পঞ্জাবী ভাষা
পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত পঞ্জাবী ভাষাৰ প্ৰচলন আছে। কানাডাত আঢ়ৈ লাখৰো অধিক মানুহে পঞ্জাবী ভাষাত কথা পাতে; সেয়ে ই কানাডাৰ ৬ষ্ঠ বৃহত্তম ভাষা।
পূৰ্ৱ পঞ্জাবী ভাষা ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। ভাৰতৰ পঞ্জাব ৰাজ্যত যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায় আৰু গণমাধ্যমত এই ভাষা ব্যবহৃত হয়।
পাকিস্তানত পশ্চিম পঞ্জাবী ভাষাৰ কোনো চৰকাৰী স্বীকৃতি নাই। তাৰ পঞ্জাবী ভাষীসকলে মূলত ইংৰাজী আৰু উৰ্দু ভাষাৰ মাধ্যমত প্ৰশাসন, শিক্ষা, গণমাধ্যম আদিৰ কামবিলাক সম্পাদন কৰে।
পঞ্জাবী ভাষা শিখ ধৰ্মাবলম্বীসকলৰ ধৰ্মীয় ভাষা।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|
|