সমললৈ যাওক

কেনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেনিয়া গণৰাজ্য
Jamhuri ya Kenya
Flag of কেনিয়া
Flag
Coat of arms of কেনিয়া
Coat of arms
Motto: "Harambee" (language?)
"Let us all pull/pool together"
Anthem: Ee Mungu Nguvu Yetu
সকলো সৃষ্টিৰ ঈশ্বৰ
 কেনিয়াৰ অৱস্থান  (dark blue) – আফ্ৰিকাৰ মেপত  (light blue & dark grey) – in আফ্ৰিকা ইউনিয়ন  (light blue)
 কেনিয়াৰ অৱস্থান  (dark blue)

– আফ্ৰিকাৰ মেপত  (light blue & dark grey)
– in আফ্ৰিকা ইউনিয়ন  (light blue)

Location of কেনিয়া
ৰাজধানী
and largest city
নাইৰোবি
Official languagesইংৰাজী আৰু স্বাহিলি
Ethnic groups
(২০১২[1])
Demonymকেনিয়াৰ জনগাঁথনি
Governmentপ্ৰজাতন্ত্ৰ
• ৰাষ্ট্ৰপতি
উহুৰু কেন্‌য়াটা
• উপ ৰাষ্ট্ৰপতি
ৱিলিয়াম চেম'ই ৰুট'
Legislatureসংসদ
চিনেট
নিম্ন সদন
Independence
• from the United Kingdom
12 December 1963
• Republic declared
12 December 1964
Area
• Total
5,81,309 বৰ্গ কি.মি. (2,24,445 বৰ্গ মাইল) (৪৯)
• Water (%)
২.৩
Population
• ২০১৪ estimate
৪৫,০১০,০৫৬[2] (৩১তম)
• ২০০৯ census
৩৮,৬১০,০৯৭[3]
• Density
78 /কিমি (202.0 /বৰ্গ মাইল) (১২৪তম)
GDP (PPP)২০১৪ estimate
• Total
$125.7 billion[4]
• Per capita
$2,790[4]
GDP (nominal)2014 estimate
• Total
$56.3 billion[5]
• Per capita
$1,269[5]
Gini (2014)42.5[6]
medium inequality (48th)
HDI (2013)steady 0.535[6]
low (147th)
CurrencyKenyan shilling (KES)
Time zoneUTC+3 (EAT)
• Summer (DST)
UTC+3 (not observed)
Date formatdd/mm/yy (AD)
Calling code+254
Internet TLD.ke
[7] According to the CIA, estimates for this country explicitly take into account the effects of mortality because of AIDS; this can result in lower life expectancy, higher infant mortality and death rates, lower population and growth rates, and changes in the distribution of population by age and sex, than would otherwise be expected.

কেনিয়া (/ˈkɛnjə/ বা /ˈknjə/), (কে'ন্‌য়া), বা চৰকাৰীভাৱে কেনিয়া গণৰাজ্য, আফ্ৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম নগৰ নাইৰোবি। কেনিয়া বিষুৱ ৰেখাত অৱস্থিত। ইয়াৰ দক্ষিণ-পশ্চিমে আছে ভাৰত মহাসাগৰ, দক্ষিণে টাঞ্জানিয়া, পশ্চিমে উগাণ্ডা, উত্তৰ-পশ্চিমে দক্ষিণ চুডান, উত্তৰে ইথিয়'পিয়া আৰু উত্তৰ-পূবে চোমালিয়া। কেনিয়াৰ মাটিকালি 5,81,309 বৰ্গ কি.মি. (5.81309×1011 বৰ্গ মিটাৰ) আৰু জুলাই, ২০১২ৰ তথ্য অনুসৰি জনসংখ্যা প্ৰায় ৪৪ নিযুত।[8]

