ব'হাগ বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰঙালী বিহুৰ পৰা পুনঃনিৰ্দেশিত)
বিহু
সম্পুৰ্ণ নাম অসমীয়া: বিহু
পালন কৰে অসমীয়া
প্ৰকাৰ কৃষিভিত্তিক উৎসৱ
ভাৰতীয় উৎসৱ

ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।[1]

সাত বিহু[সম্পাদনা কৰক]

বিহু নাচনী

ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক "সাত বিহু" বুলি জনা যায়। চ'তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোঁসাই বিহু বুলিও পালন কৰা যায়।[2] অৱশ্যে এই সাত বিহুৰ পৰম্পৰা বৰ্তমান বিলুপ্তপ্ৰায়।

কিছুমান ব্যক্তিয়ে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক তলত দিয়াৰ দৰে ভাগ কৰিছে:-

  1. চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুয়ে বিহুৰ আখৰাৰ কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
  2. ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
  3. গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
  4. মানুহ বিহু বা চেনেহী বিহু: এক বহাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুচৰী গীত গায় অতি আনন্দ কৰে।
  5. কুটুম বিহু: বহাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।
  6. মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাবে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায় ।
  7. চেৰা বিহু বা এৰা বিহু: বহাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।

উৰুকা[সম্পাদনা কৰক]

ব'হাগ বিহুৰ আগদিনাখনক উৰুকা বোলে৷ সেইদিনাখন বিহুৰ পিঠাপনা, বজাৰ সমাৰ আদি কৰি বিহুৰ প্ৰস্তুতি চলোৱা হয়।

গৰু বিহু[সম্পাদনা কৰক]

প্ৰথম বিহুটিৰ নাম গৰু বিহু।[3] এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়৷ গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই

কপৌ ফুল

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত৷
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু৷
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।

সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে। এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়৷ দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়। গধুলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়।[3]

মানুহ বিহু[সম্পাদনা কৰক]

দ্বিতীয় দিনা বৰ বিহু বা মানুহৰ বিহু।[3] সিদিনাও নামঘৰত সামুহিকভাৱে নাম-কীৰ্তন কৰা হয়৷ সাধাৰণতে বৰ বিহুৰ দিনা বিহুৱান লোৱা হয়। এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী ইষ্ট-কুটুম্ব আৰু মৰমৰ জনকো দিয়া হয়। ইও এক ধৰণৰ পৰম্পৰা৷ বহাগ বিহুত খোৱা-বোৱাতকৈ ৰং-ধেমালিৰ ওপৰত বেছি গুৰত্ব দিয়া হয়৷ ডেকা-ডেকেৰী সকলে বিহু-উৎসৱ পাতি বিহুগীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে। লগতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়ে। আনহাতে কোনো কোনো ঠাইত শেন-কনুৱাৰ যুঁজ, ম'হ যুঁজ, কণী যুঁজ আদি খেল-ধেমালিৰো ব্যৱস্থা আছে।

ৰাতি বিহু[সম্পাদনা কৰক]

আগৰ কালত চ’ত মাহৰ আৰম্ভণিৰ পৰাই ডেকা গাভৰু মিলি ' ৰাতি বিহু' পতাৰ পৰম্পৰা আছিল। বৰ্তমান এই প্ৰথা প্ৰায় নোহোৱা হৈছে। ৰাতি বিহু কেৱল ডেকা গভৰুৰ বিহু। ডেকা গাভৰু মিলি ৰাতি ৰাতি আছুতীয়া ঠাইত বিহু নাচ, বিহু গীতৰে ইজনে সিজনক প্ৰেম নিবেদন কৰিছিল আৰু বিহু তলিৰ পৰাই বহুতে সাংসাৰিক জীৱন আৰম্ভ কৰিছিল। অৱশ্যে বৰ্তমান আধুনিক সভ্যতাৰ পৰশত এই বিলাক প্ৰথা একেবাৰে লোপ পাই গৈছে, কেৱল কেইটামান জনগোষ্ঠীৰ মাজত 'গছ তলৰ বিহু' নামৰে এই ৰাতি বিহুৰ অলপ পৰিবৰ্তিত ৰূপ প্ৰচলিত হৈ আছে। এই ৰাতি বিহুৰ শেষ হৈছিল গৰু বিহুৰ উৰুকাৰ দিনা।

