জোৰোণ
অসমৰ বিবাহ পৰম্পৰা |
---|
পৰম্পৰাসমূহ |
অন্যান্য |
জোৰোণ হৈছে বিয়াৰ এদিন বা দুদিনৰ আগতে দৰাঘৰৰ মানুহে কইনা ঘৰলৈ গৈ কইনাক সেন্দূৰ, আ-অলঙ্কাৰ, কাপোৰ-কানি আদি প্ৰদান আৰু পৰিধান কৰোৱাৰ মাংগলিক অনুষ্ঠান। নামনি অসমত জোৰোণক 'তেল ভাৰ' দিয়া বুলিও কোৱা হয়। জোৰোণৰ সম্ভাৰত কাপোৰ-কানিৰ উপৰি আইনা, ফণী, তামোল-পাণ, দুটা মাটিৰ ঘট (ঘটৰ ভিতৰত আৰৈ চাউল, তামোল-পাণ আদি থাকে। ঘটৰ মুখত থাকে আমডালি আৰু বাহিৰত থাকে এঁৱা সূতাৰ মেৰণ আৰু সেন্দূৰৰ মেৰণ আৰু সেন্দূৰৰ ফোঁট), পাটী এটা, মাহ-হালধি, গাঁঠীয়নৰ টোপোলা, দুশৰাই তামোল (নামনিত এটা তামোলৰ থোক), এটা মাছ, দুযোৰ তামোল-কটাৰী আদি থাকে।
দৰাঘৰে জোৰোন দিবলৈ আহি কইনা ঘৰৰ পদূলি মুখ পোৱাৰ লগে লগে কইনাৰ মাকৰ সৈতে কইনা ঘৰৰ আয়তীসকলে উৰুলি-জোকাৰেৰে দৰাঘৰক আদৰিবলৈ ওলাই আহে। পদূলিমুখৰ কলতলত দৰাৰ মাক (মাকৰ আৱৰ্তমানত দৰাৰ কোনো নিকটাত্মীয় মহিলাই জোৰোণ দিবলৈ যায়) আৰু কইনাৰ মাক, দুই-বিয়নীয়ে, তামোল-পাণৰ শৰাই তিনিবাৰকৈ সলনা-সলনি কৰে। কইনাৰ মাকে দৰাৰ মাকক তিনিবাৰ বিচনীৰে বিচি সাৱতী ধৰি ৰভাতলীলৈ লৈ যায়। ৰভাতলীৰ মৰলৰ (বিয়াৰ ঘট স্থাপন কৰিবলৈ পিঠাগুৰি আদিৰে মাটিত অঁকা চক্ৰাকাৰ নক্সা) সোঁফালে দৰাঘৰীয়াৰ বাবে আছুতীয়াকৈ থোৱা দলিচাত আটায়ে বহে। দৰাঘৰে অনা ঘট দুটাত মৰলত থয় আৰু ঘটৰ ভিতৰৰ চাউল উলিয়াই পাটীৰ ওপৰত চতিয়াই দিয়ে। ইয়াৰ পাছত কইনাঘৰৰ আয়তীসকলে ওৰণি-বাৰণি দি কইনাক ৰভাতললৈ উলিয়াই আনে। দৰাঘৰে আনা পাটীত বহুৱাই লৈ দৰাৰ মাকে কইনাক কাপোৰ-কানি, অলংকাৰ আদি উলিয়াই দিয়ে। এইখিনিতে আয়তীসকলে প্ৰসঙ্গ বিয়ানাম, জোৰানাম আদি গাই ৰং-ৰহইচ কৰে। দৰাৰ মাকে কইনাৰ মূৰত আঙঠি (সাধাৰণতে সোণৰ) এটা ধৰি গোন্ধ তেল বাকে আৰু ফণি এখন পাতি তিনিবাৰকৈ কইনাৰ শিৰত তলৰ পৰা ওপৰলৈ সেন্দূৰ দিয়ে। তাৰ পাছত আ-অলংকাৰ আদি পিন্ধায়। জোৰোণ পিন্ধোৱাৰ অন্তত কইনাই দৰাঘৰৰ বয়োজেষ্ঠ্যসকলৰ আঁঠু লৈ সেৱা কৰি মান