বনশাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।[1]

পুৰণি কালত বন শাকৰ ব্যৱহাৰ[সম্পাদনা কৰক]

অতীতত অসমীয়া মানুহৰ পানীলগা জ্বৰ কাহ হ’লে শোকোতা, তিতা ভেকুৰী আদি খাইছিল, মাত ভাগিলে শুকান ভীমকলৰ বাকলি পুৰি খাৰনী উলিয়াই তাৰে ভাত ভাজি খাই মাত উলিয়াইছিল।[2] প্ৰসূতি মাতৃক ভেদাইলতা, মানিমুনি, মাটিকাদুৰী বনজালুক আদিৰে জালুকীয়া আঞ্জা খুৱাই সবল কৰিছিল। গ্ৰহণীত কুতজ গছৰ ছালৰ ৰস খাই ভাল কৰিছিল আৰু গাঁৱলীয়া সমাজত এই গছৰ ৰস এতিয়াও খায়। ভেদবমি হ’লে খৰধৰকৈ বেলপাত পিহি তাৰ ৰস পানীত মিহলাই খুৱাইছিল। শোবে ধৰা ল’ৰা-ছোৱালীক কাউৰী মণিৰ মালা পিন্ধাই ভাল কৰিছিল। এই মণিবিলাকৰ গোন্ধটোৱেই ঔষধৰ কাম কৰিছিল।[2] আজিৰ যুগত ঘৰৰ গৰুয়ে ঘৰৰ ঘাঁহ ক'ত আৰু খায়।

কেইবিধমান বনশাকৰ নাম[সম্পাদনা কৰক]

  • লাই শাক
  • বৰ মানিমুনি
  • কাটা খুতৰা
  • ভেদাই লতা
  • টেঙেচি
  • মাটি কাদুৰি
  • দোৰোণ বন
  • পদিনা
  • টেঙা মৰা
  • সৰু মানিমুনি
  • জিলিমিলি/জিলমিল শাক

  • বাবৰি
  • মছন্দৰী
  • চুকা
  • লফা
  • মৰলীয়া
  • মান ধনিয়া
  • নৰসিংহ
  • ৰঙা খুটৰা/হাঁহঠেঙীয়া
  • ঢেঁকীয়া
  • পালেং
  • বেতগাঁজ

  • ব্ৰাহ্মী শাক
  • খুতুৰা শাক
  • মালভোগ শাক
  • মানিমুনি
  • ৰহৰ দাইলৰ পাত
  • মাটিকাদুৰী
  • লাইজাবৰী
  • লাচকচি শাক
  • বন ধনিয়া
  • কাচিদৰীয়া বন
  • ছজিনা
  • কেহেৰাজ
  • পূৰৈ শাক


এই খাদ্য সামগ্ৰী সমূহৰ কিছুমান বনশাকৰ ঔষধিগুণ আৰু ৰোগৰ কথা তলত দিয়া হ’ল:

পচতীয়া[সম্পাদনা কৰক]

প্ৰধান প্ৰৱন্ধ পচতীয়া;

  1. দিনে দুটাকৈ পাত ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।
  2. চুলি সৰাত বা টকৌৱে খোৱাত পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।
  3. গাত বিষ হ’লে ৩/৪ গ্ৰাম পাত পানী খাই থাকিলে বিষ উপশম হয়।
  4. পাতৰ ছাঁই পানীত গুলি খালে পেট ওফন্দা, চায়েতিকা বিষ ভাল হয়।
  5. পানী কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়। গাত লাগি থকা সামান্য ৰস কেঁচুৱাৰ পেটলৈ গ’লেই ভাল হয়।
  6. এন্দুৰীয়া হোৱা ঠাইত পাত পিহি বান্ধি থ’লে ৰোগ ভাল হয়।[2]

ব্ৰাহ্মী শাক[সম্পাদনা কৰক]

