বাৰ্তা:অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

একত্ৰিকৰণ[সম্পাদনা কৰক]

@দিব্য দত্ত এই একত্ৰিকৰণৰ বিৰোধিতা কৰিছোঁ কাৰণ:-

১. দুয়োটা ইংৰাজী ৱিকিপিডিয়াৰ পৃথক পৃষ্ঠাৰ Sino Tibetan languages আৰু Sino Tibetan and Tai people of Assam পৰা অনুবাদ কৰা হৈছিল।

২.অসমৰ Sino-Tibetan আৰু টাই সকলে অসমৰ মংগোলীয়সকলক বুজাইছে আনহাতে চীনা তিব্বতীয় এটা বৃহৎ ভাষা পৰিয়াল আৰু ইয়াত অসমৰ বাহিৰৰ বহুতো জনগোষ্ঠী আছে।

৩.দুয়োটা পৃষ্ঠাৰ বিষয়বস্তু সমূহো একেদৰে লিখা হোৱা নাই। সম্পূৰ্ণ অনুবাদ কৰালে আৰু বহুত পৃথক বিষয়বস্তু ওলাব। এই পৃষ্ঠাৰ ইতিহাস, মধ্যযুগীয় আৰু ৰাজ্য গঠন আদি অংশ চীনা তিব্বতীয় ভাষা পৰিয়াল পৃষ্ঠাৰ সৈতে নিমিলিব। তাত ইতিহাস ভাগত চীনৰ মূল ভূমিত কিদৰে ভাষা পৰিয়ালটোৰ ইতিহাস আছিল সেয়াহে দিব লাগিব। ইয়াত কিন্তু অসমৰ ইতিহাস লাগিব।

৪. চীনত যদিও টাই সকলক চীনা তিব্বতীয় ভাষা পৰিয়ালৰ বুলি ভবা হয় পশ্চিমীয়া গৱেষকে টাইসকলক চীনা তিব্বতীয় পৰিয়ালৰ নহয় বুলি ভাবে। সেয়ে অসমৰ মংগোলীয় সকলক সামৰি পৃথক পৃষ্ঠাৰ প্ৰয়োজন। KZ 12:20, 10 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ইংৰাজী ৱিকিত প্ৰবন্ধটো ইতিমধ্যে বিলোপ কৰা হৈছে। দিব্য দত্ত (বাৰ্তা) 15:09, 10 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত অসমীয়া ৱিকিপিডিয়াটো বিলোপ কৰাটো ভাল হ'ব নাই নাজানো কিন্তু এটা প্ৰবন্ধ কৰি দিলে যথেষ্ট দীঘলীয়া হৈ যাব। অসম বিষয়ক শাখা প্ৰবন্ধ সমুহ ইংৰাজী ৱিকিপিডিয়াত এনেও ইমান গুৰুত্ব নাপাই। কিন্তু ইংৰাজী মূলৰ যথেষ্ট শাখা প্ৰবন্ধ দেখা যায়। একত্ৰিকৰণ কৰিলেও নতুন অনুবাদ চমু কৰিব লাগিব আৰু উপায় নাই। KZ 16:11, 10 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একত্ৰিকৰণ সাঁচ আঁতৰোৱা[সম্পাদনা কৰক]

@দিব্য দত্ত ইংৰাজী ৱিকিপিডিয়াত অসমৰ প্ৰবন্ধক ইংৰাজী বিষয়ৰ সমান গুৰুত্ব দিয়া নহয়। উদাহৰণ:-- Category:2010 American television episodes য'ত ২০১০ চনৰ আমেৰিকাৰ টেলিভিছনৰ এটা এটা এপিচুদৰ ওপৰত প্ৰবন্ধ আছে কিন্তু অসমৰ জনগোষ্ঠীমূহৰ বৃহৎ এটা অংশৰ ওপৰত দিয়া প্ৰবন্ধ আতৰাই দিয়া হল। গতিকে ইংৰাজী ৱিকিপিডিয়াৰ অগ্ৰাধিকাৰক ইয়াত অনুসৰণ নকৰি একত্ৰিকৰণ সাঁচ আঁতৰাবলৈ আহবান জনালোঁ। ধন্যবাদ। KHI-LAN-TZI 14:56, 11 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