জেং বিহু[সম্পাদনা কৰক]

এই বিহু নৃত্য আৰু গীত কেৱল মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়৷ পূৰ্বতে গাঁৱত মহিলাসকলে এনে বিহু নৃত্য পৰিৱেশন কৰোঁতে তাৰ চাৰিওফালে বাঁহৰ কিছুমান "জেং" গুজি লৈছিল৷ সেয়ে সময়ত ইয়াক "জেং বিহু" বুলি নামকৰণ কৰা হয়৷ ইয়াক গছ তলৰ বিহু বুলিও জনা যায়৷

ব’হাগ বিহুৰ লোকবিশ্বাস[সম্পাদনা কৰক]

ব’হাগ বিহু বা ৰঙালী বিহু সম্পৰ্কীয় ভালেমান লোকবিশ্বাস পোৱা যায়৷ চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰপৰাই সাদিনীয়া বহাগ বিহু আৰম্ভ হয় ৷ গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ-হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে৷ গধূলি পদূলিৰপৰা গোহালিলৈকে শুকান ধান খেৰ, তুঁহ, দীঘলতি, মাখিয়তি পাত আদি জ্বলাই ধোঁৱাময় কৰি তোলা হয়৷ এই ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে৷ ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীত ছটিওৱা হয়৷ গোটেই বছৰটোৰ বাবে গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সূতা মেৰিয়াই দিয়া হয় ৷ অঞ্চল অনুযায়ী গৰু বিহুৰ দিনাখন গৰুক বিচনীৰ বিচ দিয়াৰ পিছতেহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয়৷ বিহুৰ প্ৰথম দিনা কিছুমানলোকে স্নানাদি কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰাৰ উপৰি ব্ৰাহ্মণ-জ্যোতিষাদিৰ কথানুষাৰে অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনী, নিমখ, মৌ, গাখীৰ আদি খায়৷ ‘বিহুত বিহোঁ অমৃত হয়’ বুলি এষাৰ কথা আছে৷ সেয়েই হয়তো কোনো কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল পচলা, টেঙা আদিও খায়৷ এনে কৰিলে বছৰটোত সাপে খোঁটাৰ ভয় নাই বুলি বিশ্বাস কৰে৷ অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে৷ কিছুমানে ইয়াক সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে৷ এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ৷ ‘সাত বিহুৰ শাক শুকতি দেহাত দেই বল’ বুলি বিশ্বাস কৰি এশ এবিধ নহ’লেও সাতবিধ বা নবিধ শাক তোলে৷ ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খুচি থোৱা হয়-‘‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ/বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’’৷ অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা৷ সেয়েই হয়তো প্ৰথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয়৷ জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়৷ পহিলা বহাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পিছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বৰ্ষটো ভালে ভালে যাব পাৰে৷ ‘অতিকৈ চেনেহৰ বহাগৰ বিহুটি’ অহাৰ আগতেই অৰ্থাৎ চ’ত মাহ সোমোৱাৰ লগে লগেই অসমীয়া জীয়াৰী-বোৱাৰীৰ ‘চেনেহৰ বিহুৱান’খনি বৈ-কাটিবলৈ গাত ত’ত নাইকিয়া হয়৷ কিয়নো বিহুৰ পিছত ব’বলৈ থোৱা কোনো কাপোৰ বা বিহুৱান কোনো পুৰুষক দিয়া নহয়৷ বিশ্বাস ‘বিহুচেৰা’ বস্ত্ৰ পৰিধান কৰিলে লওঁতাৰ মৃত্যু কাষ চাপি আহে৷ অঞ্চল বিশেষে বিহুৰ সাতদিন পুৰুষে গাত তেল নলয়, সাতদিনৰ খোৱা পিঠা-পনা, লাৰু আদি থাকিলেও বিহুচেৰাৰ দিনা পেলাই দিয়া হয়৷ যদি বহাগ বিহুৰ মাহটো মলমাহ পৰে তেতিয়া নিজৰ অশুভ হ’ব বুলি বিশ্বাস কৰি কোনো নতুন কাপোৰ বা বিহুৱান গ্ৰহণ কৰা নহয়৷ বহাগ বিহুৰ সময়ত হুচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে৷ সেয়েহে অনাখৰী কবিয়ে গায়- ‘‘গৰু বিহু দিনাখন- ল’বা আশীৰ্বাদ/তেহে পাবা বৈকুণ্ঠত থান"৷

