গৰু বিহু
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| ||
---|---|---|
তিনি বিহু নৃত্য গীত অন্যান্য |
||
বিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে।[1] অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।[2]
গৰু বিহুৰ মূল বৈশিষ্ট্য
[সম্পাদনা কৰক]গৰু বিহুৰ দিনাৰ মূল বৈশিষ্ট্য হ’ল- ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা।[1]
গৰু বিহুৰ নিয়ম প্ৰথা
[সম্পাদনা কৰক]গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু আটোম-টোকাৰিকৈ গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ আগতে গৰুৰ গাত মিঠাতেল আৰু মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়-
লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু
নৈৰ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু পৰিবেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়-
দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত
ছাট এটিত থকা সকলো লাউ-বেঙেনা গৰুলৈ নামাৰি কিছু অংশ ছাটটিতে ৰখা হয়। নিজৰ ঘৰৰ ছাট ঘৰলৈ ওভোটাই নানি ওচৰ-চুবুৰীয়াৰ সৈতে ছাট, এডাল পঘা আৰু থেকেৰা সলনি কৰাটোও গৰু বিহুৰে এটি নিয়ম। গোহালিৰ কোনোবা এক কোণত ছাটটি সযতনে সংৰক্ষণ কৰা হয়। এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে। জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।
নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়,
দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ।
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ॥
সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।
গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।
গৰু বিহুত ব্যৱহৃত শাক-পাছলি
[সম্পাদনা কৰক]অসমৰ বহু সমাজৰ লোকে গৰু বিহুৰ দিনাই এশ এবিধ শাক-পাছলি একেলগে ৰান্ধি গ্ৰহণ কৰে। অৱশ্যে অসমৰ বহু ঠাইত সাতবিহুৰ দিনাহে এই প্ৰথা প্ৰচলিত হোৱা দেখা যায়। এই ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন শাক-পাছলি তলত উল্লেখ কৰা হ’ল। আজিকালি সকলো শাক-পাচলি বিচাৰি নাপাই যদিও কিছুমান এতিয়াও পোৱা যায়। সেইবোৰ হৈছে-
১) অমিতাফুল ২) অমৰা ফুল ৩) অশোক ফুল ৪) আৰফুল ৫) আমৰ মল ৬) আনাৰসৰ কোঁহ ৭) আলুগুটিৰ পাত ৮) আদাপাত ৯) আগেজলা ১০) ওলকচুপাত ১১) ওলকবি পাত ১২) কঁঠালৰ মুচি ১৩) কেঁহেৰাজ শাক ১৪) কচুশাক ১৫) কুঁহিয়াৰ পাতৰ আগ ১৬) কুকুৰাঠেঙীয়া ১৭) কোৱাভাতুৰি ১৮) কেঞাবন ১৯) কাচিপকা ২০) কাঁছকল পাত ২১) কাঠ আলু পাত ২২) কৰ্দৈ পাত ২৩) কলমৌ শাক ২৪) কুহিলা পাত ২৫) কলপচলা |
২৬) কোমোৰা পাত ২৭) কেৰেলা পাত ২৮) খুতৰা শাক ২৯) গাখীৰতী ৩০) গাজৰ পাত ৩১) গৰুখিচ ৩২) চুকাশাক ৩৩) চজিনা পাত ৩৪) চালকুঁৱৰী আগ ৩৫) চিৰতা পাত ৩৬) চয়াবিন পাত ৩৭) জিলমিল শাক ৩৮) জেতুলীপকা পাত ৩৯) জালুকপাত ৪০) জলকীয়া পাত ৪১) জবাফুল ৪২) জ্যেষ্ঠমধু পাত ৪৩) জৱেত্ৰী ৪৪) জাতিলাউ পাত ৪৫) জিকা পাত ৪৬) টিকনি বৰুৱা ৪৭) টুপুৰী লতা ৪৮) টেঙামৰা ৪৯) টেঙেচি টেঙা ৫০) তিতাফুল |
