সমললৈ যাওক

গাখীৰতী বন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাখীৰতী বন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
শ্ৰেণী: Eudicots
বৰ্গ: Malpighiales
পৰিয়াল: Euphorbiaceae
গণ: Euphorbia
প্ৰজাতি: E. hirta
বৈজ্ঞানিক নাম
Euphorbia hirta
লি.[1]
সমাৰ্থক[2]
  • Chamaesyce gemella (Lag.) Small
  • Chamaesyce hirta (L.) Millsp.
  • Chamaesyce karwinskyi (Boiss.) Millsp.
  • Chamaesyce rosei Millsp.
  • Desmonema hirta (L.) Raf.
  • Euphorbia bancana Miq.
  • Euphorbia capitata Lam.
  • Euphorbia chrysochaeta W.Fitzg.
  • Euphorbia gemella Lag.
  • Euphorbia globulifera Kunth
  • Euphorbia karwinskyi Boiss.
  • Euphorbia nodiflora Steud.
  • Euphorbia obliterata Jacq.
  • Euphorbia pilulifera (L.) Thell.
  • Euphorbia verticillata Vell.

গাখীৰতী বন (বৈজ্ঞানিক নাম: Euphorbia hirta) আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ পৰা উৎপত্তি হোৱা এবিধ ক্ৰান্তীয় অপতৃণ।[3] এই উদ্ভিদক কেতিয়াবা এষ্ঠমা-প্লাণ্ট (asthma-plant; হাঁপানি-উদ্ভিদ) বুলিও কোৱা হয়।[4] ই মুকলি ঘাঁহনি, পথৰ কাষত গজা এবিধ নোমযুক্ত বনৌষধি। এই উদ্ভিদক বিশ্বৰ বহু সংস্কৃতিৰ পৰম্পৰাগত বনৌষধি চিকিৎসাত হাঁপানি, ছালৰ ৰোগ আৰু উচ্চ ৰক্তচাপ আদিৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়।[5] ফিলিপাইনত (টাৱা-টাৱা বুলি জনা যায়), বিশেষকৈ ডেংগি জ্বৰ আৰু মেলেৰিয়াৰ বাবে ইয়াক বনৌষধি চাহৰ ৰূপত লোকঔষধ হিচাপেও সেৱন কৰা হয়।[6][7]

বিৱৰণ[সম্পাদনা কৰক]

গাখীৰতীৰ ফুল

গাখীৰতী এবিধ একবৰ্ষী উদ্ভিদ। এই বনৌষধিবিধ প্ৰায় ৬০ চে.মি. ওখ হয়। ইয়াৰ কাণ্ড কঠিন আৰু কাণ্ড আৰু পাতত সৰু সৰু নোম থাকে। পাতৰ তল ফালে শিৰাবোৰ স্পষ্ট ৰূপত দেখা যায়। কাণ্ডৰ পৰা বিপৰীত দিশলৈ মূৰ কৰি যোৰকৈ পাত ওলায়। ফুলবোৰ একলিংগী আৰু প্ৰতিটো পাতৰ গুৰিত উদ্ভৱ হয়, সাধাৰণতে কাণ্ডৰ ওচৰত থুপা আকৃতিত ফুল আৰু ফলৰ গুচ্ছ দেখা পোৱা যায়। ফুলবোৰত সৰু সৰু বগা/গোলাপী পাহিৰ দৰে উপসৰ্গ থাকে। ইয়াৰ পাত আৰু কাণ্ড চিঙিলে এবিধ বগা তৰুক্ষীৰ ওলায়।[8]

ব্যৱহাৰ[সম্পাদনা কৰক]

পৃথিৱীৰ বিভিন্ন প্ৰান্তত গাখীৰতী বনক বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়।[5] হাঁপানি, উচ্চ ৰক্তচাপ, মহিলাৰ ৰোগ, শিশুৰ কৃমি ৰোগ, গ্ৰহণী, জণ্ডিছ, গনৰিয়া ইত্যাদি বিভিন্ন ৰোগত ইয়াক পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া লোকসকলে ব'হাগ বিহুৰ সময়ত পালন কৰা এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা সাতশাকীৰ অন্তৰ্গত ই এবিধ অন্যতম শাক।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kew Gardens 'World Checklist' link : গাখীৰতী বন
  2. "Euphorbia hirta L.". Plants of the World Online. Royal Botanic Gardens, Kew. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:101651-2। আহৰণ কৰা হৈছে: 2019-07-20. 
  3. "The Royal Botanic Garden Sydney PlantNET Database Entry". Royal Botanical Gardens Sydney. https://plantnet.rbgsyd.nsw.gov.au/cgi-bin/NSWfl.pl?page=nswfl&showsyn=&dist=&constat=&lvl=sp&name=Euphorbia~hirta। আহৰণ কৰা হৈছে: 2021-01-23. 
  4. (xls) BSBI List 2007, Botanical Society of Britain and Ireland, https://bsbi.org/download/3542/, আহৰণ কৰা হৈছে: 2014-10-17 
  5. 5.0 5.1 "Euphorbia hirta: Its chemistry, traditional and medicinal uses, and pharmacological activities". Pharmacognosy Reviews খণ্ড 4 (7): 58–61. 2010. doi:10.4103/0973-7847.65327. PMID 22228942. 
  6. Yam, Hilton Y.; Montaño, Marco Nemesio E.; Sia, Isidro C.; Heralde, Francisco M. III; Tayao, Lotgarda (2018). "Ethnomedicinal Uses of tawatawa (Euphorbia hirta Linn.) in Selected Communities in the Philippines: a Non-invasive Ethnographic Survey Using Pictures for Plant Identification". Acta Medica Philippina খণ্ড 52 (5). doi:10.47895/amp.v52i5.325. https://actamedicaphilippina.upm.edu.ph/index.php/acta/article/view/325. 
  7. "'Tawa-tawa': Herbal supplement that can help fight dengue". PhilStar Global. 8 October 2019. https://www.philstar.com/lifestyle/health-and-family/2019/10/08/1957088/tawa-tawa-herbal-supplement-can-help-fight-dengue. 
  8. "Open Source for Weed Assessment in Lowland Paddy Fields (OSWALD)". Asia IT&C Programme of the European Union. 2007-07-21. http://www.oswaldasia.org/species/e/euphi/euphi_en.html। আহৰণ কৰা হৈছে: August 30, 2013. 
  9. "সাত বিহুৰ পৰম্পৰা ১০১ এবিধ শাক: পৰম্পৰাৰ আঁৰতো আছে বহু কাৰণ…". অসমীয়া প্ৰতিদিন. 19 April 2022. https://www.asomiyapratidin.in/assam/assam-sat-bihu-tradition-assam। আহৰণ কৰা হৈছে: 19 March 2023.