জাগীৰোড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাগীৰোড
—  নগৰ  —
জাগীৰোড is located in Assam
জাগীৰোড
ভাৰতঅসমত জাগীৰোডৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°12′28″N 92°24′22″E / 26.207815°N 92.406006°E / 26.207815; 92.406006স্থানাংক: 26°12′28″N 92°24′22″E / 26.207815°N 92.406006°E / 26.207815; 92.406006
দেশ  ভাৰত
ৰাজ্য অসম
জিলা মৰিগাঁও জিলা
জনসংখ্যা (২০০১)
 - মুঠ ১৭,২৫৪ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 782410
Telephone code +913678

জাগীৰোড (ইংৰাজী: Jagiroad /ˈʌɡɪˌrd/ ) ভাৰতঅসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়।

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি,[1] জাগীৰোডৰ জনসংখ্যা ১৭,২৫৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। জাগীৰোডৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%। মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৯% আৰু পুৰুষৰ ৮০%। তথ্য অনুসৰি এই অঞ্চলৰ ১২% জনসংখ্যা বয়স ছয়বছৰৰ অনূৰ্ধ্বৰ।

ৰাজনীতি[সম্পাদনা কৰক]

জাগীৰোড নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[2]

যাতায়ত[সম্পাদনা কৰক]

জাগীৰোডৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে। এই অঞ্চলটো মৰিগাঁও পথেৰে মৰিগাঁও জিলাৰ সৈতে সংযুক্ত।

শিক্ষা[সম্পাদনা কৰক]

মহাবিদ্যালয়[সম্পাদনা কৰক]

  • জাগীৰোড মহাবিদ্যালয়

উচ্চ মাধ্যমিক বিদ্যালয়[সম্পাদনা কৰক]

  • জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • জাগীৰোড এন এফ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • স্বহীদ লক্ষ্মী ডেকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • জ্যোতি নিবাস
  • নালন্দা একাডেমী
  • কেন্দ্ৰীয় বিদ্যালয়, জাগীৰোড
  • শংকৰদেব শিশুবিদ্যা নিকেতন
  • জাগীৰোড বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • কাগজ নগৰ হাইস্কুল
  • ইণ্ডাছ একাডেমি
  • বিনায়ক একাডেমি

প্ৰাথমিক বিদ্যালয়[সম্পাদনা কৰক]

  • ঘূনুচা হাবি প্ৰাথমিক বিদ্যালয়
  • নখোলা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়
  • বিষ্ণু ৰাভা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়
  • ইন্দিৰা নগৰ প্ৰাথমিক বিদ্যালয়
  • গুৰিপথাৰ প্ৰাথমিক বিদ্যালয়

তথ্যসূত্ৰ[সম্পাদনা কৰক]