৫১) তিল পাত ৫২) তুলসী ৫৩) তিঁয়হ পাত ৫৪) থেকেৰা পাত ৫৫) থেৰেজু পাত ৫৬) দাংবদি ৫৭) দোৰোণশাক ৫৮) সোণবৰীয়াল ৫৯) দুপৰটেঙা ৬০) ধুন্দুলি পাত ৬১) ধতুৰা ৬২) ধনিয়া ৬৩) ঢেকীয়াশাক ৬৪) নৰসিংহ ৬৫) নহৰু পাত ৬৬) নেফাফু ৬৭) নুনি পাত ৬৮) নিলাজী বন ৬৯) পিৰালি পালেং ৭০) পিঁয়াজপাত ৭১) পদিনা ৭২) পিৰালি কুঁৱৰী ৭৩) পটল পাত ৭৪) পালেং ৭৫) পুৰৈশাক |
৭৬) পনৌনৌৱা ৭৭) পচতীয়া ৭৮) পিপলি ৭৯) ব্ৰাহ্মীশাক ৮০) বিলাহী পাত ৮১) বন্ধাকবি ৮২) বনজালুক ৮৩) বেতগাজ পাত ৮৪) বেঙেনা পাত ৮৫) বৰথেকেৰা পাত ৮৬) বিহলঙনি ৮৭) বকফুল ৮৮) বৰমানিমুনি ৮৯) বৰবৰীয়াল ৯০) বৃন্দাবন ৯১) বহমথুৰি ৯২) বিশল্যকৰণি ৯৩) ভেদাইলতা ৯৪) ভাঙৰ আগ ৯৫) ভৃঙ্গৰাজ ৯৬) ভেকুৰি তিতা ৯৭) ভেটফুল ৯৮) মাটিকাঁদুৰি ৯৯) সৰু মানিমুনি ১০০) মহানিম |
১০১) মচন্দৰী ১০২) মানধনিয়া ১০২) মৰলীয়া পাত ১০৩) মৰিচা ১০৪) মেথিশাক ১০৫) মেটেকা ১০৬) মৰাপাট ১০৭) মধুৰী আম পাত ১০৮) মধুসোলেং ১০৯) মূলাশাক ১১০) ৰঙালাউ আগ ১১১) লফাশাক ১১২) লাইজাবৰী ১১৩) লাইশাক ১১৪) শেৱালি ফুল ১১৫) সৰিয়হ শাক ১১৬) শুকলতি ১১৭) হাতীখুতৰা ১১৮) হেলচী শাক ইত্যাদি। |
এই শাকবোৰৰ সকলোবোৰ পোৱা সম্ভৱ ন‘হলেও বহুতে ইয়াৰে সাতবিধ শাক আনি ব্যঞ্জন কৰি খায়। সেইবাবেই ইয়াক বহুতে সাতশাকী বুলিও কয়। কিছুমানৰ মতে ব‘হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়।
বৰ্তমান যুগ আৰু গৰু বিহু
[সম্পাদনা কৰক]আধুনিকতাৰ ঢৌয়ে জগতৰ সকলো বস্তলৈকে পৰিৱৰ্তন কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম-প্ৰথাৰ লেহেমীয়া পৰিৱৰ্তন স্বাভাৱিক। নৈপৰীয়া মানুহখিনিৰ বাহিৰে বাকী ৰাইজৰ বাবে নদীৰ পাৰলৈ নি গৰুক গা ধুওৱা একপ্ৰকাৰৰ অসম্ভৱ কথা। তেনেস্থলত গৰু বিহুৰ দিনা চোতালতে বিভিন্ন উপায়েৰে গৰুক স্নান কৰোৱা দৃশ্য এতিয়া অসমত সুলভ। আগৰ দৰে গাঁৱৰ সকলো ৰাইজ একলগ হৈ গৰুৰ গালৈ লাউ-বেঙেনা দলিওৱা দৃশ্য এতিয়া একেবাৰে বিৰল। সাম্প্ৰতিক যুগত ব্যস্ততাৰে ভৰা অসমৰ জনজীৱনত অসমীয়া ৰাইজে কিন্তু পাহৰা নাই গৰু বিহুৰ নীতি-নিয়মৰ কথা। ফলস্বৰূপে আজিও অটুট আছে তাহানিৰে পৰা চলি অহা গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম- প্ৰথা।
গৰুৰ বিহুৰ লগত জড়িত লোকবিশ্বাস
[সম্পাদনা কৰক]বিহুৰ লগত অসমীয়া মানুহৰ নানান বিশ্বাস জড়িত হৈ আছে। অসমীয়া হিন্দু-মুছলমান উভয় সমাজৰ বাবে গৰুবিহু এক হেঁপাহৰ উৎসৱ। গৰু বিহুৰ দিনা পুৱাই গৃহস্থই গৰু গোহালিটো চাই যদি গৰুকেইটা ঠিয় হৈ থকা দেখে তেন্তে সেই বছৰটোত বানপানী নহয় আৰু শুই থকা দেখিলে বানপানী হয় বুলি এক বিশ্বাস প্ৰচলিত আছে। ৰাতিপুৱা নিৰ্দিষ্ট সময় অনুসৰি গৰুৰ খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধিৰে নোৱাই ওচৰৰ নৈ, বিল, পুখুৰী আদিলৈ গা-ধুৱাবলৈ নিওঁতে দীঘলতিৰে খেদায় নিলে মাৰি-মৰক উপচক্ৰ গুচে বুলি বিশ্বাস কৰা হয়।[3]
