সমললৈ যাওক

কোচ ৰাজবংশী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামতাপুৰী /ৰাজবংশী
কোচ-ৰাজবংশী/কামতাপুৰী/ৰাজবংশী/
গোৱালপাৰীয়া/দেশী (ভাৰত)
ৰংপুৰী/অংপুৰি (বাংলাদেশ)
ৰাজবংশী/তাজপুৰীয়া (নেপাল)
থলুৱা অঞ্চল বাংলাদেশ,
ভাৰত,
নেপাল
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 rkt
গ্লোটোলগ rang1265  কামতা[1]
rajb1243  ৰাজবংশী[2]
rang1272  ৰংপুৰী[3]

কোচ-ৰাজবংশী বা কামতাপুৰী (ইংৰাজী: Kamatapuri/Rajbongshi language) ভাষা হ'ল ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। এই ভাষা ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।

পৰিসীমা

[সম্পাদনা কৰক]

অসমৰ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰা জিলাত এই ভাষা কোৱা মানুহৰ সংখ্যা সৰ্বাধিক, দৰং জিলাতো এই ভাষা কোৱা কিছু সংখ্যক মানুহ আছে। উত্তৰ বঙ্গৰ কোচবিহাৰ, জলপাইগুড়ি, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু দাৰ্জিলিঙৰ তৰাই অঞ্চল, বিহাৰৰ কাটিহাৰ, পূৰ্ণিয়া আৰু কিষানগঞ্জ জিলাৰ কিছু অঞ্চল, নেপালৰ মোৰং আৰু ঝাপা জিলা, ভূটানৰ কিছু অঞ্চলত তথা বাংলাদেশৰ অবিভক্ত ৰংপুৰ জিলাত এই ভাষাৰ মানুহ আছে। মেঘালয়, ত্ৰিপুৰা আৰু সম্বলপুৰ (ওড়িশা)তো এই ভাষাৰ লোক আছে। অঞ্চলভেদে ৰাজবংশী, গোৱালপাৰীয়া, দেশী ভাষা, ৰংপুৰী ভাষা আদি বিভিন্ন নামত পৰিচিত। এই ভাষা কোৱা মানুহৰ সংখ্যা ১৫ মিলিয়নৰ অধিক।

অসমীয়া, ছিলটি আৰু বঙালী ভাষাৰ সৈতে তুলনা

[সম্পাদনা কৰক]
কোচ ৰাজবংশীঅসমীয়াবঙালীছিলটিইংৰাজী ভাঙনি
Muĩ kôrûngMôi kôrûAmi kôriAmi xoriI do
Muĩ kôrià àsûngMôi kôri asûAmi kôrchiAmi xoriarI am doing
Muĩ kôrsilûngMôi kôrisilûAmi kôrêchiAmi xorsilamI did
Muĩ kôrià àsilûngMôi kôri asilûAmi kôrchilamAmi xorat aslamI was doing
Muĩ kôrimMôi kôrimAmi kôrboAmi xormuI will do
Muĩ kôriyà thakimMôi kôri thakimAmi kôrtê thakboAmi xorat taxmuI will be doing

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "কামতা". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rang1265.
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰাজবংশী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rajb1243.
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰংপুৰী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rang1272.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]