বিহুৰ খেল ধেমালি[সম্পাদনা কৰক]

বহাগ বিহু ৰং-ধেমালিৰ উৎসৱ৷ বিহু-বলিয়া ডেকা-গাভৰুৱে সেয়েই বহাগ বিহুত নানান খেল-ধেমালি কৰা দেখা যায়৷ তাৰ ভিতৰত কড়িখেল উল্লেখযোগ্য৷ কড়ি প্ৰজননৰ প্ৰতীক৷ কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে৷

বিহুত শাক খোৱাৰ পৰম্পৰা[সম্পাদনা কৰক]

অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভূক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি-নিয়ম আছে। সেইদিনা গ্ৰহণ কৰা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেকে ইয়াক গ্ৰহণ কৰে। বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন সাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ বল বান্ধে।[4]এশ এবিধ শাকৰ নাম তলত দিয়া হ’ল:

সাতবিহু[সম্পাদনা কৰক]

সাতবিহুত সাতবিধ শাক খোৱাৰ নিয়ম আছে। উজনি অসমত ই এক পৰম্পৰা য’ত উৎসৱৰ আনন্দ নাই। নামনি অসমত কিন্তু মহিলাসকলৰ বাবে ই আনন্দৰ উৎসৱ। সেইদিনা ছোৱালীহঁতে দলবান্ধি সাজ-পোছাক কৰি চালনি লৈ শাক তুলিবলৈ যায় নাচ গান কৰি। শাকতোলা হ’লে ঘৰাঘৰি আহি চালনি থৈ গা ধুই শাক চাফা কৰি আমকলি মিহলাই খায়। বৈষ্ণৱ সংসঋতিৰ সমৃদ্ধ বৰপেটা অঞ্চল ১ আৰু ৬ ব’হাগৰ দিনা মহিলাসকলে বোৱাৰি পুৱাতে দলবান্ধি নৈৰ দাঁতিকাষৰীয়া অঞ্চল চাই সাতবিধ শাক তোলে। তাৰ আগত নদীত স্নান কৰে। নামকীৰ্তন কৰে। শাক তোলাৰ পিছত মঞ্চাভিনয় কৰে। আবেলি শাকৰ টোপোলা লৈ গীতপদ গাই ঘৰলৈ ঘূৰি সাতখন আঞ্জাৰে ভোজন কৰে।[4] বহুতে বিহুৰ ১৪ দিনৰ দিনা ১৪ বিধ শাক খায়। ই অৱশ্যে বিশেষ গুৰুত্ব নাপায়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সংস্কৃতিৰ কণিকা- সম্পাদনা-ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী- পৃষ্ঠা- ২৪০,২৪১,২৪২
  2. ড: লীলা গগৈ (১৯৯৪). অসমৰ সংস্কৃতি. প্ৰকাশক ডিব্ৰুগড়: বনলতা প্ৰকাশন. পৃষ্ঠা. ১৬৯. 
  3. 3.0 3.1 3.2 "Rongali Bihu Celebration". festivalsofindia.in. Pan India Internet Private Limited (PIIPL). http://www.festivalsofindia.in/bihu/Rongali_Bihu.aspx। আহৰণ কৰা হৈছে: 2013-04-13. 
  4. 4.0 4.1 দীপালী বেজবৰুৱা (১১ এপ্ৰিল, ২০১০ চন). "ৰঙালী বিহুতশাক খোৱাৰ পৰম্পৰা". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ২৭, ২৮ পৃ্ষ্ঠা. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]