শেৱালি ফুল
শোৱালী ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Lamiales |
পৰিয়াল: | Oleaceae |
গণ: | Nyctanthes |
প্ৰজাতি: | N. arbor-tristis |
বৈজ্ঞানিক নাম | |
Nyctanthes arbor-tristis লিনিয়াচ |
শেৱালি ফুল (বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis) হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। [1] এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে।
নাম আৰু প্ৰতীক
[সম্পাদনা কৰক]বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis সাধাৰণ নাম: শেৱালি ফুল
লেটিন Nyctanthes-ৰ অৰ্থ হ’ল “সন্ধিয়া ফুলা” আৰু arbor-tristis-ৰ অৰ্থ হ’ল “বিষণ্ন গছ”। সন্ধিয়া ফুলা আৰু ৰাতিপুৱা সৰি পৰা কাৰণে কেতিয়াবা ইয়াক "tree of sorrow" বা "দুখৰ গছ"-বুলিও কোৱা হয়। এইখন শেৱালী ফুলৰ গছ ৰোমান্টিক চৰিত্ৰৰ আভাষ দিয়ে।[2]
প্ৰচলিত নাম
[সম্পাদনা কৰক]- অসমীয়াত শেৱালি
- ইংৰাজীত নাইট-ফ্লাৱাৰিং জেছমিন (Night-flowering Jasmine)
- নেপালীত ছিংগাৰেই (Singgarei)
- বাংলাত শেফালী বা শিউলি
- হিন্দীত পাৰিজাত (पारिजात), হৰশৃংগাৰ (हरशृंगार)
- টেলেগুত পাৰিজাথম (పారిజాతము) বা পাগাডামাল্লে (పగడమల్లి)
- কানাড়াত পাৰিজাত (ಪಾರಿಜಾತ) বা গ'লি (ಗೋಳಿ)
- মাৰাঠীত পাৰিজাত (पारिजात), পাৰিজাতক (पारिजातक) বা প্ৰাজক্তা (प्राजक्त)
- তামিলত পাভাজা মল্লি (பவழ மல்லி)
- মালায়ালামত পাভিজা মল্লি
- উড়িয়াত শেফালী (ଶେଫାଳି) বা গংগা শিউলী (ଗଙ୍ଗ ଶିଉଳି)
- সিংহলাত শেপালীকা (සේපාලිකා)
প্ৰতীক
[সম্পাদনা কৰক]শেৱালি ফুল ভাৰতৰ পশ্চিমবঙ্গ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰিৰ ৰাষ্ট্ৰীয় ফুল।
ব্যৱহাৰ
[সম্পাদনা কৰক]প্ৰাচীন কালৰে পৰা ই মেলেৰিয়াসদৃশ জ্বৰৰ ঔষধ হিচাপে ভাৰতবৰ্ষত ব্যৱহাৰ হৈ আহিছে[3]। এই ফুল হালধীয়া ৰঙ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলসমূহ শুকুৱাই বহুদিনলৈ সংৰক্ষণ কৰি পিছত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও ইয়াক চুলি, শালমন, মূৰৰ বিষ-ঘূৰণী, পেটৰ কৃমি ইত্যাদিৰ বেমাৰত ব্যৱহাৰ কৰা হয়[4]।
চিত্ৰমালা
[সম্পাদনা কৰক]-
শেৱালি ফুলৰ কলি, পশ্চিম বংগ, ভাৰত
-
শেৱালি ফুলৰ গা-গছ