  1. মগজুৰ সকলো অসুখৰ বাবে ই মহৌষধ।
  2. মূৰৰ ভিতৰত কোনো ধৰণৰ বিষ অনুভৱ কৰিলে ৰাতিপুৱা শুদা পেটত দুদিন তিনিদিন এক ইঞ্চি দীঘল আগ দুটাৰ ৰস বা আগ খাই থাকিলে বিষ ভাল হয়।
  3. দৈনিক ২-৩ টা পাত খাই থাকিলে স্মৃতি শক্তি বৃদ্ধি কৰে, স্নায়ু সবল কৰে।
  4. ভ্ৰম বকা মানুহক ইয়াৰ পাতৰ ৰস মাজে মাজে খুৱাই থাকিলে কিছু দিনৰ ভাল হয়।
  5. মূৰ ঘূৰণী ৰোগ থকা মানুহে নাৰিকল তেলৰ লগত পাতৰ ৰস মিহলাই দৈনিক সানি থাকিলে ভাল ফল পায়।[2]

কাচিদৰীয়া বন[সম্পাদনা কৰক]

  1. বনৰ আগৰে সৈতে পাত অলপ লৈ কুহুমীয়া পানীত ধুই পাতৰ লগত ২/৩ তা জালুক দি পটাত পিহি মটৰ মাহৰ সমান বড়ি কৰি দাঁতৰ গুৰিত কামুৰি ধৰি থাকিব লাগে। এনে কৰিলে তাৰ ৰস টনছিলত লাগি টনছিল টোটোৰা পৰি যায়।
  2. ইয়াৰ পাত ১০ ছেকেণ্ডমান গৰম পানীত থৈ পাতৰ ৰস চকুত দিলে চকুৰ অসুখ ভাল হয়। ৰস চেকি ল’ব লাগে।[2]

ছজিনা[সম্পাদনা কৰক]

  1. বগা সৰিয়হৰ লগত কোমল ছজিনাৰে আঞ্জা কৰি খালে বুকুৰ জমা কফ বাহিৰ হয়।
  2. শিপাৰ ৰস লগত সামান্য হিং মিহলাই খালে পাথৰি ৰোগ ভাল হয়।
  3. ফুল, ফল, পাত বাত বিষৰ ঔষধ। নিয়মিত খাই থাকিলে বিষ উপষম হয়। যকৃতৰ ৰোগ, পাথৰি ৰোগ, বহুমূত্ৰ, স্নায়ু দুৰ্বলতা, হৃদৰোগ, অৰ্শৰোগ, অৰ্শৰোগ পিত্ত, যক্ষ্মা ৰোগ ভাল হয়।
  4. কুকুৰিকণা মানুহে ছজিনাৰ পাত, ফল খাই থাকিলে কিছু দিনৰ পাছত চকুৰে দেখা হয়।
  5. কৃমি জনিত অসুখত সৰু ল’ৰা-ছোৱালীক কুমলীয়া ছজিনা ভাজি খুৱাই থাকিলে ভাল পায়।[2]

কেহেৰাজ[সম্পাদনা কৰক]

  1. সৰু ল’ৰা-ছোৱালীক প্ৰস্ৰাৱ নহ’লে এখিলা পাতৰ ৰস খুৱালে প্ৰস্ৰাৱ হয়।
  2. সূৰ্যকপালী বা আদকপালী ৰোগত পাতৰ ৰস নাকেৰে উজালে উপশম পায়। ৰস কপালতো সানিব লাগে।
  3. চুলি সৰিলে পাতৰ ৰস লগালে চুলি সৰা বন্ধ হয় আৰু চুলি গজে। চুলি ক’লাও কৰে।
  4. মূৰত ওকণি হ’লে ৰস সানি কাপোৰেৰৈ কিছু সময় মূৰটো বান্ধি ৰাখিলে ওকনি মৰে।
  5. দাঁতৰ ৰোগত পাত শুকাই তাক পুৰি ছাঁই কৰি সামান্য নিমখ দি দাঁত ঘহিলে ভাল ফল দিয়ে।
  6. স্নায়ু দুৰ্বলতাত ২০/২১ টোপাল পাতৰ ৰস পুৱা মৌজোলেৰে খালে সবল হয়।[2]

==খুতৰা শাক==scientific name- Amaranthus viridis.Family-Amaranthaceae.

