আখৈ তোলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আখৈ তোলা অসমীয়া লোক-সংস্কৃতিৰ এক মাংগলিক কৰ্ম। এই কৰ্ম বা কাম বিবাহ অনুষ্ঠানৰ সতে জড়িত। বৈদিক প্ৰথাৰে সম্পাদিত বিবাহ অনুষ্ঠানত আখৈ তোলা কাৰ্য কৰা হয়। বৈদিক লজ্জ্বাহোম বা লাজহোম-ৰ ক্ৰিয়াকে অসমীয়া জনসমাজত আখৈ তোলা বুলি কোৱা হয়।

প্ৰক্ৰিয়া[সম্পাদনা কৰক]

বিবাহৰ দিনা কন্যাৰ মাকে আখৈ ফুটুওৱা বা আখৈ ভজাৰ নিয়ম। এই আখৈ ভজাৰ লগত এক লোক-বিশ্বাস জড়িত হৈ আছে। উক্ত বিশ্বাসমতে কন্যাৰ মাকে আখৈ ভাজোতে যদি ভালদৰে ফুটে তেনে সেয়া মংগলৰ আগজাননী বুলি ধৰা হয়। আনহাতে যদি আখৈ ভালদৰে নুফুটে তেতিয়া অমংগল হোৱাৰ শংকা থকা বুলি বিশ্বাস কৰা হয়।

মাকে ভজা এই আখৈখিনি কন্যাৰ ভায়েকে লজ্জ্বাহোমৰ সময়ত বায়েকৰ হাতত তুলি দিয়ে। অৱশ্যে এই কাৰ্যৰ বাবে কন্যাৰ ভায়েক উপবাসে থাকিব লাগে বা নিৰামিষ আহাৰহে গ্ৰহণ কৰিব পাৰে। ভায়েকে এনেদৰে বায়েকৰ হাতত আখৈ তুলি দিয়া কাৰ্যৰ উল্লেখ বিয়ানামত এনেদৰে পোৱা যায়—

আখৈ দিয়া   আখৈ দিয়া
 মৰমৰে ভাই,
আজিৰ পৰা   তোমাৰ বাইদেউ
 গোত্ৰ ছিঙি যায়।

ভায়েকে তুলি দিয়া আখৈ কন্যাই নিজে যজ্ঞৰ অগ্নিত আহুতি দিব লাগে যদিও তেওঁৰ পৰিৱৰ্তে দৰাই উক্ত কাৰ্য সম্পাদন কৰে। দৰাই অগ্নিত আখৈ দিয়া সময়ত বাওঁহাতৰ বুঢ়া আঙুলিত ধৰি এনেদৰে কয়— "হে প্ৰিয়ে, সৌভাগ্য লাভৰ বাবে মই তোমাৰ পাণি গ্ৰহণ কৰিলোঁ। তোমাৰ স্বামীয়ে যাতে বদ্ধকাল অৱধি জীয়াই থাকি তোমাৰ দায়িত্ব বহন কৰিব পাৰে, তাৰ বাবে অৰ্যমা, সৱিতা, পাৱন্দি আদি দেৱতাই তোমাক আজি মোৰ হাতত অৰ্পণ কৰিছে।"

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • 'অসমৰ সংস্কৃিত কোষ' — ড° নাৰায়ণ দাস (মুখ্য সম্পাদক), ড° পৰমানন্দ ৰাজবংশী (সম্পাদক), প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন, পাবজাৰ, গুৱাহাটী-১, প্ৰথম প্ৰকাশ : মাৰ্চ, ২০০৯, পৃষ্ঠা, ৭৯