ভাৰতীয় মহাসাগৰৰ সীমাৰ ফালে কেনিয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ; ৰাজধানীৰ ফালে বন্যপ্ৰাণীৰে ভৰা চাভানা তৃণভূমি অৱস্থিত। নাইৰোবিৰ জলবায়ু শীতল আৰু কেনিয়া পৰ্বতৰ দিশে তাপমাত্ৰা অধিক কম। কেনিয়া পৰ্বতত তিনিটা স্থায়ী বৰফেৰে ভৰা শৃংগ আছে। আৰু ভিতৰলৈ ভিক্ট'ৰিয়া হ্ৰদৰ ওচৰত, পশ্চিমৰ নাতিশীতোষ্ণ বনাঞ্চল আৰু পাহাৰীয়া অঞ্চলত জলবায়ু পুনৰ তুলনামূলকভাৱে গৰম আৰু আৰ্দ্ৰ। চোমালিয়া আৰু ইথিয়'পিয়াৰ সীমাত থকা উত্তৰ-পূব অঞ্চল শুকান আৰু মৰুভূমিৰে ভৰা। ভিক্ট'ৰিয়া হ্ৰদ পৃথিৱীৰ দ্বিতীয় বৃহত্তম বিশুদ্ধ পানীৰ আৰু বৃহত্তম ক্ৰান্তীয় হ্ৰদ। দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত এই হ্ৰদটো উগাণ্ডা আৰু টাঞ্জানিয়াতো পৰে। চাফাৰীৰ বাবে প্ৰখ্যাত কেনিয়াৰ কেইখনমান বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে পূব-পশ্চিম চাভ' ৰাষ্ট্ৰীয় উদ্যান, মাচাই মাৰা, লে'ক নাকুৰু ৰাষ্ট্ৰীয় উদ্যান আৰু এবেৰ্ডেৰিছ ৰাষ্ট্ৰীয় উদ্যান। লামুৰ আৰু আন কেইবাটাও বিশ্ব ঐতিহ্য ক্ষেত্ৰ থকাৰ লগতে কেনিয়াত কিলিফিৰ দৰে কেইখনমান বিশ্ববিখ্যাত বীচ্চো আছে য'ত প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় য়াট্‌ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

কেনিয়াও অন্তৰ্ভুক্ত হোৱা আফ্ৰিকান গে'ট লে'ক অঞ্চলত নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰেপৰা মানুহ থকাৰ প্ৰমাণ আছে। কেনিয়াৰ অংশ আফ্ৰিকান গ্ৰেট লেক অঞ্চলত নিম্ন পুৰাপাথৰ যুগৰ পৰাই মানুহে বাস কৰি আহিছে। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দলৈকে বান্টু সম্প্ৰসাৰণে পশ্চিম-মধ্য আফ্ৰিকাৰ পৰা এই অঞ্চলত উপস্থিত হৈছিল। আধুনিক ৰাষ্ট্ৰৰ সীমান্তই ফলস্বৰূপে মহাদেশখনৰ নাইজাৰ-কংগো, নীলো-চাহাৰা আৰু আফ্ৰিকান-এছিয়াটিক অঞ্চলৰ সংযোগস্থল গঠন কৰে, যিয়ে আফ্ৰিকাত পোৱা প্ৰায়বোৰ প্ৰধান নৃতাত্ত্বিক গোটক প্ৰতিনিধিত্ব কৰে। বান্টু আৰু নিলোটিক জনসংখ্যাই মিলি দেশৰ প্ৰায় ৯৭% বাসিন্দা গঠন কৰে।[9] উপকূলীয় মোম্বাছাত ইউৰোপীয় আৰু আৰবৰ উপস্থিতি আধুনিক যুগৰ আৰম্ভণিৰ; ১৯ শতিকাৰ পৰাই ইউৰোপীয় অভ্যন্তৰীণ অঞ্চলৰ অন্বেষণ আৰম্ভ হৈছিল। ১৮৯৫ চনত ব্ৰিটিছ সাম্ৰাজ্যই ইষ্ট আফ্ৰিকা প্ৰটেক্টৰেট স্থাপন কৰে, যিয়ে ১৯২০ চনৰ পৰা আৰম্ভ কৰি কেনিয়া কলনীৰ ঠাই লয়। ১৯৬৩ চনৰ ডিচেম্বৰ মাহত কেনিয়া ৰিপাব্লিকে স্বাধীনতা লাভ কৰে।২০১০ চনৰ আগষ্ট মাহত গণভোট আৰু নতুন সংবিধান গ্ৰহণৰ পিছত কেনিয়া এতিয়া ৪৭ খন অৰ্ধস্বায়ত্তশাসিত কাউন্টিত বিভক্ত হৈছে, যিবোৰ নিৰ্বাচিত গৱৰ্ণৰৰ দ্বাৰা পৰিচালিত।

