সমললৈ যাওক

চকলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চক-লং (আহোম: 𑜋𑜨𑜀𑜫 𑜎𑜨𑜂𑜫) হ'ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিট নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা বৈবাহিক অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান। টাই আহোম ভাষাত ইয়াৰ অৰ্থ হ’ল চ=যোৰা লগোৱা, ক্লঙ=পূজা।[1]এই প্ৰথা লেংদনে প্ৰায় খৃঃ পূঃ ৫৫৮-ৰ পৰা চীন দেশৰ মু'ঙ-ফীত আৰম্ভ কৰিছিল।

আৰম্ভণি

[সম্পাদনা কৰক]
চকলঙৰ মৰল

চকলং[2]  বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ পূৰ্বপুৰুষৰ লেংদনে অ'ক কাই ম'-হুং নামৰ ৰজাৰ জেষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোঁতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে।[3] টাই আহোমৰ লাই-লিট নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অক-কাই মহুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “ সোধনি ভাৰ” আগবঢ়ায়। লেংদনে ম'-লাও খ্ৰিৰ নেতৃত্বত কইনাৰ মাক-দেউতাক আৰু জ্যেষ্ঠজনলৈ পঠিওৱা এই ভাৰখনক কাই ম'-হুং ৰজাই সাদৰেৰে গ্ৰহণ কৰে। আৰু তেতিয়াই ম'-লাও খ্ৰিয়ে লেংদনৰ হৈ এইদৰে টাই ভাষাতে কয়-

“লেংদন মুং ফি নাং ৰুখাম লিত তি ব-ই
ফা নু ৰু লেংদন মাউ ছেং ৰেং খাম
মুং ফি মুং বাণ নাং ফুং মি হান লোন য়াং
মাই জিয়ু নাং হুন ফা কা আও জাম য়ু
লেংদন কাই কু ৰাই এন না ছেং ইন চিম লি মেক
মো ক’প বাউ প্লু চোং মাউ কা ঐ”

আৰু পাণ তামোলৰ শৰাইখন কইনাৰ মাক-দেউতাকৰ সন্মুখত ৰাখি ছোৱালী খুজিবলৈ আহিছোঁ বুলি কয়। তেওঁলোকেও শৰাইখন হাতেৰে চুই সন্মতি প্ৰদান কৰে। আৰু লগে লগে চকলং পাতিবলৈ সাজু হয়। তেতিয়াৰ পৰাই টাই সমাজত চকলং প্ৰথা চলিল। আহোম সকলৰ চকলং প্ৰথাটো লেংদনে আৰম্ভ কৰা প্ৰায় খৃঃ পূঃ ৫৫৮-ৰ পৰা হয় বুলি অনুমান কৰে। আহোম ভাষাত থকা লাঈ-লিত-নাং-হুন-ফা নামৰ পুথিত চকলঙৰ উল্লেখ আছে।

আহোম বিবাহ পৰম্পৰা তিনিদিন পতা হয়। প্ৰথম দিনা ৰিক খ্ৱন, দ্বিতীয় দিনা চাও বান আৰু তৃতীয় দিনা চকলং অনুষ্ঠিত হয়। আহোম সকলৰ বিবাহ পদ্ধতিটোত ২০টা নিয়ম আছে। ১. জোৰণ আৰু টেকেলি দিয়া. ২. নোৱনী, ৩. প্ৰীতিভোজ, ৪. ৰিক্ খ্বান উৎসৱ, ৫. চাওবান উৎসৱ, ৬. আপতাঙ কৰা বা গা ধোৱা, ৭. গাঁঠিয়ন খুন্দা, ৮. দৈয়ন দিয়া, ৯. বিবাহ যাত্ৰা, ১০. সুৱাগুৰি তোলা, ১১. দৰা ৰভা তলত মণ্ডপৰ সন্মুখত বহা, ১২.ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহুৱা, ১৩. দৰা আৰু কইনাক সাত পুৰুষৰ বুৰঞ্জী কোৱা, ১৪. চকলং আয়োজন, ১৫. কইনাই দৰাৰ হাতত হেংদান[2] প্ৰদান, ১৬. ম-লুঙে দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, ১৭. সোণৰ আঙঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম, ১৮. পঞ্চ অমৃত ভোজন, ১৯. কড়ি খেলাৰ নিয়ম, ২০. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰবেশ কৰাৰ পাছত পাচঁজন দেৱতাক কৰা প্ৰাৰ্থনা। চকলং বিবাহ এক অনা-হিন্দু টাই বিবাহ প্ৰথা। নিয়ম অনুসৰি চকলঙত সেন্দূৰ, ওৰণি, উৰুলী প্ৰয়োগ কৰিব নালাগে।[2] চকলংৰ নীতি নিয়ম সম্পূৰ্ণ বানফি ফুৰালুঙ ধৰ্মৰ অন্তৰ্গত।