  1. পানী লগাত খুতৰা শাকৰ শিপা থেতালি তাৰ ৰস গৰম কৰি ২ চামুচকৈ দিনে ২/৩ বাৰ খালে ভাল হয়।
  2. অনিয়মিত ঋতুস্ৰাৱত শিপাৰ ৰস চাউল ধোৱা পানীৰ লগত ৩/৪ চামুচ ৩/৪ দিন খালে ভাল। হাতী খুতৰাৰ শিপাও খাব পৰা যায়।
  3. অৰ্শ ৰোগত খুতৰা শাক নিয়মিত খাই থাকিলে ৰোগ ভাল হয়।
  4. ৰক্তপিত্ত ৰোগত শিপা ১০ গ্ৰাম পিহি আধা কাপ চাউলখোৱা পানীত দি পুৱা খাই থাকিলে ৰোগ ভাল হয়।[2]

জিলমিল[সম্পাদনা কৰক]

বৈজ্ঞানিক নাম - (Chenopodium):অসমৰ সকলো ঠাইতে বিশেষকৈ ৰবি শস্যৰ সময়ত এইবিধ শাক পৰ্যাপ্ত পৰিমানে গজা পৰিলক্ষিত হয়৷ ইয়াৰ প্ৰতি ১০০ গ্ৰাম খাবৰ উপযোগী অংশত ক্ৰমে ৩.৭ গ্ৰাম চৰ্বি,২ গ্ৰাম কাৰ্ব'হাইড্ৰেট,৩০ কিল'কেলৰি শক্তি,৪.২ মিলিগ্ৰাম আইৰন,১৭৪ মিলিগ্ৰাম বি.কেৰটিন আৰু ৩৫ মিলিগ্ৰাম ভিটামিন 'ছি' থাকে৷ [3]

  1. এই শাক খাই থাকিলে পেটৰ নাড়ী, ভুৰু, মূত্ৰগ্ৰন্থী,বৃক্ক পৰিপক্ক হৈ থাকে।
  2. কেচুমূৰীয়া ৰোগত তেজ পৰিলে পাতৰ ৰস ৩-৪ চামুচ গাখীৰৰ লগত খালে ভাল হয়।
  3. ল’ৰা-ছোৱালীৰ শোবে ধৰা ৰোগত শাকৰ লগত সিজাই তাৰ পানী খুৱালে ভাল হয়। প্ৰস্ৰাৱ ভাল হয়।[4]

চুকা শাক[সম্পাদনা কৰক]

(Rymex patientia):চুকা শাকৰ প্ৰতি ১০০ গ্ৰাম খাবৰ উপযোগী অংশত প্ৰ'টিন ২৯.৪ শতাংশ,চৰ্বি ৬.৪ শতাংশ,খনিজ লৱণ ১২.৩ শতাংশ,শক্তিৰ পৰিমান ৩১৬ কিল'কেলৰি,কেলছিয়াম ০.৪৪ শতাংশ,ফছফৰাছ ৫০ মিলিগ্ৰাম আৰু আইৰণ ২৬ মিলিগ্ৰাম থাকে৷ [3]


নেফাফু[সম্পাদনা কৰক]

  1. কুমলীয়া আগ চাৰিটা চাৰি ফোটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত সপ্তাহত মাত্ৰ দুদিনকৈ খাব লাগে। এনে কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বেছিকৈ খালে নিম্ন ৰক্তচাপ হ’ব পাৰে। আগ নাপালে দুখিলা কুমলীয়া পাত এনেদৰে খালেও হয়।
  2. প্ৰসৱ হোৱাৰ পাছত মাতৃয়ে নেফাফু পাত ভাজি ভাতৰ লগত খালে গা সোনকালে ভাল হয়।
  3. উচ্চৰক্ত বাঢ়ি থাকিলে পাতৰ কেঁচা ৰস খালে লগে লগে কমি যায়।[4]