জনগোষ্ঠী আৰু ভাষাগোষ্ঠী একে নহয়। এই প্ৰবন্ধটোত কিছুমান সমস্যা আছে। টাই জনগোষ্ঠীৰ কথা সুকীয়া কিন্তু চীনা-তিব্বতীয় জনগোষ্ঠীৰ অন্তৰ্গত জনগোষ্ঠীখিনি প্ৰকৃততে চীনা-তিব্বতীয় ভাষাগোষ্ঠীহে। তেওঁলোকে কোৱা ভাষাটোহে চীনা-তিব্বতীয় মূলৰ, মানুহবোৰ হয়তো নহয়। গতিকে এই প্ৰবন্ধটো সম্পৰ্কে আলোচনাৰ প্ৰয়োজন আছে, মোৰ এই বিষয়ত বেছি জ্ঞান নাই, গতিকে ৰাইজে আলোচনামৰ্মে যি সিদ্ধান্ত লয়, মই তাকে গ্ৰহণ কৰিম। নিজাকৈ মত পোষণ নকৰোঁ। সেইবাবে আলোচনাৰ মাজেৰে সিদ্ধান্ত নোলোৱাকৈ আপোনাকো প্ৰবন্ধটোৰ সাঁচসমূহ আঁতৰ নকৰিবলৈ অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 15:29, 11 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
লগতে প্ৰবন্ধটোৰ নাম “অসমৰ চীনা-তিব্বতীয় আৰু টাই ভাষিক জনগোষ্ঠী” ধৰণৰ নাম এটা দিলেহে ষ্পষ্ট হ’ব চাগে। দিব্য দত্ত (বাৰ্তা) 15:38, 11 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত চীনা গৱেষকে টাই ভাষাটো চীনা-তিব্বতীয়ৰে এটা ঠাল বুলি ধৰে! ইয়াৰ উল্লেখ প্ৰবন্ধত আছে। উদাহৰণ:- Category:Ahom terms derived from Middle Chinese। অৱশ্যে পশ্চিমীয় গৱেষকে এনে নাভাবে। যদি ভাষিক গোষ্ঠীৰ পৰা আঁতৰাবও খোজে তেতিয়া অসমৰ মঙ্গোলিয় জনগোষ্ঠী নামটো wp:commonname অনুসৰি প্ৰযোজ্য হব। আৰু অসমৰ মঙ্গোলিয় জনগোষ্ঠীত একত্ৰিকৰণ আৰু নামৰ আপত্তিৰ কোনো থল নাথাকে। মঙ্গোলিয় শব্দই সকলোকে সামৰে আৰু অসমীয়া সাহিত্যতো এই শব্দৰে অধিক প্ৰয়োগ হয়। আৰু আপুনি কোৱা মতে ভাষাটোহে চীনা-তিব্বতীয় মূলৰ, মানুহবোৰ হয়তো নহয়। অবশ্যে জিনীয় গৱেষণা অনুসৰি মানুহবোৰো চীনা-তিব্বতীয় মূলৰে হয় কেৱল ভাষাই নহয়। উৎস: Sahoo, Sanghamitra; et al. (2006). "A prehistory of Indian Y chromosomes: Evaluating demic diffusion scenarios". Proceedings of the National Academy of Sciences of the United States of America. 103 (4): 843–848. Bibcode:2006PNAS..103..843S. doi:10.1073/pnas.0507714103. PMC 1347984. PMID 16415161 পৃষ্ঠা ৮৪৭ । যিকোনো সদস্যই এই আলোচনাত ভাগ লৈ সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিব পাৰে নিশ্চয়। কাৰণ যথেষ্ঠ সময় সাঁচটো আছে যদিও একত্ৰিকৰণ হোৱা নাই। KHI-LAN-TZI 17:07, 11 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
হয়, সাঁচটো লগোৱা বহুদিন হ’ল। সেইদিশৰ পৰা বিবেচনা কৰিলে আঁতৰাব পাৰি চাগে। নহ’লে আৰু বহুদিন তেনেকৈয়ে থাকিব। দিব্য দত্ত (বাৰ্তা) 18:51, 11 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপুনি সাঁচটো যদি আঁতৰাই, কাৰণটো ইয়াতে উল্লেখ কৰি থ’ব। দিব্য দত্ত (বাৰ্তা) 18:53, 11 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
