰত) ৰংপুৰী (বাংলাদেশ) ৰাজবংশী (নেপাল) | |
থলুৱা অঞ্চল | বাংলাদেশ, ভাৰত, নেপাল |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপী
|
ভাষা সংকেত | |
ISO 639-3 | Variously: rkt – কামতাপুৰী/ৰংপুৰী rjs – ৰাজবংশী kyv – কায়ৰ্ট[1] |
গ্লোটোলগ | rang1265 ৰংপুৰী[2]rajb1243 ৰাজবংশী[3] |
কোচ-ৰাজবংশী বা কামতাপুৰী(ইংৰাজী: Kamatapuri/Rajbongshi language) হ'ল ইন্দো-আৰ্য্য ভাষাপৰিয়ালৰ অন্তৰ্গত ভাষা। ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে ।
পৰিসীমা[সম্পাদনা কৰক]
অসমৰ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰা জিলাত এই ভাষা কোৱা মানুহৰ সংখ্যা সৰ্বাধিক, দৰং জিলাতো এই ভাষা কোৱা কিছু সংখ্যক মানুহ আছে। উত্তৰ বঙ্গৰ কোচবিহাৰ, জলপাইগুড়ি, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু দাৰ্জিলিঙৰ তৰাই অঞ্চল, বিহাৰৰ কাটিহাৰ, পূৰ্ণিয়া আৰু কিষানগঞ্জ জিলাৰ কিছু অঞ্চল, নেপালৰ মোৰং আৰু ঝাপা জিলা, ভূটানৰ কিছু অঞ্চলত তথা বাংলাদেশৰ অবিভক্ত ৰংপুৰ জিলাত এই ভাষাৰ মানুহ আছে। মেঘালয়, ত্ৰিপুৰা আৰু সম্বলপুৰ (ওড়িশা)তো এই ভাষাৰ লোক আছে। অঞ্চলভেদে ৰাজবংশী, গোৱালপাৰীয়া,দেশী ভাষা,ৰংপুৰী ভাষা আদি বিভিন্ন নামত পৰিচিত। এই ভাষা কোৱা মানুহৰ সংখ্যা ১৫ মিলিয়নৰ অধিক।
অসমীয়া, ছিলঠীয়া আৰু বঙালী ভাষাৰ সৈতে তুলনা[সম্পাদনা কৰক]
কোচ ৰাজবংশী | অসমীয়া | বঙালী | ছিলঠীয়া | ইংৰাজী ভাঙনি |
---|---|---|---|---|
Muĩ kôrû | Môi kôrû | Ami kôri | Mui xori | I do |
Muĩ kôrûsû | Môi kôri asû | Ami kôrchi | Mui xoriar | I am doing |
Muĩ kôrsinû | Môi kôrisilû | Ami kôrêchi | Mui xorsilam | I did |
Muĩ kôrûsinû | Môi kôri asilû | Ami kôrchilam | Mui xorat aslam | I was doing |
Muĩ kôrim | Môi kôrim | Ami kôrbo | Mui xormu | I will do |
Muĩ kôrtê thakim | Môi kôri/kôrat thakim | Ami kôrtê thakbo | Mui xorat taxmu | I will be doing |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Hammarström (2015) Ethnologue 16/17/18th editions: a comprehensive review: online appendices
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰংপুৰী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rang1265.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰাজবংশী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rajb1243.