মধুসোলেং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মধুসোলেং
ফুলেৰে সৈতে মধুসোলেং
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Caryophyllales
পৰিয়াল: Malvaceae
গণ: Persicaria
প্ৰজাতি: P. chinensis
বৈজ্ঞানিক নাম
Persicaria chinensis
L.[1]

মধুসোলেং বা মধুসোলেঙ হৈছে পলিগ’নেছি পৰিয়ালৰ অন্তৰ্গত এক দ্বিবীজপত্ৰীয় উদ্ভিদ প্ৰজাতি। এচিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, জাপান, ভাৰত, ইণ্ডোনেছিয়া আৰু ভিয়েটনামত মধুসোলেঙৰ বিস্তৃতি দেখিবলৈ পোৱা যায়।[2] মালয়েচিয়া আৰু ভিয়েটনামত বহুল পৰিমাণে দেখা পোৱা এইবিধ উদ্ভিদক সেই ঠাইৰ লোকে ডিচেণ্ট্ৰি, পেটৰ জ্বলা-পোৰা, চৰ্দিজনিত ডিঙিৰ বিষ আদি ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰে।[3] নিউ ছাউথ ৱেলছ আৰু কুইন্সলেণ্ডৰ খেতি-পথাৰত মধুসোলেঙক অপতৃণ হিচাপে দেখা পোৱা যায়।[4]

মধুসোলেঙ মূলতঃ এবিধ বহুবৰ্ষী লতাজাতীয় সপুষ্পক উদ্ভিদ আৰু ই ২-৩ মিটাৰ উচ্চতালৈকে বৃদ্ধি হয়। ইয়াৰ গা-গছডাল নিমজ আৰু দীঘলীয়া আঁচৰে সৈতে ৰঙচুৱা-মুগা বৰণৰ। ইয়াৰ পাতসমূহ দীঘলে ৪–৮  চেমি আৰু বহলে ৩–৫  চেমি হোৱাৰ লগতে পাতৰ আগ অংশ জোঙা আৰু গুৰি অংশ গোলাকাৰ বা মোটামুটি ডিম্বাকৃতিৰ হয়। মধুসোলেঙৰ ফুলৰ ঠালসমূহ উদ্ভিদজোপাৰ আগ অংশৰ পৰা ওলায় আৰু ই ৫-৭  চেমি দীঘল হয়। ইয়াৰ ফুলসমূহ বগা বা গুলপীয়া বৰণৰ।[3]

অসমত খাদ্য হিচাপে ব্যৱহৃত বনশাকসমূহৰ ভিতৰত মধুসোলেং অন্যতম আৰু ইয়াক ব'হাগ বিহুৰ এশ এবিধ শাকৰ লগত সামৰি লোৱা হয়।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]