কাৰণ: WP:MERGEMerging should be avoided if: ৰ ক্ৰমিক নং ২ অনুসৰি The separate topics could be expanded into longer standalone (but cross-linked) articles, KHI-LAN-TZI 01:27, 12 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@AjayDas প্ৰবন্ধটোত ৩ টা WP:RELIABLE SOURCES দিয়া আছে। মই যিমান দুৰ জানো Published Source থাকিলে OR নহয়। যদি আৰু উৎস লাগে ref improve লিখিব পাৰে। KHI-LAN-TZI 17:23, 6 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@KHI-LAN-TZI প্ৰবন্ধটোৰ Lead sectionত কোনো উৎসৰ উল্লেখ নাই। তদুপৰি ভাষাগোষ্ঠী আৰু জনগোষ্ঠী একত্ৰিকৰণৰ কোনো উৎস দিয়া নাই। প্ৰবন্ধটোত থকা কোনো এটা উৎসয়ে প্ৰবন্ধটোৰ মূল বিষয়বস্তুক প্ৰতিনিধিত্ব কৰা নাই। আটাইকেইটা উৎসতে 'Sino-Tibetan and Tai peoples of Assam' বুলি একো উল্লেখ নাপালোঁ। যদি কোনো উৎসত এনেকৈ উল্লেখ পায় তেন্তে ইয়াত উল্লেখ কৰি OR টেগ আঁতৰাই দিব পাৰে। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 03:19, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস Lead section ৰ Tree অংশৰ বিষয়ে History ত বিশদভাৱে উল্লেখ কৰা আছে। একেই উৎস দি দিছোঁ বাৰু। Bing Su (2012) ত উল্লখে আছে Sino-Tibetan speaking populations in the Himalayas including Tibet and northeast India। Tibeto-burman বা mongoloid বুলিও লিখা যায় যদিও আজিকালি Sino-Tibetan শব্দটো অধিক প্ৰয়োগ হয়। Terwiel, B.J. (1996) এই টাই প্ৰবজনৰ বিষয়ে লিখিছে। refimprove কৰিছোঁ পিছে এতিয়াও OR হোৱা নাই। KHI-LAN-TZI 04:04, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস অধিক তথ্যৰ বাবে এই কিতাপ খন পঢ়ি চাব পাৰে "Rethinking Sino-Tibetan phylogeny from the perspective of North East Indian languages", in Hill, Nathan W.; Owen-Smith, Thomas (eds.), Trans-Himalayan Linguistics, Berlin: Mouton de Gruyter, pp. 71–104, ISBN 978-3-11-031083-2.
লগতে বৰ্তমান সময়ত অসমৰ জনগোষ্ঠী সমূহক ethnolinguistic groups (ভাষিক-জনগোষ্ঠী) হিছাপে ভাগ কৰা হয়। (উৎস:Taher 1993 পৃষ্ঠা 202)। তদুপৰি চৰকাৰী হিচাপত Caste certificate সমূহো প্ৰায় দেখিছেই বড়ো আহোম কছাৰী মিছিং আদি ethnolinguistic groups (ভাষিক-জনগোষ্ঠী) ভিত্তিত ভাগ কৰা হয়। KHI-LAN-TZI 04:45, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Bing Su (2012) ত