ৰাজধানী নাইৰোবি আঞ্চলিক বাণিজ্যিক কেন্দ্ৰ। দক্ষিণ-পূব আৰু মধ্য আফ্ৰিকাৰ জিডিপিৰ হিচাপত কেনিয়াৰ অৰ্থনীতি আটাইতকৈ বেছি।[10][11] কৃষি এটা প্ৰধান নিয়োগকৰ্তা; দেশখনে পৰম্পৰাগতভাৱে চাহ আৰু কফি ৰপ্তানি কৰে আৰু শেহতীয়াকৈ ইউৰোপলৈ সতেজ ফুল ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে। সেৱা উদ্যোগটোও এক প্ৰধান অৰ্থনৈতিক চালক। কেনিয়া ইষ্ট আফ্ৰিকান কমিউনিটিৰ সদস্য। আফ্ৰিকাৰ আন দেশৰ তুলনাত কেনিয়াত তুলনামূলকভাৱে উচ্চ ৰাজনৈতিক আৰু সামাজিক স্থিতিশীলতা আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

Kenya profile from Africa.com Kenya Corruption Profile from the Business Anti-Corruption Portal

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; cia নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. [1] Archived 2020-11-29 at the Wayback Machine. CIA World Factbook-Kenya (10 October 2014). Retrieved on 10 October 2014.
  3. "Kenya 2009 Population and housing census highlights". Archived from the original on 2013-08-10. https://web.archive.org/web/20130810182358/http://www.knbs.or.ke/Census%20Results/KNBS%20Brochure.pdf। আহৰণ কৰা হৈছে: 2014-12-25. . www.knbs.or.ke.
  4. 4.0 4.1 "Report for Selected Countries and Subjects (PPP valuation of Kenya GDP)". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/02/weodata/weorept.aspx?pr.x=89&pr.y=9&sy=2013&ey=2013&scsm=1&ssd=1&sort=subject&ds=.&br=1&c=512%2C668%2C914%2C672%2C612%2C946%2C614%2C137%2C311%2C962%2C213%2C674%2C911%2C676%2C193%2C548%2C122%2C556%2C912%2C678%2C313%2C181%2C419%2C867%2C513%2C682%2C316%2C684%2C913%2C273%2C124%2C868%2C339%2C921%2C638%2C948%2C514%2C943%2C218%2C686%2C963%2C688%2C616%2C518%2C223%2C728%2C516%2C558%2C918%2C138%2C748%2C196%2C618%2C278%2C624%2C692%2C522%2C694%2C622%2C142%2C156%2C449%2C626%2C564%2C628%2C565%2C228%2C283%2C924%2C853%2C233%2C288%2C632%2C293%2C636%2C566%2C634%2C964%2C238%2C182%2C662%2C453%2C960%2C968%2C423%2C922%2C935%2C714%2C128%2C862%2C611%2C135%2C321%2C716%2C243%2C456%2C248%2C722%2C469%2C942%2C253%2C718%2C642%2C724%2C643%2C576%2C939%2C936%2C644%2C961%2C819%2C813%2C172%2C199%2C132%2C733%2C646%2C184%2C648%2C524%2C915%2C361%2C134%2C362%2C652%2C364%2C174%2C732%2C328%2C366%2C258%2C734%2C656%2C144%2C654%2C146%2C336%2C463%2C263%2C528%2C268%2C923%2C532%2C738%2C944%2C578%2C176%2C537%2C534%2C742%2C536%2C866%2C429%2C369%2C433%2C744%2C178%2C186%2C436%2C925%2C136%2C869%2C343%2C746%2C158%2C926%2C439%2C466%2C916%2C112%2C664%2C111%2C826%2C298%2C542%2C927%2C967%2C846%2C443%2C299%2C917%2C582%2C544%2C474%2C941%2C754%2C446%2C698%2C666&s=PPPGDP&grp=0&a=। আহৰণ কৰা হৈছে: 10 October 2014. 
  5. 5.0 5.1 "Kenya (GDP Nominal)". Kenya National Bureau of Statistics. http://www.knbs.or.ke/index.php?option=com_phocadownload&view=category&download=604:information-on-the-revised-national-accounts&id=17:gross-domestic-product&Itemid=597। আহৰণ কৰা হৈছে: 4 October 2014. 
  6. 6.0 6.1 "Human Development Report 2014". United Nations. 2014. http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf। আহৰণ কৰা হৈছে: 26 July 2014. 
  7. "2019 Kenya population and housing census – population by county and sub county – Kenya Data Portal". kenya.opendataforafrica.org. Archived from the original on 16 April 2021. Retrieved 2 January 2021.
  8. "2019 Kenya population and housing census – population by county and sub county – Kenya Data Portal". kenya.opendataforafrica.org. Archived from the original on 16 April 2021. Retrieved 2 January 2021.
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Asongumarr নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. Ethiopia GDP purchasing power 2010: 86 billion. Imf.org. 14 September 2006.
  11. Kenya GDP purchasing power 2010: 66 Billion. Imf.org. 14 September 2006.