পচতীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পচতীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Lamiaceae
গণ: Vitex
প্ৰজাতি: V. negundo
বৈজ্ঞানিক নাম
Vitex negundo
L.
পচতীয়াৰ ফুল
নেপালৰ পঞ্চখাল উপত্যাকাত ফুলি থকা পচতীয়া

পচতীয়া (ইংৰাজী: five-leaved chaste tree) , হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণপূৱ এচিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম Vitex negundo

পচতীয়াক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়: অসমীয়া: পচতীয়া, তামিল: நொச்சி, নচ্চি; হিন্দী: निर्गुंडी, নিৰ্গুণ্ডী; সংস্কৃত: सिन्धुवार, সিন্ধুৱাৰ(వావిలి / సింధువార); তেলেগু : সিন্ধুৱাৰ; ফিলিপাইন: লেগুণ্ডী; সিংহলী: නික, নিকা; আৰু বেংগলী: নিশিন্দা (নিশিন্দা), নেপালী: সিমালী (सिमाली) আৰু মাৰাঠীত নিৰ্গুণ্ডী।

পচতীয়াৰ উচ্চতা প্ৰায় 2.6 লৈকে হোৱা দেখা যায়। ইয়াৰ পাতবোৰ প্ৰৱৰ্ধসদৃশ, পাঁচটা বা কেতিয়াবা তিনিটাকৈ শাখা পত্ৰ থাকে। প্ৰতিখন শাখাপত্ৰৰ দৈৰ্ঘ্য প্ৰায় 4.6 পৰ্যন্ত, মাজৰ পত্ৰখন সবাতকৈ ডাঙৰ হয় আৰু ঠাৰিৰ সৈতে পোনপতীয়াকৈ সংযুক্ত হৈ থাকে। পাতবোৰৰ কাষটো খহতা আৰু পাতৰ তলফালে অসংখ্য নোম থাকে। [1] পচতীয়াৰ গুচ্ছিত ফুল ফুলে। 10.9 দৈৰ্ঘ্যৰ প্ৰতিটো গুচ্ছত বগা বা নীলা ৰঙৰ অসংখ্য ফুল ফুলে। প্ৰতি পাহ ফুলৰ দৈৰ্ঘ্য প্ৰায় 6.4 পৰ্যন্ত হয়। পাহিবোৰ ভিন্ন আকাৰৰ, দলমণ্ডল আৰু বৃতিমণ্ডল নোমেৰে আৱৰা।[1]

ফলৰ আকৃতি গোলাকৃতি বা ডিম্বাকৃতিৰ, ব্যাস প্ৰায় 4 mm (0.16 in) ।[1]

বিৱৰণ আৰু বসতি[সম্পাদনা কৰক]

পচতীয়া পূৱ আৰু দক্ষিণ আফ্ৰিকা আৰু এচিয়াৰ স্থানীয় উদ্ভিদ। পৃথিৱীৰ অন্য অঞ্চলতো ইয়াৰ খেতি কৰা হয়।

আফগানিস্থান, বাংলাদেশ, ভূটান, কম্বডিয়া, চীন, ভাৰত, ইন্দনেচিয়া, জাপান, কোৰিয়া, কেনিয়া, মাডাগাস্কাৰ, মালেচিয়া, মাজাম্বিক, ম্যানমাৰ, নেপাল, পাকিস্থান, ফিলিপাইন, শ্ৰী লংকা, টাইৱান, টানজেনিয়া, থাইলেণ্ড, আৰু ভিয়েটনাম আদি দেশৰ থলুৱা উদ্ভিদ।

পচতীয়া সাধাৰণতে জলাধাৰৰ কাষত, অপ্ৰদূষিত অঞ্চল, তৃণভূমি, আৰু বনাঞ্চলত গজে।[2]

নামকৰণ[সম্পাদনা কৰক]

পচতীয়াক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়:[3]

ব্যৱহাৰ[সম্পাদনা কৰক]

  1. দিনে দুটাকৈ পাত ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।
  2. চুলি সৰাত বা টকৌৱে খোৱাত পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।
  3. গাত বিষ হ’লে ৩/৪ গ্ৰাম পাত পানী খাই থাকিলে বিষ উপশম হয়।
  4. পাতৰ ছাঁই পানীত গুলি খালে পেট ওফন্দা, চায়েতিকা বিষ ভাল হয়।
  5. পানী কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়। গাত লাগি থকা সামান্য ৰস কেঁচুৱাৰ পেটলৈ গ’লেই ভাল হয়।
  6. এন্দুৰীয়া হোৱা ঠাইত পাত পিহি বান্ধি থ’লে ৰোগ ভাল হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Vitex negundo Linn. Fact Sheet. Bureau of Plant Industry, Department of Agriculture, Republic of the Philippines. http://www.bpi.da.gov.ph/Publications/mp/pdf/l/lagundi.pdf. 
  2. 2.0 2.1 2.2 "Vitex negundo L. - Lagundi". Prosea Herbal Techno-Catalog. http://hrdc.pcarrd.dost.gov.ph/prosea/proseaherbal/lagundi_doc.htm। আহৰণ কৰা হৈছে: September 7, 2011. 
  3. Vitex negunda in Dr. K. M. Madkarni's Indian Materia Medica; Edited by A. K. Nadkarni, Popular Prakashan, Bombay, 1976, pp: 1278-80.
  4. আনন্দ চন্দ্ৰ দত্ত (১২ এপ্ৰিল ২০০৯). "ব’হাগী বন শাকৰ বতৰা". বসুন্ধৰা: পৃষ্ঠা:৬. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]