এই চাক আৰু দীঘলতি, মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থ’লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ বছৰটোৰ বাবে দেখা নিদিয়ে বুলি লোকে বিশ্বাস কৰে। চাকত ব্যৱহৃত বাঁহচটি আগমৰা হ’ব নালাগিব। আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰু নাবাঢ়ে বুলি বিশ্বাস আছে।[3]
গৰু বিহুৰ দিনাই সন্ধিয়া নহৰু বটা পানী ঘৰৰ চাৰিওকাষে ছটিয়ালে বছৰটোলৈ সৰ্পভয় নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়।
সেইদৰে গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰাও অসমীয়া সমাজত আছে। লগতে গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰা আদিও খোৱা হয়। পুৰণি বিশ্বাস অনুসৰি এই এশ এবিধ শাক খালে বহু ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেইদিনাই নাহৰৰ পাতত ‘দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে’ -এই মন্ত্ৰটো লিখি ঘাইঘৰ কেইটাৰ চালত আৰু গোহালি ঘৰৰ চালত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস প্ৰচলিত আছে।[3]
গৰু বিহুৰ দিনাই জেতুকা পিহি ঘৰৰ সকলোৱে লগায়। লগতে কেঁচা জেতুকাৰ ৰস অকন খোৱাৰো নিয়ম। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়।
আবেলি গৰু উভতিবৰ সময়ত তুঁহগুড়ি, বিহলঙনি, জেটুলীপকা ধানখেৰ আদিৰে পদূলি মূৰত, চোতালত আৰু গোহালিৰ মুখত একোটাকৈ জাগ জ্বলোৱা হয়। মাখিয়তীৰে গৰুৰ গাত লাহে লাহে কোবোৱা হয় যাতে গৰুকেইটা মহ, দাঁহ, মাখি আদিৰপৰা বছৰটোলৈ ৰক্ষা পৰে। মাঘ বিহুৰ দিনা মাহ-কৰাই খোৱাৰ দৰে ব’হাগ বিহুৰ দিনাও আমৰ কলি, কঁঠালৰ মুচি, মচুৰ মাহ খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা পুৱাবেলা কণীযুঁজ, কড়ি খেলৰ যি পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে তাক উৰ্বৰতা বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠিছে বুলি ক’ব পাৰি।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 শৰ্মা, পংকজ (১৪ এপ্ৰিল ২০১৯). "পৰম্পৰা আৰু জনবিশ্বাসত গৰু বিহু". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/special-writing-on-goru-bihu-by-pankaj-sarma/। আহৰণ কৰা হৈছে: 13 April 2020.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2020-04-13. https://web.archive.org/web/20200413022753/https://janambhumi.in/VDBSbk5FMW5QVDA9/%25E0%25A6%2586%25E0%25A6%259C%25E0%25A6%25BF-%25E0%25A6%2597%25E0%25A7%25B0%25E0%25A7%2581-%25E0%25A6%25AC%25E0%25A6%25BF%25E0%25A6%25B9%25E0%25A7%2581.html। আহৰণ কৰা হৈছে: 2020-04-13.
- ↑ 3.0 3.1 3.2 3.3 জুৰি কটকী (১১ এপ্ৰিল, ২০১০ চন). "বিহু আৰু লোকবিশ্বাস". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ১১ পৃ্ষ্ঠা.