উল্লখে আছে Sino-Tibetan speaking populations in the Himalayas including Tibet and northeast India সেইমৰ্মে চীনা-তিব্বতীয় ভাষী হে হব লাগিছিল। টাই-আহোম ভাষা চীনা তিব্বতীয় ঠাঁলৰ নহয়। দুয়ো একাকাৰ কৰা প্ৰবন্ধটোত উল্লেখ থকা কোনো উৎসতে উল্লেখ নাই। নতুনকৈ যোগ দিয়া উৎস Taher 1993:202-203ত The second group to have come to Assam from the north-east and east are the people speaking Tibeto-Burman languages, especially eastern Himalayan, north Assam, Bodo and Naga groups of languagesতো ভাষাগোষ্ঠীৰ কথা হে কৈছে। আপুনি যিহেতু প্ৰবন্ধটো Sino-Tibetan and Tai peoples of Assamৰ হিচাপে সৃষ্টি কৰিছে সেইধৰণে উৎস দিলে ভাল। অৱশ্যে এতিয়া মংগোলীয় জনগোষ্ঠী বুলি যোগ কৰাত OR আঁতৰাই দিব পাৰে। যিহেতু আগৰ শিৰোনামায়ে আচলতে কি বুজাব বিচাৰিছে সেয়া স্পষ্ট নাছিল। আশাকৰোঁ আপুনি এনেকৈয়ে ন ন তথ্য যোগ কৰি ৱিকিৰ সৌষ্ঠৱ বৃদ্ধি কৰি থাকে। শুভেচ্ছাৰে - অজয়  কথা-বতৰা 15:19, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস ধন্যবাদ আপোনালৈ এই বিষয়ৰ ওপৰত ইমান গুৰুত্ব সহকাৰে অধ্যয়ণ কৰাৰ বাবে।
টাই আৰু চীনা তিব্বতীয়?:- টাইক (আহোমৰ উপৰিও আৰু ৫ টা জনগোষ্ঠী) চীনা গৱেষক সকলে চীনা তিব্বতীয় ভাষাৰ এটা ঠাল বুলি ভাবে। মূল পৃষ্ঠাত পঢ়ি চাব পাৰিব। যিহেতু পশ্চিমীয়া গৱেষকে পৃথককৈ ভাগ কৰিলে সেয়েহে আৰু টাই জনগোষ্ঠী বুলি লিখা হৈছে। আৰু এয়াও মোৰ গৱেষণা নহয় Fang-Kuei Li য়ে ১৯৩৭ চনতে এই ব্যাখ্যা দিছিল মই নিজে অসমীয়া ৱিকিপিডিয়াৰ এই পৃষ্ঠাত গৱেষণা আৰম্ভ কৰা হেঁতেন OR (মোৰ গৱেষণা) হ'ল হেঁতেন। পিছে ই এটা ইতিমধ্যে গবেষণা কৰা তথ্য মই ইয়াত অলপো অৰিহনা যোগোৱা নাই, বৰঞ্চ মই ইংৰাজী ৱিকিপিডিয়াৰ হে সহায় লৈছিলোঁ প্ৰবন্ধ লিখোঁতে। আৰু মংগোলীয় বুলি নিলিখা হ'লেও OR কাহানিও নহয়। Unsourced বা Poorly sourced ক'ব পাৰে!
groups of languages?:- উৎসৰ নামেই "Y chromosome haplotypes reveal prehistorical migrations to the Himalayas" ইয়াত migration আৰু ethnic group ৰ কথাই লিখা আছিল।
Taher 1993 কিয় পাছত দিয়া হল? :- কাৰণ তেতিয়ালৈকে ethnolinguistic groups (ভাষিক-জনগোষ্ঠী) বুলি পৃথককৈ প্ৰশ্ন উদয় হোৱা নাছিল। আগৰ উৎস migration, Genetic আৰু Settlement ওপৰত আছিল আৰু প্ৰবন্ধ লিখাও সেইবোৰৰ ওপৰতে হৈছিল। এতিয়া সুধাৰ বাবে দিয়া হৈছে যে অসমত জনগোষ্ঠীসমুহ ethnolinguistic groups (ভাষিক-জনগোষ্ঠী) হিছাপে ভাগ কৰা হৈছে। ধন্যবাদ KHI-LAN-TZI 16:14, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]