কলমৌ
অৱয়ব
কলমৌ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Convolvulaceae |
গণ: | Ipomoea |
প্ৰজাতি: | I. aquatica |
বৈজ্ঞানিক নাম | |
Ipomoea aquatica Forssk. |
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
ব্যৱহাৰ
[সম্পাদনা কৰক]কলমৌৰ কুমলীয়া আগ শাক হিচাপে খোৱাৰ উপযোগী। কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ (Sexual Debility) ভাল হয় বুলি কোৱা হয়। তদুপৰি জণ্ডিছ ৰোগৰ ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। ই ছাল আৰু হৃদযন্ত্ৰৰ কাৰণেও উপকাৰী।
গুণাগুণ
[সম্পাদনা কৰক]কলমৌত শতকৰা হিচাপত ২.৯ ভাগ প্ৰ'টিন, ০.৪ ভাগ চৰ্বি, ৪.৩ ভাগ শৰ্কৰা আৰু ২.১ ভাগ লৱণ থাকে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত কলমৌ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Ipomoea aquatica সম্পৰ্কে অধিক তথ্য আছে |
- প্ৰান্তিক ১৬-৩১ মে, ২০১২, পৃষ্ঠা ২৬, "ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ", লিখক সুনীল গগৈ।