ৰীতি-নীতি

[সম্পাদনা কৰক]

সুৱা গুৰি তোলা

[সম্পাদনা কৰক]

এই উৎসৱটি কইনাৰ ঘৰৰ নঙলা মুখত কৰা হয়। দৰা আহি কইনাৰ ঘৰৰ নঙলা মুখত উপস্থিত হোৱাৰ লগে লগে কইনাৰ মাক আৰু লগত ভালে কেইজন পুৰুষ-মহিলাই আদৰিবলৈ আগ বাঢ়ি যায়। লগত কইনাৰ ওচৰৰ পৰা দুলনী ও জ্বলি থকা বান-ফাইলৈ আহে। ভৰি ধুৱাবলৈ পীৰা আৰু পানী এলোটা আনে। এই আগবঢ়াবলৈ অহা তিৰোতা বিলাকে মাকক আঁৰ কাপোৰ দি ধৰি আনে। দৰাৰ ওচৰ পোৱা মাত্ৰই আঁৰ কাপোৰখন এৰুৱাই দিয়ে। কইনাৰ সম্পৰ্কীয় সৰু ছোৱালী এজনীয়ে পীৰা পাৰি দৰাক ভৰি ধুৱায়। দৰাই ছোৱালী জনীক ভৰি ধুওৱাৰ বাবদ পাণ-তামোলৰ টোপোলাৰ লগতে কিছু টকাও দিয়ে। ইয়াৰ পাছত আঁৰ কাপোৰ আঁতৰাই মাকে দৰাৰ দুখন গালত দুটি চুমা খাই চাদৰ আঁচল ধৰি ৰভা তলিলৈ আনে।

ৰভাতলিত চকলঙৰ মণ্ডপৰ সন্মুখত বহা

[সম্পাদনা কৰক]
চকলংৰ তিনিগৰাকী পুৰোহিত

চকলংৰ বেদিটো সাতোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতিৰে সাজে। আৰু এই পদুম ফুলৰ আকৃতি সাতোটা ৰঙৰ মৰলত জ্যামিতিক আকাৰত ভাগ কৰি ১০১ গছ তেলৰ বান-ফাই জ্বলায়। সন্মুখতে দৰাক পাতি পাৰি বহুৱায়। দৰাৰ বাওঁফালে কইনাক ভিতৰৰ পৰা আনি বহুৱায়। কইনাক ভিতৰত কোঠাত লগৰীয়াৰ সৈতে বহুৱাই ৰখা হয়। আৰু ইয়াতে কইনাৰ লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ৰপৰা জোৰা নাম গাই শৰাই বিচাৰে। ইয়াৰ পাছতে কইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙৰ গুৰিলৈ নিবলৈ সাজু কৰে। অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ-তামোলৰ শৰাই আগ বঢ়ালেহে কইনাৰ সমলীয়াই কইনাক চকলঙৰ গুৰিলৈ নিয়ে। কইনাক আনোঁতেও আঁৰ কাপোৰ দি আনে। চকলঙৰ গুৰিৰ পাতিত বহুৱাৰ সময়ত আঁৰ কাপোৰ আঁতৰাই দৰাৰ বাওঁফালে বহুৱায়। ৰভাতলিত কইনাৰ মাক বাপেক আৰু বয়সস্থ সকলক শৰাইত কাপোৰ কাণি দি পাণ-তামোলৰ মান ধৰে। কইনাৰ বাওঁফালে কইনাৰ বাপেক বহে আৰু তেওঁ সন্মুখত ম-লুংজন বহে। দৰা আৰু কইনাৰ আগত সাত পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰা:- বিশেষকৈ টাই আহোম চকলং বিবাহ পদ্ধতিত দৰা-কইনাক সাত পুৰুষৰ কৰ্মাৱলীৰ বৰ্ণনা কৰে। আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল তংলতী পাত, তিল আৰু এখন ঘিঁউ বান-ফাই দৰা-কইনাৰ সন্মুখত ৰাখে।

