কড়ি খেল
খেলৰ বাবে ব্যৱহাৰ হোৱা কড়ি। | |
জিন(বোৰ) বা প্ৰকাৰ(বোৰ) | লোক খেল |
---|---|
খেলুৱৈ সংখ্যা | ২-১০ |
খেলৰ সময় | বহাগ বিহু, বিবাহ আদি |
খেলুৱৈক যাদৃচ্ছিক সুযোগ প্ৰদান | হয় |
কড়ি খেল অসম[1],নেপাল আৰু বাংলাদেশৰ[2] এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। অসমৰ লোকসকলে পৰম্পৰাগত ভাৱে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল।[3] কড়িখেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও জনপ্ৰিয়। কড়ি খেল ধৰ্মীয়কৃত্যৰ লগত জড়িত আৰু ই প্ৰজননৰ প্ৰতীক হিচাপে অসমীয়া সমাজত গৃহীত। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে। অসমীয়া বিবাহ পৰম্পৰাটো দৰা-কইনাৰ মাজত বিভিন্ন খেল-ধেমালিৰ ভিতৰত কড়ি খেলাৰ প্ৰথা প্ৰচলিত। এই খেলত যিজন জিকে সংসাৰ চলোৱাত তেওঁ অধিক পটু বুলি ভবা হয়। ইয়াৰোপৰি সন্তান জন্মৰ পূৰ্বে ল'ৰা নে ছোৱালী জন্ম হ'ব সেইসম্পৰ্কীয় অনুমানৰ বাবেও কোনো কোনো অঞ্চলত কড়ি খেলাৰ নিয়ম প্ৰচলিত।
নেপালত কড়ি খেলক একপ্ৰকাৰৰ জুৱা খেলৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত চাৰিজন পৃথক খেলুৱৈয়ে ১৬টা কড়ি টছ্ কৰে। এই খেল সাধাৰণতে হিন্দু উৎসৱ তিহাৰ[4] বা দীপাৱলীৰ সময়ত ঘৰ আৰু ৰাজহুৱাভাৱে খেলা হয়। একেটা উৎসৱতে এই কড়িবোৰ দেৱী লক্ষ্মী আৰু সম্পদৰ প্ৰতীক হিচাপেও উপাসনা কৰা হয়।
প্ৰয়োজনীয় সামগ্ৰী
[সম্পাদনা কৰক]কড়িখেল অতি সহজে কম খৰচত খেলিব পৰা এবিধ খেল। ইয়াৰ বাবে প্ৰধানত চাৰিটা বা ছটা কড়িৰ প্ৰয়োজন হয়। মাটিত বা কাপোৰত বৰ্গাকাৰ ঢাল আঁকি লোৱা হয় আৰু এই ঢালৰ ওপৰত কড়িগুটিবোৰ সঞ্চালন কৰা হয়। ঢাল হৈছে খেলিবৰ বাবে আঁকি লোৱা বৰ্গ আকাৰৰ এক আৰ্হি আৰু ইয়াত কড়িবোৰ নিয়ম অনুসৰি সঞ্চালন কৰা হয়।
খেলাৰ পদ্ধতি
[সম্পাদনা কৰক]এই খেলত দুজনৰ পৰা দহজন লৈকে ভাগ ল'ব পাৰে। চাৰিৰ পৰা ছটা লৈকে কড়িৰে পুৰুষ মহিলা উভয়ে খেলিব পৰা এই খেলৰ প্ৰণালী কেবাটাও আছে। ঢাল সহকাৰে আৰু ঢাল নোহোৱাকৈ দুইধৰণে খেলিব পাৰি। মাটি বা পাটিত পৰাকৈ চাৰিটা বা পাঁচোটা কড়ি মাৰি দিয়া হয় আৰু আটাইকেইটা কড়ি উবুৰি খাই পৰিলে পূৰ্ণ নম্বৰ (চাৰি বা পাঁচ) পায়। পূৰ্ণনম্বৰ পোৱাৰ পিছত হাত খোলে আৰু যিমানটা কড়ি চিৎ হৈ পৰে দহৰ গণিতকত যথাক্ৰমে দহ, বিশ, ত্ৰিশ, চল্লিছ কিম্বা পঞ্চাশ পায়। এইদৰে বাৰেপতি খেলি খেলি উৰ্দ্ধতম সংখ্যাত (এশৰ পৰা পাঁচশলৈকে) উপনীত হয়। আন এক প্ৰকাৰেও ঢাল নোহোৱাকৈ কড়ি খেলা হয়। চাৰি বা পাঁচটা কড়িৰে খেলিব পৰা এই খেলত দুটা দুটা কড়ি টিলিকি মাৰি লগ লগাব পাৰিলে এযোৰত দহ, দুযোৰত বিশ, তিনিযোৰত ত্ৰিশ এই অনুক্ৰমে এশ বা দুশলৈকে সংখ্যা পাব পাৰে। যোৰ টিলিকি মাৰি লগ লগাব নোৱাৰিলে কড়ি অন্য এজনৰ হাতলৈ যায়। ঢাল পাতি খেলা কড়িখেলত মুঠ ছটা কড়িৰ আৱেশ্যক। এই খেলৰ ঢাল কাপোৰত বা মাটিত আঁকি লোৱা হয়। এহাতেৰে কড়িকেইটা ঢালখনত মাৰি পঠালে এটা উবুৰি ঘাই পাঁচোটা চিৎখাই পৰিলে ‘দহ' হয়। ইয়াকে ‘জগোৱা’ বোলে। পাঁচটা উবুৰি খাই এটা চিৎ খাই পৰিলে 'পচি' বোলে। ছয়টা কঢ়িয়েই তললৈ চিৎ খাই পৰিলে ‘মুদ্ৰা' বোলে। বৰ্গক্ষেত্ৰাকাৰ ঢালত গুটি একোটা পৰিবলৈ হ'লে চাৰিওখন হাত বগাই ৭৩টা ঘৰ চেৰাব লাগে আৰু তেতিয়াই গুটি পকে। যিজনে পকাব পাৰে সেইজনেই জিকে।[5]