ধৰে। দৰাপক্ষই লৈ যোৱা মাহ-হালধি, গাঁঠিয়নৰ টোপোলা, ধৰম ঘট আৰু দৈৰ সৰু ঘট এটা কইনাক চোৱাই দৰাঘৰলৈ ঘূৰাই অনাৰ নিয়ম। কইনাঘৰে দৰাৰ বাবে জোৰোণৰ দিনাই কাপোৰ এসাঁজ দিয়াৰ পৰম্পৰা আছে। সাধাৰণতে জোৰোণ আগবেলাই যোৱাৰ নিয়ম যদিও আজিকালি ঠাইবিশেষে জোৰোণ পাছবেলাও যায়।[1]
দৰা-ঘৰীয়া সকলে কন্যাঘৰলৈ জোৰণ আৰু তেলভাৰ লৈ কন্যাঘৰলৈ যায়। কোনো কোনোৱে টেকেলি দিয়া তেল ভাৰো বোলে। জোৰণত থাকে কন্যাৰ সাজপাৰ, আ-অলংকাৰ, আৰু খাদ্য সামগ্ৰী; যেনে:- দৈ, জলপান, গুড় আৰু গাখীৰ লগতে চাউল, তেল, নিমখ আদি নিয়া হয়। এটা টেকেলিত ভৰ্ত্তিকৈ পানী আৰু তামোল পাণৰ শৰাই। জোৰণ দিবলৈ দেউতাক, দদায়েক আদি যায়। জোৰণৰ দল গৈ কন্যা ঘৰৰ পদূলিৰ তোৰণৰ মুখত উপস্হিত হোৱাৰ লগে লগে কন্যাঘৰে আদৰিবলৈ আহে- এখন তামোল পাণৰ শৰাই লৈ। লগতে এখন কাপোৰেৰে ঢাকি বিচনা পাৰি দিয়ে। দৰা ঘৰে শৰাই আগবঢ়ায়। দৰা ঘৰৰ শৰাই খন আৰু কন্যাঘৰৰ শৰাই খন তিনিবাৰ সলনা-সলনি কৰি আদৰি লৈ গৈ ৰভাৰ তলত দৰা ঘৰৰ বাবে আছুতিয়াকৈ ৰখা ঠাইত বহুৱায়। দৰাঘৰে ভৰা চাউল থকা দুটা মাটিৰ ঘট বা টেকেলি উলিয়াই পাতি থৈ দিয়া মৰলৰ ভিতৰতে থয়। উৰুলি দি চাউল ছটিয়াই পাটী পাৰি দিয়াৰ পাছত পাটীত ভিতৰৰ পৰা কইনাক উলিয়াই আনি বহুৱায়। জোৰণৰ সামগ্ৰী দৰা ঘৰে উলিয়াই দিয়ে। লগতে দৰা ঘৰৰ নিয়া দুযোৰ তামোল কটাৰী, গাঁঠিয়ন আৰু মাহ- হালধিও উলিয়াই দিয়ে। পানী ছটিয়াবৰ বাবে নিয়া সৰু টেকেলি দুটাৰ এটা কন্যাক চোৱাই ওভোটাই নিয়ে। দৰাঘৰৰ মাটিৰ চাকিগছ দৰাঘৰৰ তেলেৰেই জ্বলাই দিয়ে। ঘটৰ চাউলেৰেই দোলনি সজায়। আৰু তাৰ পাছত কইনাক দৰা ঘৰে দি পঠোৱা জোৰণৰ কাপোৰ-কানি, আ-অলংকাৰ পিন্ধায়। আকৌ কন্যাঘৰৰ পৰা দৰাঘৰলৈ সাজ-কাপাৰ, নোৱনী কাপোৰ - চাদৰ, গামোচা, চুৰিয়া আদিও দিয়ে। তাৰ পাছত জা- জলপান খোৱাই জোৰণ দিবলৈ যোৱা দলটিক বিদায় দিয়ে। পদূলি মুখলৈকে আগবঢ়ায় দিয়ে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-৯৯ (১)