অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (ইংৰাজী: Sino-Tibetan and Tai peoples of Assam) প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা এক জনগোষ্ঠী। তেওঁলোকে অসমৰ জনসংখ্যাৰ সৰ্ববৃহৎ অংশক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত প্ৰবল প্ৰভাৱ পেলাইছে।

জনগোষ্ঠী সমূহৰ নাম[সম্পাদনা কৰক]

মান-তিব্বতীয়[সম্পাদনা কৰক]

টাই[সম্পাদনা কৰক]

ইতিহাস[সম্পাদনা কৰক]

অসমলৈ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীৰ কেইবাটাও ঢৌ আহিছিল।

প্ৰাগঐতিহাসিক[সম্পাদনা কৰক]

চীনা-তিব্বতীয়সকলৰ পূৰ্বপুৰুষসকলে প্ৰায় ১০,০০০ - ৫,০০০ খ্ৰীষ্টপূৰ্বত চীনৰ হালধীয়া নদীৰ ওপৰৰ মধ্যম অৱবাহিকাত বাস কৰিছিল আৰু চীনৰ আদিম নৱপ্ৰস্তৰ যুগৰ অন্যতম সংস্কৃতি গঢ়ি তুলিছিল। উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ উপত্যকালৈ সম্প্ৰসাৰণ হোৱা কছাৰী (বড়ো-কছাৰী) লোকৰ ৮৫% আৰু ৰাভা লোকৰ ৭৬.৫% উচ্চ কম্পাঙ্কত পিতৃবংশৰ ফালৰ O-M134 জিন পোৱা যায়।[1]

মধ্যযুগীয়[সম্পাদনা কৰক]

দ্বিতীয় ঢৌ আছিল টাই-আহোম যি দাই-চীনা জনগোষ্ঠীৰ। তেওঁৰ দলটোক বৰ্তমানৰ দক্ষিণ চীনৰ পৰা পাটকাইৰ পাংছাউ পাছৰ মাজেৰে অসমলৈ নেতৃত্ব দিছিল।[2] আহোমসকলৰ পিছত বৌদ্ধ ধৰ্মাৱলম্বী আন টাই জনগোষ্ঠী: খামতী, খামিয়াং, আইতান, ফেক আৰু তুজুৰজান যিসকলে উচ্চ অসম আৰু অৰুণাচল প্ৰদেশত বসতি স্থাপন কৰিছিল।[2]

ৰাজ্য গঠন[সম্পাদনা কৰক]

ম্লেছ বংশ হৈছে চীনা-তিব্বতীয় বংশ যিয়ে ৬৫৫–৯০০ চনলৈকে প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শাসন কৰিছিল।সুনীত কুমাৰ চেটাৰ্জীৰ মতে এই বৰ্মন বংশ আৰু ম্লেছ বংশ চীনা-তিব্বতীয়।[3] হিউ বি. আৰ্বানে (২০১১)ও অনুমান কৰিছে যে বৰ্মনসকল অনাৰ্য জনগোষ্ঠীৰ পৰাই আহিছে।[3] মধ্যযুগীয় যুগত অধিকাংশ ৰাজ্য এই চীনা-তিব্বতীয়সকলে নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত আহোম, চুতীয়া, কছাৰী ৰাজ্য আৰু কোচ বংশ উল্লেখযোগ্য।[3]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Bing Su, Chunjie Xiao, Ranjan Deka, Mark T. Seielstad, Daoroong Kangwanpong, Junhua Xiao, Daru Lu, Peter Underhill, Luca Cavalli-Sforza, Ranajit Chakraborty, Li Jin, "Y chromosome haplotypes reveal prehistorical migrations to the Himalayas." Hum. Genet. (2000) 107:582-590. DOI 10.1007/s004390000406 https://www.researchgate.net/publication/225570045_Y_chromosome_haplotypes_reveal_prehistorical_migrations_to_the_Himalayas
  2. 2.0 2.1 Terwiel, B.J. (1996). "Recreating the Past: Revivalism in Northeastern India.". Bijdragen Tot de Taal-, Land- en Volkenkunde খণ্ড 152 (2): 275–92. doi:10.1163/22134379-90003014.
  3. 3.0 3.1 3.2 Urban, Hugh B. (2011). "The Womb of Tantra: Goddesses, Tribals, and Kings in Assam". The Journal of Hindu Studies. 4 (3): 231–247. doi:10.1093/jhs/hir034

উৎস প্ৰসংগ[সম্পাদনা কৰক]