সমললৈ যাওক

সাতশাকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিহুৰ এশ এবিধ শাকৰ একাংশ

সাতশাকী হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। সাতশাকী নামটো ব'হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে। এই প্ৰথাৰ তাৎপৰ্য্য এয়ে যে বছৰৰ এইখিনি সময়ত ঘৰৰ বাৰী বা দাঁতি-কাষৰীয়া পৰিৱৱেশত থকা গছ-লতিকাত নতুন পাতৰ সমাহাৰ ঘটে। তাৰে শতাধিক শাক গোটাই খোৱাটো সহজসাধ্য হয়।[1] এই প্ৰথাটো প্ৰকৃততে প্ৰতীকী অৰ্থতহে পালন কৰা হয় বুলি ধাৰণা কৰা হয়।[2] সাতশাকীক অঞ্চলভেদে 'হাঁ‌হেখাঁ‌তী' বা 'পাৰেখাঁ‌তী' বুলিও কোৱা হয়।[3]

এশ এবিধ শাক

[সম্পাদনা কৰক]

সাধাৰণতে স্থানীয়ভাৱে পোৱা সকলোবোৰ শাক-পাতেই সাতশাকীত ব্যৱহাৰ কৰা হয়। সাতশাকীত কেৱল শাকেই নাথাকে। কঁ‌ঠালৰ মুচি আদিও ইয়াৰ অন্যতম উপাদান।[3] এই শাক-পাতসমূহৰ ভিতৰত অমিতাৰ ফুল, অমৰাৰ ফুল, আমৰ কোঁ‌হ, আনাৰসৰ কোঁহ, আদাৰ পাত, ওলকবিৰ পাত, কঁঠালৰ মুচি, কেঁহেৰাজ, কচুশাক, কোৱাভাতুৰি,  কাচিদঁ‌ৰিয়া, কাঠআলুৰ আগ, কৰ্দৈৰ পাত, কলমৌ শাক, কলপচলা, কোমোৰাৰ পাত, ভাতকেৰেলাৰ আগ, খুতৰা, গাখীৰতী, গৰুখিচ, চুকাশাক, চজিনাৰ পাত, চালকুঁৱৰী, চিৰতা, জিলমিল, জেতুলীপকা, জালুকৰ পাত, জলকীয়াৰ পাত, জাতিলাউৰ পাত, জিকাৰ পাত, টিকনিবৰুৱা, টেঙামৰা, টেঙেচি, তিতাফুল, তুলসী, দোৰোণবন, সোণবৰীয়াল, দুপৰটেঙা, ধনিয়া, ঢেকীয়া, নৰসিংহ, নেফাফু, নুনি পাত, নিলাজী বন, পিৰালি পালেং, পিঁয়াজপাত, পদিনা, পালেং, পুৰৈশাক, পনৌনৌৱা, পচতীয়া, পিপলি, ব্ৰাহ্মীশাক, বিলাহীৰ পাত, বনজালুক, বেতগাজ, বিহলঙনি, বকফুল, বৰমানিমুনি, বৰ্হমথুৰি, ভেদাইলতা, ভাঙ, ভৃঙ্গৰাজ, ভেকুৰি, মাটিকাঁদুৰি, সৰু মানিমুনি, মহানিম, মচন্দৰী, মানধনিয়া, মৰলীয়া, মৰিচা, মৰাপাট, মধুৰীআমৰ আগ, মধুসোলেং, ৰঙালাউৰ আগ, লফাশাক, লাইজাবৰী, লাইশাক, শেৱালিৰ পাত, সৰিয়হ শাক, শুকলতি, হাতীখুতৰা, হেলচী ইত্যাদি সততে ব্যৱহাৰ হয়। ঠাইভেদে শাকসমূহ ভিন্ন হ'ব পাৰে।

লোকাচাৰ

[সম্পাদনা কৰক]

পৰম্পৰা অনুযায়ী গৰুবিহুৰ দিনা শাকনি বাৰী বা পথাৰৰ পৰা এই শাকসমূহ বুটলি অনা হয়। ইয়াক কোৱা হয় 'সাতশাকী তোলা'। সাধাৰণতে গৰুবিহুৰ দিনা গধূলি শাকসমূহ একেলগে ভাজি খোৱাৰ নিয়ম। ঠাইভেদে চেৰাবিহুৰ দিনাও সাতশাকী খোৱা হয়। অৱশ্যে সাতবিহুৰ যিকোনো এদিন সাতশাকী খাব পৰা যায়। লোকবিশ্বাস অনুসৰি সেইদিনা সাধাৰণতে বিহ বা অখাদ্য বুলি গণ্য কৰা শাক-পাত সাতশাকীৰ সৈতে খালেও ই কোনো অপকাৰ নকৰে। ঠাইবিশেষে গৰু বিহুৰ দিনা গৰুৰ গালৈ ছটিওৱা চাটৰ পাচলিৰ একাংশও সাতশাকীৰ সৈতে মিহলাই খোৱা হয়।[3] লোকবিশ্বাস অনুসৰি বিহুৰ সময়ত সাতশাকী খালে বছৰটোলৈ বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি।

সাতশাকীৰ পৰম্পৰাৰ সৈতে গীত-মাতো প্ৰচলিত। এই গীতক ‘শাক-তোলা’ গীত বোলা হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]