সমললৈ যাওক

চাট (বাঁ‌হৰ সঁ‌জুলি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৰু বিহুৰ চাট

চাট হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ লোকাচাৰত ব্যৱহাৰ হোৱা ত্ৰিশূল সদৃশ বাঁ‌হৰ শলাবিশেষ। ইয়াত কেইবিধমান থলুৱা পাচলি ডোখৰ ডোখৰকৈ বা চকলিয়াই কাটি গুঠি লোৱা হয়। গৰু বিহুৰ দিনা গৰুক গা ধুৱাওঁ‌তে এই পাচলিৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।[1]

বিৱৰণ[সম্পাদনা কৰক]

ব'হাগ বিহু সাদিনীয়াকৈ পালন কৰা হয় আৰু ইয়াৰ প্ৰথম দিনটো অৰ্থাৎ চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোক কোৱা হয় গৰু বিহু। সেইদিনা পুৱা কুমলীয়া বাঁ‌হৰ পৰা ত্ৰিশূলসদৃশ শলা সজা হয়। ইয়াৰ তলফালটো হাতেৰে মুঠি মাৰি ধৰিব পৰাকৈ ডাঙৰ হয় আৰু গা অংশত দুই বা ততোধিক শলা থাকে। সাধাৰণতে চাটসমূহত দুই, তিনি বা চাৰিসিৰীয়াকৈ সজা হয়।[2] সাধাৰণতে সুগঢ়ী কৰিবলৈ জুইত তপতাই লৈ শলাকেইডাল ওপৰৰ ফালে বহলকৈ মেল খাই যোৱাকৈ ভাঁ‌জ দিয়া হয়। কোনো কোনো লোকে ইয়াক ভাঁ‌জ নিদিয়াকৈয়ো ৰাখে। অঞ্চলবিশেষে ইয়াক বিহুৰ দিনা পুৱাৰ সলনি আগদিনা ৰাতিয়েই সাজি ৰখা হয়। গৰু বিহুৰ দিনা পুৱাতেই লাউ, বেঙেনা, কেৰেলা, থেকেৰা, হালধি[3] আৰু তিয়ঁ‌হ টুকুৰা টুকুৰকৈ বা চকল চকলকৈ কাটি চাটসমূহত গুঠা হয়। পাচলিসমূহ গুঠাৰ এক নিৰ্দিষ্ট ক্ৰম থাকে। সাধাৰণতে আটাইতকৈ ওপৰত থাকে জাতিলাউ (পানীলাউ) আৰু বেঙেনা (বৰবেঙেনা)। ইয়াৰ পিছত ক্ৰমান্বয়ে বাকী পাচলিসমূহ থাকে। অঞ্চলবিশেষে পাচলিসমূহ ভিন্ন হ'ব পাৰে যদিও লাউ আৰু বেঙেনা চাটৰ উমৈহতীয়া উপাদান। পৰম্পৰাগতভাৱে তিতাকেৰেলা, বৰথেকেৰা, কেতুৰি হালধি আৰু মাটিতিয়ঁ‌হ ব্যৱহাৰ কৰা হয় যদিও জেংকেৰেলা, কুঁ‌জীথেকেৰা, অন্য প্ৰজাতিৰ হালধি আৰু তিয়ঁ‌হো ব্যৱহাৰ কৰা হয়।

লোকাচাৰ[সম্পাদনা কৰক]

চাট

গৰুক গা ধুওৱাৰ সময়ত মাখিয়তী আৰু দীঘলতী পাতৰ সৈতে গা ধুওৱাৰ ঠাইলৈ (নদী বা পুখুৰী) চাটসমূহ চালনী এখনত কলপাতৰ ওপৰত ৰাখি লৈ যোৱা হয়। হৰিধ্বনি দি চাটসমূহৰ পৰা পাচলিবোৰ খুলি গৰুৰ গাত ছটিয়াই গোৱা হয়[1]:

"লাউ খা, বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু, বাপেৰ সৰু
তই হ'বি বৰ গৰু।"

গা ধুওৱাৰ পিছত গৰুবোৰক পথাৰত মুকলিকৈ চৰিবলৈ এৰি দিয়া হয় আৰু চাটসমূহত অলপমান পাচলি ৰাখি শলাসমূহৰ জোঙা আগকেইটা মোটোকাই ভাঙি থোৱা হয়। চাটত থাকি যোৱা অৱশিষ্ট পাচলিৰে চাটবিলাক আনৰ লগত সলনা-সলনি কৰা হয়। পিছত ইয়াক ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুঁজি থোৱা হয়। চাটত ৰৈ যোৱা পাচলিৰো দুই এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় আৰু চাটৰ পাচলি খালে বেমাৰ-আজাৰ নহয় বুলি লোকবিশ্বাস আছে।[2] অঞ্চলভেদে গৰুৰ গালৈ ছটিওৱা চাটৰ পাচলিৰ একাংশ বুটলি সেইদিনা দুপৰীয়া গ্ৰহণ কৰা পঁ‌ইতা ভাতৰ সৈতে খাবলৈ আঞ্জা ৰন্ধাৰো পৰম্পৰা আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "বিহু ওপৰত ৰচনা". অসমীয়া প্ৰতিদিন. 23 February 2023. https://www.asomiyapratidin.in/education/essay-on-bihu-in-assamese। আহৰণ কৰা হৈছে: 19 March 2023. 
  2. 2.0 2.1 লক্ষেশ্বৰ হাজৰিকা. "বহাগ বিহু: লোকাচাৰ আৰু জনবিশ্বাস". সাহিত্য ডট অৰ্গ. বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b99be997-9ac9bf9b99c1-9b29959be99a9be9f0-9869f09c1-99c9a89ac9bf9b69cd9ac9be9b8। আহৰণ কৰা হৈছে: 19 March 2023. 
  3. "ব'হাগৰ সাত-বিহু আৰু "সাতশাকী"". khiriki.com. 3 July 2021. Archived from the original on 19 March 2023. https://web.archive.org/web/20230319072859/http://www.khiriki.com/bohag-bihu/। আহৰণ কৰা হৈছে: 19 March 2023.