দোৰোণ[সম্পাদনা কৰক]

দোৰোণ বন
  1. দোৰোণৰ আগ নহৰুৰ লগত পাতত দি ভাজি খালে হজমী শক্তি বাঢ়ে আৰু ভোক লগায়।
  2. পানী লগা জ্বৰত নহৰু, আদা, জালুকৰ সৈতে আঞ্জা কৰি গধূলি ভাত খালে সোনকালে ভাল হয়।
  3. সাপে ডকা মানুহক ওপৰলৈ কৰি শুৱাই চকুত দোৰোণ পাতৰ ৰস দিলে বিষ মূৰলৈ নুঠে। ডকা ঠাইত দোৰোণ পাত পিহি বান্ধি থলে বিষ কমি যায়।
  4. কেঁচুৱাৰ পানী লগাত দোৰোণৰ ৰস মৌ দি চেলেকালে ভাল হয়।
  5. দোৰোণ ফুলৰ মৌ কেঁচুৱাক চেলেকাই থাকিলে কাহ ভাল হয়।[4]

ভেদাইলতা[সম্পাদনা কৰক]

ভেদাই লতা
  1. ভেদাই লতাই পেটৰ, যকৃতৰ, বৃক্কৰ ঔষধৰ কাম কৰে। ইয়াক আঞ্জা কৰি খালেই হয়।
  2. হাড় ভাগিলে x-ray কৰাই ভালদৰে হাড় বহুৱাই ভেদাই লতা পিহি ভগা ঠাইত অন্তঃত ৭-৮দিন লৰচৰ নোহোৱাকৈ ৰখাব পাৰিলে হাড় জোৰা লাগে। হাড় জোৰা লতা অলপ তাতে দি ল’লে আৰু ভাল।
  3. একাংগী ৰোগীক দিনে ১০০ গ্ৰাম ৰস খাবলৈ দিলে ৰোগ বহুত কমি যায়।
  4. শুকান পাত গুড়ি কৰি হাৰপিছ ৰোগৰ ফোঁহাত লগালে পোৰণি কৰে।
  5. ভেদাই লতা আৰু পুৰাকলৰ আঞ্জা খাই থাকিলে পিত্তৰোগ ভাল হয়।[4]

মহানিম[সম্পাদনা কৰক]

  1. আই দেখা দিলে ৰোগীৰ বিছনাত নিমপাত ছটিয়াই থলে চিটচিটনি নাইকিয়া হয়।
  2. কাপোৰ, কিতাপৰ মাজত নিমপাত সুমাই থলে কাপোৰ, কিতাপত পোকে নধৰে।
  3. মহানিমৰ পাত মাজে সময়ে খাই থাকিলে তেজ পৰিষ্কাৰ হৈ থাকে, বহুমূত্ৰ, জ্বৰ, পেলুৰ বিকাৰ নহয়।
  4. নিমৰ ঠাৰিৰে দাঁত ঘঁহিলে দাঁত সবল হোৱাৰ লগতে ৰোগ নহয়।[4]

মালভোগ শাক[সম্পাদনা কৰক]

