সাত বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সাতবিহুৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়। জনবিশ্বাস মতে ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম- যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি(পৃথৱীক)উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটোৱাৰ ফলশ্ৰুতিত বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়; প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে।

ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল-

  1. গৰু বিহু,
  2. মানুহ বিহু,
  3. গোসাঁই বিহু,
  4. তাঁতৰ বিহু,
  5. নাঙলৰ বিহু,
  6. জীয়ৰী বা চেনেহী বিহু আৰু
  7. চেৰা বিহু।

এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। আজিকালি কোনো কোনো অঞ্চলত গোটেই ব’হাগ মাহ ধৰি বিহুৰ ৰং-ৰহইচ, নাচ-বাগ চলে যদিও প্ৰথম ছদিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ নিৰ্দিষ্ট কোনো নাম নাথাকে। অৱশ্যে বিহু সাতদিনেই থাকক বা এমাহেই থাকক বিহুৰ শেষৰ দিনা চেৰা বিহু।

গৰু বিহু[সম্পাদনা কৰক]

ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱায় আৰু ‘চাট’(ত্ৰিশূলাকৃতি বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি, কেতুৰি আদি গালৈ দলিয়াই এইদৰে গোৱা হয়-

“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”

এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু চাটত থকা অৱশিষ্ট লাউ-বেঙেনাৰে চাটবিলাক আনৰ লগত সলনাসলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থোৱা হয়। চাটত ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি লুণীয়া পিঠা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি এইদৰে গোৱা হয়-“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত।” এনে কৰিলেও বছৰটোলৈ মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ সমাজত সেইদিনাৰ পৰাহে বিচনীৰ ‘বা’ লোৱা নিয়ম।

মানুহ বিহু[সম্পাদনা কৰক]

গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে ‘বিহুৱান’ আখ্যা দিয়া হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্হা কৰা হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লিখি দুৱাৰ মুখত বা ঘৰৰ চালত গুজি থোৱাৰ নিয়ম-

“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে।”

গোসাঁই বিহু[সম্পাদনা কৰক]

ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়।

তাঁতৰ বিহু[সম্পাদনা কৰক]

অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’।

নাঙলৰ বিহু[সম্পাদনা কৰক]

পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’।

জীয়ৰী বা চেনেহী বিহু[সম্পাদনা কৰক]

ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’।

চেৰা বিহু[সম্পাদনা কৰক]

শেষৰ দিনা ‘চেৰা বিহু’। কিছুমানে ইয়াক "এৰা" বিহু বুলিও কয় । এয়ে ব’হাগৰ “সাতবিহু”। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক।” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।

গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধ। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে। নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা’ বোলে। উজনি অসমত গৰু বিহুৰ পৰা ব’হাগৰ ছয় তাৰিখলৈকে সাতদিন জুৰি সাতবিহু পালন কৰাৰ দৰে নামনিত বিশেষকৈ কোচ-ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা সাতদিনলৈকে “সাত বিহু” বা ‘সাত বিষুৱা’ পালন কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]