সমললৈ যাওক

কণী যুঁজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কণী যুঁজ

দুজন ল'ৰাই কণী যুঁজাই থকাৰ দৃশ্য
খেলুৱৈ সংখ্যা

কণী যুঁজ (ইংৰাজী: Egg tapping) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ এক জনপ্ৰিয় খেল। অসমৰ লগতে বিশ্বৰ আন আন প্ৰান্তত, যেনে: হলেণ্ড,[1] ৰোমানিয়া,[1] বুলগেৰিয়া,[2][3][4] ৰুঠেনিয়া,[5] গ্ৰীচ[6][7] আদিত এই খেল প্ৰচলিত।

অসমত কণী যুঁজ

[সম্পাদনা কৰক]
অসমৰ কণী যুঁজ

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহকণীৰে যুঁজাই।[8] খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে। কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়। পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান। কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়। এনে কণীক কোৱা হয় ‘সাত বিহুৰ সৈয়া কণী’। কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Linda Polan, Aileen Cantwell (1983). The Whole Earth Holiday Book. Good Year Books. ISBN 978-0673165855. https://archive.org/details/wholeearthholida0000polo.
  2. Цаньо СЪРНЕВ. "Общество | Великден - разчупвайте козунаци - Капитал". Capital.bg. http://www.capital.bg/politika_i_ikonomika/obshtestvo/1999/04/10/249793_velikden_-_razchupvaite_kozunaci/ আহৰণ কৰা হৈছে: 2013-02-10.
  3. "আৰ্কাইভ কপি". Archived from the original on 2011-07-06. https://web.archive.org/web/20110706143341/http://www.mc.government.bg/reg/images/events/180/smolyan.pdf আহৰণ কৰা হৈছে: 2011-12-14.
  4. "Вселената на яйцето : Коментари : Животът : Novinar.bg". Novinar.net. http://www.novinar.net/news/vselenata-na-iajtceto_MjYzMjszMQ==.html আহৰণ কৰা হৈছে: 2013-02-10.
  5. "Pascha & Customs of the Carpatho-Rusyn People". Wirnowski.com. http://www.wirnowski.com/Carp/Pas_Customs.html আহৰণ কৰা হৈছে: 2013-02-10.
  6. "Easter on the Net - Greek Orthodox Easter Customs". Holidays.net. http://www.holidays.net/easter/greekeaster.htm আহৰণ কৰা হৈছে: 2013-02-10.
  7. "The word tsougrisma means "clinking together" or "clashing." In Greek: τσούγκρισμα, pronounced TSOO-grees-mah."
  8. অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০