  1. তেজ বমি হ’লে গছৰ ৰস ৪-৫ চামুচ খালে ভাল হয়। প্ৰস্ৰাৱ কন হ’লেও এনে দৰে খালে প্ৰস্ৰাৱ বেছি হয়।
  2. নিয়মিতভাৱে পাত, গুটিৰ ৰস খাই থাকিলে বৃক্ক, পিত্তস্থল, হাওঁফাওঁ সবল হয়।
  3. জুই বা গৰম পানীয়ে পোৰা ঠাই মালভোগ শাক পিহি লগাই দিলে পোৰণি মৰে।
  4. গুটিৰ ৰসে যক্ষ্মা ৰোগ, গ্ৰহণী, পেটৰ জ্বলা পোৰা কৰা ভাল কৰে।
  5. পাথৰি ৰোগ হ’লে গছৰ ৰস নিয়মিত খাই থাকিলে পাথৰ গলি প্ৰস্ৰাৱৰ যোগে বাহিৰ হয়।
  6. নিয়মিত খাই থাকিলে গনৰীয়া ৰোগ ভাল হয়।[4]

মানিমুনি[সম্পাদনা কৰক]

বৰ মানিমুনি
সৰু মানিমুনি
  1. ৰাতিপুৱা সদায় সৰু মানিমুনিৰ পাত ৩-৪ টা খাই থাকিলে স্মৃতি শক্তি প্ৰখৰ হয়।
  2. আঞ্জা কৰি থাকিলে সঞ্চিত গ্ৰহণী ভাল হয়। যকৃত, বৃক্ক, পিত্ত স্থল, মূত্ৰাশয় সবল হৈ থাকে।
  3. সৰু ল’ৰা-ছোৱালীয়ে খাবলৈ মন নকৰিলে পাতৰ ৰস এচামুচ খুৱালে খাবলৈ মন কৰে।
  4. য়োবিথ মানিমুনি আঞ্জা কৰি খালে দূষিত তেজ শৰীৰত নাইকিয়া হয়। হৃদৰোগো ভাল কৰে।[4]

ৰহৰ দাইলৰ পাত[সম্পাদনা কৰক]

  1. জণ্ডিছ ৰোগৰ প্ৰমাণী ঔষধ। মাত্ৰ ৫-৬ দিনৰ ভিতৰতে খাব লাগে। পাত আনি ভালদৰে ধুই পটাত বাতি ৰস উলিয়াই ৰাতিপুৱা শুদা পেটত আঠ চামুচ খাব লাগে। ডেৰ-দুই ঘণ্টা একো খাব নালাগে। এই সময়ত খুব ভোক লাগে। পাছদিনাও তেনেদৰে খাব লাগে। পাছত ৰোগটো ভাল নোহোৱা পৰ্য্যন্ত খাব লাগে। ভজা, পোৰা মাছ, মছলা আদি খাব নালাগে। ল’ৰা-ছোৱালীক বয়স অনুপাতে খুৱাব লাগে।[4]

মাটিকাদুৰী[সম্পাদনা কৰক]

  1. ইয়াৰ লগত সৰু টেঙেচী দি আঞ্জা কৰি খালে গ্ৰহণী ভাল হয়।
  2. আভোক হ’লে মাটিকাদুৰী নহৰু আঞ্জা কৰি খালে ভোক লাগে, যকৃত সবল হয়।
  3. প্ৰসূতি নাৰীক ভাতৰ লগত মাটি কাদুৰী আঞ্জা খুৱালে গা সোনকালে ভাল হয় আৰু সবল হয়।
  4. গাত দুৰ্বল ভাৱ আহিলে আৰু দুৰ্বল হ’লে ইয়াৰ আঞ্জা প্ৰায় এসপ্তাহ ভাত খালে তেনে ভাৱ নাইকিয়া হয়।[4]

লাইজাবৰী[সম্পাদনা কৰক]

  1. প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাত এটা প্ৰমাণী ঔষধ। গছডাল ভালদৰে ধুই পটাত পিহি ৰস উলিয়াই মিচিৰি পানীৰ লগত খুৱালে পোৰণি নোহোৱা হয়।
  2. জণ্ডিছ ৰোগত ইয়াক দিনটোত পুৱা-গধূলি দুবাৰ খাব লাগে। যেতিয়ালৈকে ভাল নহয়, ইয়াক খাই থকা উচিত।[4]

লাচকচি শাক[সম্পাদনা কৰক]