চকলং উৎসৱ

[সম্পাদনা কৰক]

চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে। অ’ফ্ৰা বান চকলং চি চিম হিউ তিম। ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে। ইয়াৰ পাছতে দৰা বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ জনমিং দিয়ে। ম-লুঙে দৰাৰ আৰু কইনা দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদনা কৰে। চিংকৰা আৰু অন্যান্য ফুলেৰে এশ এপাহ ফুলৰ মালা দৰাই কন্যাক আৰু কন্যাই দৰাক পিন্ধাই।

হেংদান প্ৰদান

[সম্পাদনা কৰক]

কইনাই দৰাক ফুল ঠুৰীয়া তামোল আদিৰ লগতে হেংদানো অৰ্পণ কৰে। দৰাই এই হেংদান দেশ, ধৰ্ম জাতিৰ ৰক্ষাৰ্থে আৰু দুষ্টক দমনৰ অৰ্থে গ্ৰহণ কৰে।

মলুঙে দৰা কইনাক দিয়া জনমিং

[সম্পাদনা কৰক]

এই জনমিং টাই ভাষাত ম’লুং বা খাদাম লাও বুলি কোৱা হয়। দৰা আৰু কইনাৰ যুগ্ম জীৱনৰ উপলক্ষে এই জনমিং দিয়া হয়। ইয়াৰ অৰ্থ এজনৰ অবিহনে আন জনে কেতিযাও কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে উভয়ে পৰস্পৰ বুজাবুজি থকা প্ৰয়োজন। এইদৰে মুলুঙে দৰা কইনাক নানা উপদেশ দিয়াৰ পাছত মলুঙৰ কাৰ্য সমাপ্ত কৰে।

আঙঠি আৰু কটাৰী সলোৱা নিয়ম

[সম্পাদনা কৰক]

চকলং কাৰ্য সমাপ্ত হোৱাৰ পাছত দৰা কইনাক ৰভাতলিৰ পৰা ভিতৰলৈ নিয়া হয়। ভিতৰত দুয়োকে পাটী পাৰি দুলনী চাউলত আঙঠি লুকুৱাই বিচাৰিবলৈ দিয়া হয়। এই কাৰ্যত নানা ধেমেলীয়া কথা কৈ দৰা কইনাক লৈ লগৰীয়া ছোৱালীয়ে ৰং ধেমালি কৰে।

পঞ্চামৃত ভোজন

[সম্পাদনা কৰক]

তাৰ পাছত কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ পিঠা পৰমান্ন পঞ্চামৃত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত তিনিবাৰকৈ দিয়ে। প্ৰতেক বাৰতেই দৰাক লোটাৰ পাণীৰে মুখ ধুৱায় দাঁত খৰকিয়াব দিয়ে আৰু একোখন কৈ ঠুৰীয়া তামোল খুৱায়। দৰায়ো কইনাক সেইদৰে পঞ্চামৃত খুৱায় মুখ ধুৱায়, খৰিকা দি আৰু ঠুৰীয়া তামোল খুৱায়।

ইয়াৰ পাছত দৰা কইনাই দৰা কইনাক মাক দেউতাকক আঁঠু লৈ খ্ৰুপ-তাং কৰি দৰাৰ ঘৰলৈ যাত্ৰা কৰে। দৰাৰ ঘৰলৈ পোৱাৰ মাত্ৰেই দৰা-কইনাক দৰাৰ শোৱাৰ কোঠালৈ লৈ যায়। লাংকুৰি, লাৰেং জান চাই হুং, লেংদন আৰু জাচিংফা, এই পঞ্চ দেৱতাক এখন শৰাইত পাণ তামোল আৰু এগছি বান-ফাইৰে শান্তিৰ জীৱন যাপনৰ কাৰণে প্ৰাৰ্থনা কৰে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. (গগৈ ১৯৯৬)
  2. 2.0 2.1 2.2 দীপালী গগৈ (08/2017) (অসমীয়া ভাষাত), তাই আহোমৰ বিবাহ পদ্ধতি আৰু চকলঙ 
  3. (গগৈ ১৯৯৬)

উৎস প্ৰসংগ

[সম্পাদনা কৰক]