সৰু ল’ৰা-ছোৱালীৰ হুপিং কাহ হ’লে, ইয়াৰ শিপাৰ ৰস মৌ-জোলৰ লগত খুৱালে ভাল হয়।[4]

বন ধনিয়া[সম্পাদনা কৰক]

বন ধনিয়াৰ বৈজ্ঞানিক নাম। ইয়াৰ পাত সৰু সৰু ধনিয়াৰ দৰে গুটি হয়। সৰু গছ এক ডেৰ ফুট ওখ। তিনি জোপা গছৰ শিপা আধা ইঞ্চি মানকৈ লৈ তাক পিহি ৰস খুৱালে ছোৱালীৰ ঋতু হওঁতে তল পেটৰ বিষ ভাল হয়।[4]

পূৰৈ শাক[সম্পাদনা কৰক]

(বৈজ্ঞানিক নাম - Basella alba):পূৰৈ শাকৰ প্ৰতি ১০০ গ্ৰাম ব্যৱহৃত অংশত ৮০ মিলিগ্ৰাম ভিটামিন 'ছি',কেলছিয়াম ৩.৫ মিলিগ্ৰাম,ফছফৰাছ ৮৩.৫ মিলিগ্ৰাম আৰু মেগনেছিয়াম ১০৩ মিলিগ্ৰাম থাকে৷ ইয়াৰ ৰস কোষ্ঠকাঠিন্য বেমাৰৰ বিশেষকৈ সৰু-সৰু ল'ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰ বাবে বৰ উপকাৰী৷[3]

লোক সাহিত্যত বনশাক[সম্পাদনা কৰক]

অসমীয়া সমাজত বনশাকৰ ওপৰত বহুতো ডাকৰ বচন, প্ৰবচন আছে।


“ৰাতি শেহে যি জনে পিয়ে পানী,
তাৰ চিৰকাল জীৱন জানি।
ডেৰ পৰ হ’লে খাব ভাত,
বল শোভা আদি পাব গাত।
ডাকে বোলে পানী শীতলী কৰি,
খালে তাৰ গাৱে পাসৰী।
একেবাৰে উদৰত নিদিবা ভৰা,
আচোক ভাল পাব দেহক এৰা।
কাণত কচু নাভিত তেল,

তাৰ ঘৰত কি বেজৰ মেল।”

ইয়াৰ অৰ্থ হৈছে- ৰাতিও চেঁচাপানী খাব লাগে, পেটভৰাই ভাত খাব নালাগে। অসমীয়া সমাজৰ এটা নিয়ম আছে যে, ভাত খাই উঠি এটা জলপান খাব পৰা ভোক ৰাখি থ’ব লাগে। কঁচু ওলাওঁতে আৰু সোমাওঁতে খাবা। এই কচুত প্ৰচুৰ পৰিমাণে ভিটামিন ক (A) আৰু ভিটামিন গ (C) আছে। মাজে মাজে কচু খাই থাকিলে গৰল ৰোগ নহয়।[2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড০ গুণাৰাম খনিকৰ (২৭ মাৰ্চ ২০১১). "অসমৰ লোক-সংস্কৃতিত বন দৰৱৰ ব্যৱহাৰ". বাঁহী: পৃষ্ঠা: ৪. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 আনন্দ চন্দ্ৰ দত্ত (১২ এপ্ৰিল ২০০৯). "ব’হাগী বন শাকৰ বতৰা". বসুন্ধৰা: পৃষ্ঠা:৬. 
  3. 3.0 3.1 3.2 পিংকুধৰ বৰ্মন (১-১৫ আগষ্ট ২০০৮). "ঘৰুৱা". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৭শ সংখ্যা): পৃষ্ঠা ৩৪. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 আনন্দ চন্দ্ৰ দত্ত (১২ এপ্ৰিল ২০০৯). "ব’হাগী বন শাকৰ বতৰা". বসুন্ধৰা: পৃষ্ঠা:৭.